ETV Bharat / state

ৰাজ্যত ২৫ বছৰীয়া বিত্তীয় অৰাজকতা, হিচাপ নাই ২.১৫ লাখ কোটিৰ - ইণ্ডিয়ান অডিট এণ্ড একাউন্টছ ডিপাৰ্টমেন্ট

২৫ বছৰ ! ঘটনা বহুল এই সময়ছোৱাত বহু ঘটনাই ঘটি গৈছে অসমত । তাৰ মাজতে প্ৰতিটো বিত্তীয় বৰ্ষতে সংঘটিত হৈছে ইটোৰ পিছত সিটো দুৰ্নীতি। যোৱা তিনিটা দশকত প্ৰতিটো বিত্তীয় বৰ্ষত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ।‌‌ COMPTROLLER AND AUDITOR GENERAL OF INDIAই উদঙাইছে এই ভয়াৱহ তথ্য ।‌

CAG report on Financial irregularities
ৰাজ্যত ২৫ বছৰীয়া বিত্তীয় অৰাজকতা
author img

By

Published : Jul 27, 2021, 1:37 PM IST

গুৱাহাটী, ২৭ জুলাই: ১৯৯৪-৯৫ চনৰ বিত্তীয় বৰ্ষৰ পৰা ২০১৮-১৯ চনৰ বিত্তীয় বৰ্ষলৈ মুঠ ২৫টা বৰ্ষত অসম চৰকাৰৰ ৫৫টা বিভাগে হিচাপ দিব পৰা‌ নাই ২,১৫,২৮৬ কোটি টকাৰ । শেহতীয়াকৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ (Assembly Budget Session) মজিয়াত এই তথ্য দাখিল কৰিছে COMPTROLLER AND AUDITOR GENERAL OF INDIAই । সংবাদ মাধ্যমত এতিয়াও বৰকৈ চৰ্চা নোহোৱা এই তথ্যই সচেতন নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ ইণ্ডিয়ান অডিট এণ্ড একাউন্টছ ডিপাৰ্টমেন্টৰ 'কেগ'ৰ আৰ্থ-সামাজিক(ৰাজহুৱা প্ৰতিষ্ঠানৰ বাহিৰে) খণ্ডৰ প্ৰতিবেদনে আঙুলিয়াই দিছে যে ১৯৯৪-৯৫ চনৰ পৰা ২০১৮-১৯ৰ বিত্তীয় বৰ্ষলৈ অসম চৰকাৰে ২,১৫,২৮৬ কোটি টকাৰ হিচাপ দিব পৰা‌ নাই ।

এই প্ৰতিবেদনৰ মতে, এই বৃহৎ পৰিমাণৰ ৰাজহুৱা পুঁজি অপচয়ৰ বিপৰীতে সংস্থাটোৱে যোৱা ২৫ বছৰত মুঠ ২৭৩৪ টা ইন্সপেকছন ৰিপ'ৰ্ট(Inspection Report) প্ৰস্তুত কৰিছিল । সেই ৰিপ'ৰ্টৰ বিপৰীতে পুঁজিৰ হিচাপ‌ নিদিয়া বিভাগসমূহক কাৰণ দৰ্শাবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল । কিন্তু ৰাজ্যৰ অধিকাংশ বিভাগেই সংস্থাটোৰ তেনে চিঠিৰ উত্তৰ দিয়াত যোৱা ২৫টা বছৰে ব্যৰ্থ হৈছে । আঢ়ৈটা দশকত ২.১৫ লাখ কোটিতকৈও অধিক ৰাজহুৱা পুঁজিৰ হিচাপ দাখিল কৰিব নোৱাৰা বিভাগসমূহৰ ভিতৰত আছে ‌‌লোক নিৰ্মাণ বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, জল সম্পদ বিভাগ, জলসিঞ্চন, জল পৰিবহণ, গ্ৰামোন্নয়ন আদি বিভাগ ।‌

মনকৰিবলগীয়া যে, ৰাজ্যৰ তিনিখন ষষ্ঠ অনুসূচী (6th Schedule) জিলা ক্ৰমে বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ (BTR), কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ (Karbi Anglong Autonomous Council) আৰু ডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ (Dima Hasao Autonomous Council) ভিতৰচ'ৰাত সংঘটিত ব্যাপক বিত্তীয় অনিয়মো উল্লিখিত পুঁজিত সোমাই আছে বুলি দিছপুৰৰ এক সূত্ৰই জানিবলৈ দিছে ।‌

এই বৃহৎ পৰিমাণৰ পুঁজিৰ বিপৰীতে ৰাজ্যৰ কম-বেছি পৰিমাণে প্ৰতিটো বিভাগে যি অনিয়ম সংঘটিত কৰিছে তাৰ ভিতৰত আছে নগদ ধনৰ লেনদেন, প্ৰকল্প ৰূপায়ণৰ প্ৰমাণ পত্ৰ দাখিল নকৰা, আগধন লৈ হিচাপ দাখিল নকৰা আদিৰ গুৰুতৰ অভিযোগ । ইয়াৰ বাহিৰেও 'অন্যান্য' কাৰণত মুঠ ১৬৩০৪৫.৩৬ কোটি টকাৰ হিচাপ দিব পৰা নাই বিভিন্ন বিভাগে, যি ৰহস্যজনক ।‌

মনকৰিবলগীয়া যে, এই বৃহৎ পৰিমাণৰ ৰাজহুৱা পুঁজিৰ অপচয় আৰম্ভ হৈছিল ১৯৯৪ চনৰ কংগ্ৰেছ চৰকাৰ দিনত ৷ ইয়াৰ উপৰিও ১৯৯৬-২০০১ চনৰ প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ, ২০০১-২০১৬ চন পৰ্যন্ত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ আৰু ২০১৬- ২০২১ৰ সৰ্বানন্দ সোণোৱাল‌ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত । অতি লক্ষণীয়ভাৱে, এখনো চৰকাৰ তথা প্ৰশাসনে উল্লিখিত বৃহৎ পৰিমাণৰ ৰাজহুৱা পুঁজিৰ হিচাপ দিয়াৰ প্ৰয়োজন বোধ কৰা‌ নাই ।

লগতে পঢ়ক:উপেক্ষিত সোণাৰিবাসী : পথ মেৰামতিৰ বাবে ৰাজপথত এদল যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.