গুৱাহাটী,13 জানুৱাৰীঃ সোমবাৰে অনুষ্ঠিত হৈছে অসম বিধানসভাৰ জৰুৰীকালীন অধিৱেশন ৷ সোমবাৰে পুৱা 9.30 বজাত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হৈছে অধিৱেশনখন ৷ আনাহতে,অধিৱেশনৰ আৰম্ভণিৰ পৰাই বিধানসভাৰ মজিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু এ আই ইউ ডিএফৰ বিধায়কসকলে বিধানসভাৰ বাহিৰত বহি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

উল্লেখ্য যে,বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই স্পষ্ট কৰি দিছিল যে,কেন্দ্ৰীয় চৰকাৰে জাতি ধ্বংসী এই আইনখন জনসাধাৰণৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিছে ৷ ই কেতিয়াও মানি লোৱা নহয় ৷ ইয়াৰ বিৰুদ্ধে সোমবাৰৰ অধিৱেশনৰ মজিয়াত সৰৱ ভূমিকা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছিল শইকীয়াই ৷

লগতে পঢ়ক-বৰফৰ শুভ্ৰ দলিচাৰে মায়াময় মায়’ডিয়া