ETV Bharat / state

দেওবাৰে অনুষ্ঠিত হ'ব সোণোৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক

author img

By

Published : Dec 12, 2020, 1:54 PM IST

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই দেওবাৰে ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ৷ দেওবাৰে বিয়লি 3 বজাত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসগৃহতে অনুষ্ঠিত হ'ব কেবিনেট বৈঠকখন ।

সোণোৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক

গুৱাহাটী, ১২ ডিচেম্বৰ: শনিবাৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই কাইলৈ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক । স্বাভাৱিকতে এই কেবিনেট বৈঠকে তাৎপৰ্য বহন কৰিছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক সুত্ৰই ইটিভি ভাৰতৰ সাংবাদিকক জানিবলৈ দিয়া মচে, দেওবাৰে বিয়লি 3 বজাত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তেওঁৰ চৰকাৰী বাসগৃহতে অনুষ্ঠিত হ'ব কেবিনেট বৈঠকখন ।

দিছপুৰৰ আন এক সুত্ৰই প্ৰকাশ কৰা মতে, দেওবাৰৰ কেবিনেটত বিভিন্ন বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত অনুমোদন জনোৱা হ'ব । আনহাতে, "কা" বিৰোধী আন্দোলনে যিহেতু ইতিমধ্যে পুনৰ গা কৰি উঠিছে গতিকে এই আন্দোলন প্ৰশমনৰ বাবেও কেতবোৰ ব্যৱস্থাত কেবিনেটে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে । সমান্তৰালভাৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিও আন কেইবাটাও সিদ্ধান্ত গৃহীত হ'ব পাৰে দেওবাৰৰ কেবিনেটত ।

লগতে পঢ়ক: কোন হ'ব বি টি চিৰ মুৰব্বী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.