ETV Bharat / state

গ্ৰীণ জ'নত লক্ ডাউন শিথিল কৰাৰ সিদ্ধান্তক আদৰণি ফাঁচি বজাৰৰ ব্যৱসায়ীৰ

গ্ৰীণ জ'নত কেন্দ্ৰ চৰকাৰে লক্ ডাউন শিথিল কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে ব্যৱসায়ী সকলে । গ্ৰীণ জ'নৰ শিথিলতাই ৰাইজক কিছু সকাহ প্ৰদান কৰিব যদিও ৰাইজ সচেতন হৈ থকাটো অতিকৈ প্ৰয়োজন । গ্ৰীণ জ'নৰ শিথিলতা আশীৰ্বাদৰ পৰিৱৰ্তে অভিশাপ যাতে নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব জনসাধাৰণে ৷

author img

By

Published : May 3, 2020, 11:13 AM IST

buisnessmen welcome relief restriction on green zone
গ্ৰীণ জ'নত লক্ ডাউন শিথিল কৰাৰ সিদ্ধান্তক আদৰণি ব্যৱসায়ীসকলৰ

গুৱাহাটী,3 মে'ঃবিশ্বজুৰি কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ বাবে বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰততো অব্যাহত আছে লক্ ডাউন। দেওবাৰে অন্ত পৰিব ভাৰতত দ্বিতীয় পৰ্যায়ৰ লক্ ডাউনৰ ৷ কিন্তু কেন্দ্ৰ চৰকাৰে ৪ মে'ৰ পৰা ১৭ মে' পৰ্যন্ত বৃদ্ধি কৰিছে লক্ ডাউনৰ সময়-সীমা । ৪ মে'ৰ পৰা দেশত তৃতীয় পৰ্যায়ৰ লক্ ডাউন আৰম্ভ হ'ব যদিও জনসাধাৰণৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশৰ অঞ্চল সমূহক তিনিটা জ'নত বিভক্ত কৰি ৰাইজক কিছু সকাহ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ৰেড, অ'ৰেঞ্জ আৰু গ্ৰীণ জ'নত দেশৰ অঞ্চল সমূহ বিভক্ত কৰি চৰকাৰে গ্ৰীণ জ'নত থকা অঞ্চল সমূহত স্বাভাৱিক জীৱন যাপন ঘূৰাই অনাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে। গ্ৰীণ জ'নত থকা অঞ্চল সমূহত দোকান-পোহাৰ খোলাৰ লগতে কিছুমান নিৰ্দেশনাৰ অন্তৰ্গত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত চৰকাৰে শিথিলতা প্ৰদান কৰিছে। কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে গুৱাহাটী মহানগৰৰ ব্যৱসায়ী সকলে।

ব্যৱসায়ীসকলে আশা প্ৰকাশ কৰিছে গ্ৰীণ জ'নত দোকান-পোহাৰ খোলাৰ ফলত ব্যৱসায়ী সকলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা ৰাইজে কিছু সকাহ লাভ কৰিব। ব্যৱসায়ী সকলে দোকান-পোহৰৰ লগতে কিছুমান অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰতো চৰকাৰে কিছু শিথিলতা প্ৰদান কৰিব লাগে বুলি আশা প্ৰকাশ কৰিছে। বৰ্তমান চিকিৎসাৰ ক্ষেত্ৰতে হওক বা অন্য কিছুমান ঘৰুৱা সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজ অসুবিধাৰ সন্মুখীন হৈছে। কৰ'ণা ভাইৰাছৰ বাবে অব্যাহত থকা এই দীঘলীয়া লক্ ডাউনৰ ফলত বিধস্ত হৈ যোৱা দেশৰ অৰ্থনীতিক গ্ৰীণ জ'নৰ শিথিলতাই পুনৰ উৰ্ধগামী কৰিবলৈ সক্ষম নহ'ব যদিও ব্যৱসায়ী সকলে কিছু পৰিমাণ হ'লেও ৰক্ষা পৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে ব্যৱসায়ী সকলে।

লগতে ব্যৱসায়ীসকলে উল্লেখ কৰে যে, গ্ৰীণ জ'নৰ শিথিলতা মানে এইটো নহয় যে আমি কৰ'ণা মুক্ত হৈছোঁ আৰু নীতি-নিয়ম উলংঘ কৰি ৰাজপথলৈ ওলাই আহিম। সকলো সম্পূৰ্ণ সচেতন হ'ব লাগিব, সামাজিক দূৰত্ব বজাই, মাস্ক পৰিধান কৰি লক্ ডাউনৰ সকলো নিৰ্দেশনা মানি চলিব লাগিব বুলিও মন্তব্য কৰে ব্যৱসায়ী সকলে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.