ETV Bharat / state

হ্ৰাস পাইছে ভাৰতলৈ অহা বাংলাদেশী অনুপ্ৰৱেশকাৰী : বিজিবি - BSF BGB conference at Rani

যিসময়ত অসমত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যা বৃদ্ধি পোৱা বুলি সংবাদ মাধ্য়মত চৰ্চা লাভ কৰি আহিছে তেনে সময়তে ভাৰতলৈ বাংলাদেশৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশকাৰী অহা নাই বুলি মন্তব্য কৰে বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধান শ্বফিনুল ইছলামে ৷

As_kam_bsf-bgb-conference-at-rani_vis_as10020
ৰাণীৰ BSFৰ মুখ্য কাৰ্যালয়ত ভাৰত-বাংলাদেশৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক
author img

By

Published : Dec 25, 2020, 5:31 PM IST

Updated : Dec 25, 2020, 8:07 PM IST

গুৱাহাটী,25 ডিচেম্বৰ: বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতলৈ অহা নাই অনুপ্ৰৱেশকাৰী ৷ এই মন্তব্য বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধান শ্বফিনুল ইছলামৰ ৷ বিজিবিৰ সঞ্চালক প্ৰধানগৰাকীয়ে ভাৰতত বাংলাদেশ অনুপ্ৰৱেশকাৰীৰ সমস্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইনৰ কোনো প্ৰভাৱ পৰা নাই বাংলাদেশত ৷ ইয়াৰ উপৰিও বাংলাদেশৰ জনমুৰি আয়ো বৰ্তমান উন্নত ৷ গতি এনে পৰিস্থিত চুবুৰীয়া ৰাষ্ট্ৰ কোনো লোকেই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ প্ৰশ্ন উত্থাপন নহয় ৷ ইয়াৰ বিপৰীতে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীয়ে 2020 ৰ 15 ডিচেম্বৰ পৰ্যন্ত বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ লোৱা 3,204 জনক কৰায়ত্ত কৰাৰ কথা সদৰি কৰে ৷

ৰাণীৰ BSFৰ মুখ্য কাৰ্যালয়ত ভাৰত-বাংলাদেশৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক

ইয়াৰ উপৰিও এই সংবাদমেলতে দুয়ো দেশৰ মাজত নিচাযুক্ত দ্ৰব্যৰ সৰৱৰাহ আৰু চোৰাং গৰু সৰৱৰাহ কাৰ্য ৰোধৰ ওপৰতো বিভিন্ন আলোচনা কৰে দুয়ো দেশৰে সঞ্চালক প্ৰধানে ৷ গৰু সৰবৰাহৰে জড়িত 2018 ত 3 জন, 2019 ত 35 জন আৰু 2020 ৰ বৰ্তমানলৈকে 48 জনকৈ লোক নিহত হৈছে বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ হাতত । সমান্তৰালকৈ ভাৰতৰ তৰফৰ পৰাও গৰু সৰবৰাহ ৰোধৰ বাবে 820 বাৰ লঘু গ্ৰেনেড আৰু 2,676 বাৰ একচন গান ব্যৱহাৰ কৰা বুলি জনিবলৈ দিয়ে সুৰক্ষা সংস্থা দুটাই ৷

উল্লেখ্য যে, 22 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক ‘বৰ্ডাৰ কো-অৰ্ডিনেশ্যন কনফাৰেঞ্চ’ ৷ শুকুৰবাৰে ৰাণীৰ BSFৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ এক যৌথ সংবাদমেলত দুয়ো দেশৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷ ভাৰত আৰু বাংলাদেশৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ 51 সংখ্যক এই বৈঠক এইবেলি অসমত উদযাপন কৰা হয় ৷ বছৰি দুবাৰকৈ অনুষ্ঠিত হয় এই বৈঠক । প্ৰতিবছৰে এবাৰ ভাৰতত আৰু এবাৰ বাংলাদেশত এই বৈঠক অনুষ্ঠিত হয় ৷ সঞ্চালক প্ৰধান পৰ্যায়ৰ এই বৈঠকখন অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৷

লগতে পঢ়ক-কেৰলৰ ধ্বনিৰে মুখৰিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো গীর্জাঘৰ

Last Updated : Dec 25, 2020, 8:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.