গুৱাহাটী , ৬ মাৰ্চঃ "এইখন বাজেটৰ দ্বাৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাখিল কৰা বাজেটখনক নকল কৰাৰ চেষ্টা চলোৱা হৈছে । এয়া অত্যন্ত দুৰ্ভাগ্যজনক । কিন্তু তেনেকুৱা হৈ নুঠিল ।" এই মন্তব্য এ আই ইউ ডি এফৰ জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামৰ । শুকুৰবাৰে বিধানসভাত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২০-২১ বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছত বাজেট সন্দৰ্ভত বিধায়ক ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বাজেটখনত কেৱল আচনিৰহে প্ৰতিফলন ঘটিছে ৷ নতুন নিযুক্তিৰ কথা চৰকাৰে এৰাই চলিছে । চৰকাৰে ৩০ ইউনিটকৈ বিদ্যুৎ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতিৰে কেজৰিৱালক নকল কৰিছে । তাতকৈ ২৪ ঘন্টাই অসমবাসীয়ে বিদ্যুৎ লাভ কৰাটোহে বেছিকৈ দৰকাৰী বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।
কেজৰিৱালৰ বাজেটক নকল কৰাৰ বৃথা চেষ্টাঃ বিধায়ক ৰফিকুল ইছলাম - ২০২০-২১ বৰ্ষৰ বাজেটক লৈ মন্তব্য
শুকুৰবাৰে বিধানসভাত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ২০২০-২১ বৰ্ষৰ বাজেট দাখিল কৰাৰ পাছত বাজেট সন্দৰ্ভত বিধায়ক ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বাজেটখনত কেৱল আচনিৰহে প্ৰতিফলন ঘটিছে ৷