ETV Bharat / state

উপ-নিৰ্বাচন : ৰাজনীতিকৰ ক্ষমতাৰ লালসাই অপচয় কৰিব ৰাইজৰ ধন ! - উপ নিৰ্বাচনৰ প্ৰস্তুতি

ক’ভিড (Covid) পৰিস্থিতিয়ে জনজীৱনত সৃষ্টি কৰা‌ চৰম অচলাৱস্থাৰ মাজতে অসমবাসীৰ ৰাজহৰ পুঁজিৰে অনুষ্ঠিত হ’ব 7 টাকৈ বিধানসভাৰ উপ-নিৰ্বাচন (By Election) । ইয়াৰে ভিতৰত চাৰিটা সমষ্টিৰ উপ-নিৰ্বাচন অসমবাসীৰ বাবে ‌‌কেতিয়াও প্ৰত্যাশিত নাছিল । কিন্তু সেয়া এতিয়া ৰাজ্যৰ ৰাজনীতিত বাস্তৱ ।

preparation for by election
উপ-নিৰ্বাচনৰ প্ৰস্তুতি
author img

By

Published : Aug 2, 2021, 8:00 PM IST

Updated : Aug 2, 2021, 8:25 PM IST

গুৱাহাটী,2 আগষ্ট : চলিত বৰ্ষৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ৰাজ্যৰ বিধানসভা নিৰ্বাচন (Assam Assembly Election)ৰ পাচতে এতিয়া আকৌ 7 টা সমষ্টিত উপ-নিৰ্বাচন (By Election) অনুষ্ঠিত হোৱাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সৃষ্টি হৈছে । শীঘ্ৰেই অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে নিৰ্বাচন আয়োগ (Election Commissioner) । নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হৈছে- গোসাঁইগাঁও, তামুলপুৰ, মাজুলী, মৰিয়নী, থাওৰা আৰু ওদালগুৰি সমষ্টি । ইয়াৰে গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিৰ পৰা বিগত নিৰ্বাচনত বিজয় সাব্যস্ত কৰা‌ জনপ্ৰতিনিধি দুগৰাকীয়ে অকাল মৃত্যুক সাৱটিৱলগীয়া হোৱাত সমষ্টি দুটাত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । এই উপ-নিৰ্বাচন সন্দৰ্ভত কাৰো একো ক’বলগীয়া নাই ।

আনহাতে, মাজুলী সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)য়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰিৱৰ্তে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লোৱাত সমষ্টিটোত উপ-নিৰ্বাচন হোৱাতো নিশ্চিত । অৱশ্যে তাৰ পূৰ্বে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাচতহে মাজুলীৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । আচলতে এই উপ-নিৰ্বাচনো অনাকাংক্ষিত আছিল যদিও এক ৰাজনৈতিক পৰিঘটনা হিচাপে অসমবাসীয়ে হয়তো বিষয়টো মানি ল’ব ।

কিন্তু ৰাজ্যবাসীৰ মাজত বিশেষভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আন চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰেক্ষাপটে । এই চাৰিটা সমষ্টি হল- মৰিয়নী, থাওৰা, ওদালগুৰি আৰু ভৱানীপুৰ ।‌‌

মৰিয়নী আৰু থাওৰা সমষ্টিৰ দুই কংগ্ৰেছী বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী (Sushanta Borgohain) আৰু সুশান্ত বৰগোহাঁই (Sushanta Borgohain)য়ে শাসকীয় দল বিজেপি (BJP)ত যোগ দিয়াৰ তাগিদাত সমষ্টিবাসীৰ সিদ্ধান্তক অগ্ৰাহ্য কৰি বিধায়ক পদ ত্যাগ কৰাৰ পাচত এই দুয়োটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । কেৱল সমষ্টিবাসীয়েই নহয়, সমগ্ৰ ৰাজ্যবাসীয়েই যেন মানি ল’ব পৰা নাই এই দুই ৰাজনৈতিক নেতাৰ জন বিৰোধী সিদ্ধান্তক । ঠিক একেদৰে, ওদালগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত UPPL দলৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে মন্ত্ৰিত্ব নোপোৱাৰ পাচত তেওঁ পূৰ্বতে BTCৰ পাৰিষদ হিচাপে পোৱা উপ মুখ্য কাৰ্যবাহীৰ দায়িত্ব অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে ।‌‌

লগতে পঢ়ক : সৰ্বানন্দ বিহীন মাজুলীত কোনে বিলাব আনন্দ ?

এনে ক্ষেত্ৰত ওদালগুৰি সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হ’ব ।‌‌ এক‌ সূত্ৰৰ মতে, অতি সোনকালেই BPFৰ নেতা ৰিহন দৈমাৰীয়ে বিজেপিত যোগ দিব আৰু শাসকীয় দলটোৱে তেওঁক প্ৰাৰ্থিত্ব দি নিৰ্বাচিত কৰিব । এক অনাকাংক্ষিত উপ-নিৰ্বাচনৰ প্ৰেক্ষাপট সৃষ্টি হৈছে ভৱানীপুৰ সমষ্টিত । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ইতিমধ্যে ঘোষণা কৰিছে যে, ভৱানীপুৰ সমষ্টিৰ AIUDFৰ বিধায়ক ফণী তালুকদাৰে বিজেপিত যোগদান কৰাৰ‌ ইচ্ছা প্ৰকাশ কৰিছে ।

হয়তো শীঘ্ৰেই বিধায়ক তালুকদাৰেও ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইৰ দৰে বিধায়ক পদ ত্যাগ কৰিব আৰু সমষ্টিবাসীক আৰু এটা নিৰ্বাচনৰ বোজা বহন কৰাৰ বাবে বাধ্য কৰিব ।

মন কৰিবলগীয়া যে, দেশৰ ৰাজনীতিত শেহতীয়াকৈ নিৰ্বাচিত প্ৰতিনিধিৰ দলৰ পৰিৱৰ্তন অতি লক্ষণীয় হৈ পৰিছে । কেৱল ক্ষমতাৰ স্বাৰ্থত বাৰে বাৰে ৰাজনীতিকে ভোটাৰক অপমান কৰিছে । এই ক্ষেত্ৰত বিভিন্ন সংগঠনে মাত মাতি আহিছে যদিও তেনে কথাই কাম দিয়া নাই ।‌‌ এছ’চিয়েশ্যন ফ’ৰ ডেম’ক্ৰেটিক ৰিৰ্ফমছৰ জ্যেষ্ঠ কৰ্মী তছদ্দুক আৰিফে জনোৱা মতে, এনে কথাই সাধাৰণ জনতাৰ কৰৰ টকাৰ অপব্যৱহাৰ কৰি আহিছে । বহু ৰাজনীতিকে নিজৰ অপৰাধ বা দুৰ্নীতিৰ গাপ দিবলৈ শাসকীয় দলত যোগ দিয়াতো এটা নিয়মত পৰিণত হৈছে । আৰিফে কয় যে, এই সন্দৰ্ভত নেশ্যনেল ল’ কমিশ্যন (National Law Commission)য়ে কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল যদিও বিষয়টো দেশৰ সংসদত আলোচনা আজি পৰ্যন্ত হোৱা নাই ।

নিৰ্বাচন আয়োগৰ এক শীৰ্ষ সূত্ৰৰ মতে, ৰাজ্যত অনুষ্ঠিত লোকসভা আৰু বিধানসভা নিৰ্বাচনত এক বৃহৎ পৰিমাণৰ ৰাজহুৱা পুঁজি বায় হৈ আহিছে । লোকসভা নিৰ্বাচনত হোৱা খৰচৰ 50 শতাংশ টকা কেন্দ্ৰীয় চৰকাৰে আৰু আন 50 শতাংশ খৰচ কৰে ৰাজ্য চৰকাৰে । শেহতীয়াকৈ অনুষ্ঠিত হোৱা 2019 চনৰ লোকসভা আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত হোৱা চৰকাৰৰ খৰচ চালে দেখা যায় যে, প্ৰতিটো বিধানসভা নিৰ্বাচনত ৰাজ্য চৰকাৰে নূন্যতম ডেৰ কোটি টকাৰ পৰা তিনি কোটি টকা পৰ্যন্ত খৰচ কৰে ।‌‌

আনহাতে নিৰ্বাচনৰ বাবে চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত কেইবাটাও কৰ্ম দিনৰ লোকচান হয় । আনহাতে, নিৰ্বাচনৰ প্ৰাৰ্থীসকলে খৰচ কৰা‌ বৃদ্ধি পৰিমাণৰ ধনৰ কথা আছেই ।‌

কিন্তু চৰকাৰ‌ আৰু সামগ্ৰিকভাৱে জনসাধাৰণে মূল্য ভৰিবলগীয়া হোৱা এই উপ-নিৰ্বাচনৰ ব্যয়ক লৈ অকণো মূৰ ঘমোৱা নাই ৰাজনৈতিক নেতাসকলে ।‌‌ ৰাজ্যৰ আৰ্থিক অৱস্থা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল বুলি‌ মন্তব্য কৰিও খোদ মুখ্যমন্ত্ৰীয়ে বিৰোধী দলৰ বিধায়কসকলক বিধায়ক পদ ত্যাগ কৰাৰ বাবে উৎসাহিত কৰাহে পৰিলক্ষিত হৈছে । মুখ্যমন্ত্ৰীগৰাকীৰ এনে ভূমিকাত ক্ষুন্ন হৈছে সচেতন ভোটাৰ ৰাইজ ।

লগতে পঢ়ক : উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বিজেপিয়ে গঠন কৰিলে বিশেষ সমিতি

Last Updated : Aug 2, 2021, 8:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.