গুৱাহাটী, ২৭ জানুৱাৰী : অসমত ১০ মাৰ্চৰ পূৰ্বেই পৌৰ নিৰ্বাচন (Municipal election of Assam)অনুষ্ঠিত হোৱাটো বিচাৰিছে ৰাজ্য চৰকাৰে । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ এখন বৈঠকত (Cabinet meeting of Assam govt) এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় । কেবিনেটৰ অন্তত এই বৈঠকৰ সিদ্ধান্ত সমূহ সংবাদ মাধ্যমৰ আগত অৱগত কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে বৈঠকৰ এই প্ৰস্তাৱ মৰ্মেই ১০ মাৰ্চৰ পূৰ্বে পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰে নিৰ্বাচন আয়োগক অনুৰোধ জনাব ।
![Cabinet meeting of Assam govt](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-cabinet-meeting-7206058_27012022141930_2701f_1643273370_927.jpeg)
আনহাতে, কেবিনেটে আগন্তুক ১৪ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপাললৈ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । একেদৰে কেবিনেটে গ্ৰহণ কৰে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাৰ সময়ত কোনো পথতেই দুই মিনিটতকৈ অধিক সময় অন্যান্য যান-বাহন আৱদ্ধ কৰি ৰাখিব নোৱাৰিব ।
গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্ৰীৰ কনভয়ত থাকিব ১২ খন বাহন । আনহাতে, তামুলপুৰক নতুন জিলা হিচাপে কেবিনেটে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে । ঠিক একেদৰে এতিয়াৰে পৰা প্ৰতিখন জিলাৰে প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব আৰু সেই দিনটোত জিলাখনৰ বিশিষ্ট নাগৰিকসকলক সম্বৰ্ধনা জনোৱা হ'ব ।
লগতে পঢ়ক :ভূপেন বৰা পানী নথকা ফায়াৰ ব্ৰীগেড : পীযুষ হাজৰিকা