গুৱাহাটী,৪ ফেব্ৰুৱাৰী : ভাৰত আৰু বাংলাদেশ সীমান্তত বিশেষকৈ পশ্চিমবংগৰ সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ । বিশেষকৈ গৰুৰ চোৰাং সৰবৰাহ তথা অনুপ্ৰৱেশৰ ঘটনা প্ৰায়ে সেইবোৰ অঞ্চলত সংঘটিত হৈ আহিছে । যাৰ বাবে সময়ে সময়ে সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ জোৱানসকলে তাত অভিযান চলোৱা দেখা যায় ।
তেনে এক অভিযানৰ মাজতে পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে কেইবাটাও চোৰাং গৰু (Bangladeshi cattle supplier arrested in West Bengal)। সৰবৰাহকাৰী এজন কিশোৰকো গ্ৰেপ্তাৰ কৰে বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰে । ধৃত গৰুৰ চোৰাং সৰবৰাহকাৰীজন বাংলাদেশী নাগৰিক বুলি জানিব পৰা গৈছে ।
বি এছ এফৰ সূত্ৰৰ পৰা জানিব পৰা মতে বি এছ এফ গুৱাহাটী ফ্ৰন্টিয়াৰে কোচবিহাৰ জিলাৰ শীতলাখুদি আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গাঁও দাৱাৰিকামাৰিত অভিযান চলায় । অভিযানত চোৰাং গৰুসহ সৰবৰাহকাৰী বাংলাদেশী কিশোৰজনক গ্ৰেপ্তাৰ কৰে ।
বি এছ এফৰ জোৱানসকলে কিশোৰজনৰ পৰা ছটা গৰু জব্দ কৰে । কিশোৰজনৰ ঘৰ বাংলাদেশৰ হাতীবান্ধা আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ছেনদুৰনা গাঁৱত বুলি জানিব পৰা গৈছে । বি এছ এফৰ সূত্ৰই জনোৱা মতে গৰুকেইটা চোৰাংকৈ ভাৰত আৰু বাংলাদেশ সীমান্ত পাৰ কৰি বাংলাদেশলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল ।
লগতে পঢ়ক :Mission against poachers: বিশ্বনাথত নকল খড়্গসহ চোৰাং চিকাৰী আটক