ETV Bharat / state

৫ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

Budget session 2024 : ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ ৫-২৮ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব বাজেট অধিৱেশন ৷ ১২ ফেব্ৰুৱাৰীত ২০২৪-২৫ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰিব । বৃহস্পতিবাৰে অসম বিধানসভা সচিবালয়ে সদৰী কৰিছে অধিৱেশনৰ কাৰ্যাৱলী ৷

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 8:53 PM IST

Budget session of Assam Assembly to begin on February 5th
৫ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

গুৱাহাটী, ১১ জানুৱাৰী : অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে ২০২৪ বৰ্ষৰ বাজেট আধিৱেশন অনুষ্ঠিত হ'ব । বৃহস্পতিবাৰে এই সন্দৰ্ভত অসম বিধানসভা সচিবালয়ে সদৰী কৰিছে অধিৱেশনৰ কাৰ্যাৱলী ৷ পৰম্পৰাগতভাৱেই এইবাৰো অসমৰ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশন ৷ কাৰ্যসূচী অনুসৰি, ৫ ফেব্ৰুৱাৰী সোমবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত আছে ভাৰতীয় সংবিধানৰ ১৭৬ (১) অনুচ্ছেদৰ অধীনত ৰাজ্যপালৰ ভাষণ, লগতে আছে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্রস্তাৱ ৷

অধ্যক্ষই অসম বিধানসভাৰ ২০২৪ চনৰ বাজেট অধিৱেশনৰ কাৰ্যসূচীত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্রতিবেদন ঘোষণা কৰা, অধ্যাদেশ দাখিল, প্রতিবেদন নিয়মাৱলী দাখিল, বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি-পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্রস্তাৱ, চৰকাৰী বিধেয়ক উপস্থাপন আদি কাৰ্যসূচী আছে অধিৱেশনৰ প্ৰথম দিনটো ।

৬ আৰু ৭ ফেব্ৰুৱাৰীত প্রশ্নোত্তৰ কালৰ লগতে লগতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ সম্পৰ্কত আছে আলোচনা । ৮ ফেব্রুৱাৰীত আছে প্রশ্নোত্তৰ কালৰ উপৰিও আছে ২০২৩-২৪ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবীসমূহৰ ওপৰত ভোটদান, ২০২৪ চনৰ অসম বিনিযোজন বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ ।

একেদৰে ১ ফেব্ৰুৱাৰীত প্রশ্নোত্তৰ আৰু চৰকাৰী বিধেয়ক উত্থাপন কৰিব । ১০ আৰু ১১ ফেব্ৰুৱাৰীত বন্ধ থাকিব সদন । ১২ ফেব্ৰুৱাৰীত আছে প্ৰশ্নোত্তৰ আৰু অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষটোৰ বাবে বার্ষিক বিত্তীয় প্র-বিৱৰণি (প্রাককলিত বাজেট) উত্থাপন । ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত বাজেটৰ ওপৰত হ’ব সাধাৰণ আলোচনা ।

১৫-২০ ফেব্ৰুৱাৰীলৈকে বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে জিৰণি দিন । ২১ ফেব্ৰুৱাৰীত পুনৰ প্ৰশ্নসমূহ আৰু বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতিসমূহৰ প্ৰতিবেদন দাখিল তথ্য মঞ্জুৰীৰ বাবে ভোটদান হ’ব । ২২ ফেব্রুৱাৰীত প্ৰশ্নোত্তৰ মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত ভোটদান আৰু ২০২৪ চনৰ অসম বিনিয়োজন বিধেয়কখন উত্থাপন, বিবেচনা আৰু পাৰিতকৰণ । ২৩ ফেব্রুৱাৰীত আছে বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী । ২৪-২৫ ফেব্রুৱাৰীত সদন বন্ধ থাকিব ।

পুনৰ ২৬ ফেব্ৰুৱাৰী সোমবাৰে চৰকাৰী কাৰ্যসূচী অনুসৰি প্ৰশ্নোত্তৰ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ । ২৭ ফেব্ৰুৱাৰীত বে-চৰকাৰী সদস্যৰ কাৰ্যসূচীত প্রশ্নোত্তৰ আৰু সদস্যৰ সময়, বিধেয়ক, বিশেষ প্রস্তাৱ, সংকল্প প্রস্তাৱ ইত্যাদি । ২৮ ফেব্ৰুৱাৰীত বুধবাৰে অন্তিম দিনৰ কাৰ্যসূচীত আছে প্রশ্নোত্তৰ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ, অসমাপ্ত চৰকাৰী কাৰ্যসূচীসমূহ আৰু অনির্দিষ্ট কালৰ বাবে স্থগিত হ’ব সদন ৷ নৱনিৰ্মিত বিধানসভাত অনুষ্ঠিত হ’ব সদনৰ বাজেট অধিৱেশনৰ সকলো কাৰ্যসূচী ৷

লগতে পঢ়ক : ন্যায় যাত্ৰাত বাধা ! গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.