ETV Bharat / state

Businessman shot dead in Guwahati: মহানগৰীত আততায়ীৰ গুলীচালনাত ব্যৱসায়ীৰ মৃত্যু

author img

By

Published : Feb 22, 2022, 6:57 AM IST

মহানগৰীত শেহতীয়াভাৱে বৃদ্ধি পাইছে অপৰাধৰ ঘটনা । গুৱাহাটীৰ বৰবাৰীত সোমবাৰৰ পুৱা এজন ব্যৱসায়ীক ছুৰীকাঘাট কৰাৰ চাঞ্চল্য মাৰ নৌযাওতেই নিশা মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ গুলী চালনাৰ ঘটনা (Businessman shot dead in Guwahati) ৷

মহানগৰীত আততায়ীৰ গুলীচালনাত ব্যৱসায়ীৰ মৃত্যু

গুৱাহাটী,22 ফেব্ৰুৱাৰী: মহানগৰীত শেহতীয়াভাৱে বৃদ্ধি পাইছে অপৰাধৰ ঘটনা । গুৱাহাটীৰ বৰবাৰীত সোমবাৰৰ পুৱা এজন ব্যৱসায়ীক ছুৰীকাঘাট কৰাৰ চাঞ্চল্য মাৰ নৌযাওতেই নিশা মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ গুলী চালনাৰ ঘটনা । ঘটনাটো সংঘটিত হয় নিশা ৮.৩০ বজাত । বাইকত অহা দুজন অস্ত্ৰধাৰী যুৱকে ছাত্ৰীবাৰীত এজন ব্যৱসায়ীক গুলী চালনা কৰি হত্যাৰ চেষ্টা কৰে ।

গুলীবিদ্ধ ব্যৱসায়ীজন অৱদেশ যাদৱ বুলি জানিব পৰা গৈছে । পেচাত যাদৱ গুটখা ব্যৱসায়ী । দোকান বন্ধ কৰি নিশা ঘৰত প্ৰৱেশ কৰাৰ আগমূহুৰ্তত বাইকত অহা দুজন অস্ত্ৰধাৰী যুৱকে অৱদেশ যাদৱক গুলীয়ায় । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আদেশক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় যদিও তেওৰ মৃত্যু হয় (Businessman shot dead in Guwahati) । প্ৰত্যক্ষদৰ্শীয়ে বাইকত অহা দুজন অস্ত্ৰধাৰীক ধৰাৰ চেষ্টা কৰে যদিও বাইক এৰি যুৱক দুজন পলায়ন কৰে । বৰ্তমানেও সমগ্ৰ ঘটনা ৰহস্যময় হৈ আছে ।

ইপিনে গুৱাহাটীৰ বৰবাৰীত পুৱা এক চাঞ্চল্যকৰ ছুৰীকাঘাতৰ ঘটনা সংঘটিত হয় । এপেকেট গুটখাৰ বাবেই এজন যুৱকক ছুৰিৰে আক্ৰমণ কৰিলে এজন দোকানীয়ে (Youth Stabbed By Shopkeeper) । মইনুল আলী নামৰ দোকানীজনৰ আক্ৰমণত আহত হয় যুৱকজন । আহত গ্ৰাহকজনৰ নাম আছিল মনোজ ৰংপি । ঘটনাৰ পিছতে মইনুল আলীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে । ঘটনাৰ পিছৰে পৰা বৰ্তমানেও পলাতক অৱস্থাত আছে দোকানী মইনুল আলী ৷

লগতে পঢ়ক: নগাঁৱত গুণ্ডাকৰ বিচাৰি টেম্পু চালকক হাৰাশাস্তি কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.