গুৱাহাটী ,১ছেপ্টেম্বৰ: স্বাধীনতাৰ অমৃত মহোৎসৱৰ(Azadi Ka Amrit Mahotsav)অধীনত আয়োজিত অনুষ্ঠানৰ অংশৰূপে গুৱাহাটীত সীমান্ত সুৰক্ষা বাহিনীৰ 'জানবাজ আৰু সীমা ভৱানী'মটৰ চাইকেল(Jaanbaaz and Seema Bhavani)দলৰ সাহসী অনুষ্ঠান প্ৰদৰ্শন কৰা হয় । উক্ত অনুষ্ঠানত বাহিনীটোৰ ৩৪ গৰাকী পুৰুষ আৰু মহিলা মটৰচাইকেল চালকে অংশগ্ৰহণ কৰে ।
বৃহস্পতিবাৰে পুৱা মটৰচাইকেল ৰেলী বিএছএফ শ্বিলং ফ্ৰণ্টিয়াৰৰ(BSF Shillong Frontier)পৰা ফ্লেগ অফ কৰা হয় । এই মটৰ চাইকেল ৰেলীয়ে সন্ধিয়া গুৱাহাটীত প্ৰৱেশ কৰি পশু চিকিৎসা ( Veterinary College at Khanapara)মহাবিদ্যালয়ত (খানাপাৰা) উপস্থিত হয় । উক্ত দলটোক লায়ন্স ক্লাবৰ সদস্যসকলে বিএছএফ বেণ্ডৰ সুমধুৰ সুৰৰ সৈতে সম্বৰ্ধনা জনায় ।
ইয়াৰ পিছত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত(Royal Global University)এক মটৰ চাইকেল ডেয়াৰডেভিল শ্ব'(Daredevil Show in Guwahati)প্ৰদৰ্শন কৰা হয় । ইয়াত বৃহৎ সংখ্যক শিক্ষাৰ্থীৰ উপস্থিতিত উপাচাৰ্য ড৹ এ কে পাঞ্চাৰীয়ে সমদলক আদৰণি জনায় । উক্ত শ্ব'ত মটৰচাইকেল আৰোহীসকলে মটৰচাইকেলৰ সৈতে আশ্চৰ্যজনক কৃতিত্ব আৰু ষ্টাণ্ট প্ৰদৰ্শন আৰু 'ভাৰত মাতা কী জয়' ধ্বনিৰে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে ।
উক্ত সমদলটোৰ সদস্যসকলে উপস্থিত থকা এনচিচি কেডেট, ছাত্ৰ-ছাত্ৰী আৰু যুৱসকলৰ সৈতে সাক্ষাৎ কৰে । এই দলটোৱে তেওঁলোকক দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্য, ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়ে মত বিনিময় কৰে । পৰৱৰ্তী সময়সূচী অনুসৰি শুক্ৰবাৰে মটৰ চাইকেল ৰেলী পুৱাই গুৱাহাটীৰ পৰা ধুবুৰীলৈ ৰাওনা হ'ব বুলি সীমান্ত সুৰক্ষা বাহিনীৰ সূত্ৰই সদৰী কৰিছে ।
উল্লেখ্য় যে দেশৰ স্বাধীনতা লাভৰ 75 বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ উদযাপন কৰা হয় স্বাধীনতাৰ অমৃত মহোৎসৱ ৷ বিভিন্ন বাৰে ৰহণীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰাৰ পিছত দেশবাসীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)পালনৰে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা (Har Ghar Tiranga Abhiyan)কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।
লগতে পঢ়ক:উচ্ছেদিত ভূমিত পুনৰ নিৰ্মাণৰ বিৰুদ্ধে কৰিমগঞ্জৰ ইছাবিল চাহ বাগিচাত প্ৰতিবাদ