ETV Bharat / state

উত্তৰ প্ৰদেশ পালেগৈ শ্ব'হাম শ্বপিৰ স্বত্বাধিকাৰী সন্দীপ জালান - OWNER OF SOHUM SHOPPE MISSING GUWAHATI ASSAM ETV BHARAT NEWS

মঙলবাৰে সন্ধিয়া খোজকাঢ়িবলৈ যোৱাৰ পৰাই সন্ধান নাই সন্দীপ জালানৰ । উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এটা মন্দিৰত সন্দীপ জালানে আশ্ৰয় লোৱাৰ তথ্য লাভ কৰা হৈছে । এই সন্দৰ্ভত অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে । জানিব পৰা মতে অতি শীঘ্ৰে তেওঁক অসমলৈ লৈ অনা হ'ব ।

উত্তৰ প্ৰদেশ পালেগৈ শ্ব'হাম শ্বপিৰ স্বতাধিকাৰী সন্দীপ জালান

author img

By

Published : Jun 24, 2021, 4:12 PM IST

গুৱাহাটী, 24 জুন : গুৱাহাটীৰ অভিজাত ব্যৱসায়িক প্ৰতিষ্ঠান শ্ব’হাম শ্বপি (Sohum Shoppe)ৰ স্বত্বাধিকাৰী সন্দীপ জালানৰ সন্ধান পোৱা গৈছে উত্তৰ প্ৰদেশৰ বাৰাণসীত । সন্দীপ জালানে বাৰাণসীৰ এটা মন্দিৰত আশ্ৰয় লৈ থকাৰ তথ্য পোৱা গৈছে । সন্দীপ জালানৰ সন্দৰ্ভত অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে ।

জানিব পৰা মতে, অতি শীঘ্ৰে তেওঁক অসমলৈ লৈ অনা হ'ব । অৱশ্যে তেওঁ কিয় আত্মগোপন কৰি আছিল সেই সন্দৰ্ভত এতিয়ালৈকে সবিশেষ জানিব পৰা নাই । সমগ্ৰ ঘটনাটো এতিয়াও ৰহস্যৰ আৱৰ্তত আছে ।

উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া ভাগৰ পৰাই সন্ধানহীন (missing) হৈ আছিল গুৱাহাটীৰ অভিজাত ব্যৱসায়িক প্ৰতিষ্ঠান শ্ব'হাম শ্বপিৰ (Sohum Shoppe) স্বত্বাধিকাৰী সন্দীপ জালান ৷

মঙলবাৰে সন্ধিয়া প্ৰায় 7 বজাৰ পৰাই নিখোজ হৈ আছিল শ্ব'হাম শ্বপিৰ স্বত্বাধিকাৰী সন্দীপ জালান । মঙলবাৰে সন্ধিয়া খোজকাঢ়িবৰ বাবে ওলাই গৈছিল সন্দীপ জালান আৰু তেতিয়াৰে পৰাই তেওঁৰ কোনো সন্ধান লাভ কৰা নাছিল ব্যৱসায়ীগৰাকীৰ । চাইকেল চলাই এখন হোটেললৈ অহা সন্দীপ জালানে হোটেলৰ পৰা ওলাই পুনৰ শ্ব'হাম শ্বপিলৈ গৈছিল বুলি জানিব পৰা গৈছে । তাৰ পৰা এটা বেগত কাপোৰ ভৰাই তেওঁ ওলাই আহিছিল ।

আনহাতে, ম'বাইল ট্ৰেক (mobile track) অনুসৰি ছয়গাঁৱত পোৱা গৈছিল তেওঁৰ শেহতীয়া অৱস্থিতি । কিন্তু তেতিয়াও তেওঁৰ সন্দৰ্ভত পৰিয়ালৰ লোকে বিশেষ কোনো তথ্য প্ৰকাশ কৰা নাই । মঙলবাৰৰ পৰা ব্যৱসায়ীজনৰ সন্ধানত অসম আৰক্ষীয়ে (Assam Police) অভিযান অব্যাহত ৰাখিছিল । সান্ধ্য আইনৰ মাজতে গুৱাহাটীৰ মাজমজিয়াৰ পৰা এগৰাকী ব্যৱসায়ী নিৰুদ্দেশ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: মহানগৰীৰ শ্ব'হাম শ্বপিৰ স্বত্বাধিকাৰী সন্ধানহীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.