গুৱাহাটী, ৩০ জুলাই : গুৱাহাটীৰ পৰা সন্ধানহীন হৈ আছে অৰুণাচল প্ৰদেশৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ (Brother of Arunachal MP Tapir Gaon missing from Guwahati) । ইতিমধ্যে এই সন্দৰ্ভত পৰিয়ালৰ লোকে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ (Family members of Tahang Gaon lodged FIR) ।
আনহাতে, পৰিয়ালৰ লোকে এই ঘটনা অপহৰণৰ বুলি সন্দেহ কৰিছে । জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা সন্ধান নোহোৱা হৈছে অৰুণাচলৰ সাংসদ তাপিৰ গাৱৰ ভাতৃ তাহং গাও ৷ বৃহস্পতিবাৰে ব্যৱসায়িক কামৰ বাবে অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহিছিল তাহং গাও (Tahang Gaon went from Arunachal for buiseness purpose)। নিজা ভতিজাকৰ স'তে গুৱাহাটীত থকা তাহঙে শুকুৰবাৰে ওলাই আহিছিল গণেশগুৰিলৈ ।
![অৰুণাচলৰ সাংসদ তাপিৰ গাও](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-brother-of-arunachal-mp-missing-from-guwahati-7209925_30072022131437_3007f_1659167077_1110.jpeg)
তাৰ পিছত এগৰাকী বন্ধুক ফোনত যোগাযোগ কৰিছিল । চাৰিচকীয়া বাহন লৈ বন্ধুগৰাকী উপস্থিত হৈছিল গণেশগুৰিত । গণেশগুৰিত বন্ধুক সাক্ষাৎ কৰি তাহং উঠিছিল বন্ধুৰ বাহনত আৰু গণেশগুৰিৰ পৰা তাহঙে বন্ধুৰ স'তে লাষ্টগে'ট হৈ ওলাই আহিছিল খানাপাৰালৈ (Brother of Arunachal MP Tapir Gaon missing from Khanapara) ।
ইয়াৰ পাছত বিয়লি প্ৰায় ৩.৩০ বজাৰ পৰা তাহঙৰ মোবাইল বন্ধ হৈ পৰে । মোবাইল বন্ধ হৈ পৰাৰ লগতে তাহঙৰ পৰিয়ালৰ সৈতে যোগাযোগ নোহোৱা হৈ পৰে । কোনো যোগাযোগ নোপোৱাৰ পাছত পৰিয়ালৰ লোকে ঘটনাক লৈ দিছপুৰ আৰক্ষীৰ ওচৰ চাপে । ঘটনাটো অপহৰণজনিত বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে (Family members suspect incident to be kidnapping)।
অৱশ্যে আৰক্ষীয়ে এয়া চিনাকি বন্ধুৰ স'তে কোনো স্থানত যোৱা বুলিও সন্দেহ কৰিছে । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ (FIR lodged on Dispur police station) । এজাহাৰৰ ভিত্তিত ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :Siladitya Dev on Jihadi Activity: মাদ্ৰাছাতকৈও বেছি ধিঙৰ বিধায়কৰ ওপৰত নজৰ ৰাখিবলৈ আহ্বান শিলাদিত্যৰ