গুৱাহাটী, ১০ মে : মংগলবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বৃন্দাবন চুপাৰ মাৰ্ট নামৰ এখন বিপণী । মঙলবাৰে শিল্পী জুবিন গাৰ্গে আনুষ্ঠানিকভাৱে মুকলি কৰে এই বিপণীখন (Brindaban Super mart officially opened by Zubeen Garg) ৷ পূৰ্বে ছয়মাইলত শিল্পী গৰাকীয়ে বৃন্দাবন চুপাৰ মাৰ্ট বিপনীখন মুকলি কৰিছিল যদিও পিছলৈ ছয়মাইলৰ পৰা জয়ানগৰ চাৰিআলিলৈ স্থানান্তৰ কৰা হয় বিপণীখন ৷ ইফালে, এই বিপণীখনৰ জৰিয়তে কৃষকসকল যথেষ্ট লাভান্বিত হ'ব বুলি আশা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ৷
ইপিনে, অসম চৰকাৰৰ বৰ্ষপূৰ্তি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি শিল্পীগৰাকীয়ে কয় যে, "সকলোৱে ভালকৈ কাম কৰক ৷ দুৰ্নীতিমুক্ত, ড্ৰাগছ মুক্ত অসম হওঁক, লগতে প্ৰশাসন আৰু আৰক্ষীয়ে হাতে হাত ধৰি কাম কৰক ।"
আনহাতে, আগন্তুক বৰ্ষৰ পৰা নিশা ১২ বজাত ৰঙালী বিহুৰ অনুষ্ঠান বন্ধ কৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোৱা প্ৰসংগক সমৰ্থন জনায় শিল্পীগৰাকীয়ে । লগতে আলফা স্বাধীনে আৰক্ষীৰ দুই গুপ্তচৰক মৃত্যুদণ্ড দিয়া প্ৰসংগকলৈও মন্তব্য কৰা পৰিলক্ষিত হয় ৷
তেওঁ কয় যে, "এই ক্ষেত্ৰত নিশ্চয়কৈ কিবা ভুল হৈছে, কোনো বিচাৰ নকৰাকৈ মৃত্যুদণ্ড দিয়াটো উচিত নহয় ৷" ইফালে, উক্ত অনুষ্ঠানত জুবিন গাৰ্গৰ সৈতে উপস্থিত থাকে অভিনেতা নিপন গোস্বামী, গৰিমা শইকীয়া গাৰ্গৰ লগতে অন্যান্য লোক ৷
লগতে পঢ়ক : গুৱাহাটীৰ ৰাজপথৰ পৰা অন্তৰ্ধান ৩৩৩ খন চিটিবাছ !