ETV Bharat / state

বান ! গুৱাহাটী মহানগৰীলৈ অশনি সংকেত - বান

কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে ৰাজ্যত বৰষুণৰ মাত্ৰা বৃদ্ধি পাইছে আৰু যদি এইদৰে বৰষুণ অব্যহত থাকে তেন্তে ব্ৰহ্মপুত্ৰৰ জলস্থৰ ২০০৪ চনৰ অভিলেখ ভংগ কৰিব । ব্ৰহ্মপুত্ৰৰ জলস্থৰ ২০০৪ চনৰ অভিলেখ ভংগ কৰা মানেই মহানগৰী গুৱাহাটী বানৰ কবলত পৰিব ।

অশনি সংকেত কঢ়িয়াইছে ব্ৰহ্মপুত্ৰই
author img

By

Published : Jul 15, 2019, 12:23 PM IST

গুৱাহাটী, ১৫ জুলাই: ব্ৰহ্মপুত্ৰৰ জলস্তৰে ২০০৪ৰ অভিলেখ ভংগ কৰিলেই বিপদ নামি আহিব মহানগৰীলৈ । ৰাজ্যত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । উজনিৰ পৰা নামনিলৈকে জলবন্দী হৈ পৰিছে লক্ষাধিক লোক । ওফন্দি উঠিছে কেবাখনো নৈ-উপনৈ । কেইবাখনো জিলাত ব্ৰহ্মপুত্ৰই ৰুদ্ৰৰূপ ধাৰণ কৰিছে । মহানগৰীতো মহাবহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি বিপদ সীমা চেৰাই গৈছে ।

অশনি সংকেত কঢ়িয়াইছে ব্ৰহ্মপুত্ৰই

বৰ্তমান গুৱাহাটীত ব্ৰহ্মপুত্ৰই বিপদ সীমাৰ ১ মিটাৰ ১৩ ছেন্টি মিটাৰ ওপৰেৰে বৈছে । ব্ৰহ্মপুত্ৰৰ এই ভয়াৱহ ৰূপে অশনি সংকেত কঢ়িয়াই আনিছে মহানগৰীলৈ । ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা কেইবাখনো উদ্যান জলমগ্ন হৈ পৰিছে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ এই ধাৰা অব্যাহত থাকিলে মহানগৰীৰ ফাঁচী বজাৰ আৰু মাছখোৱা অঞ্চল প্লাৱিত হোৱাটো নিশ্চিত । কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে ৰাজ্যত বৰষুণৰ মাত্ৰা বৃদ্ধি পাইছে আৰু যদি এইদৰে বৰষুণ অব্যহত থাকে তেন্তে ব্ৰহ্মপুত্ৰৰ জলস্তৰে ২০০৪ চনৰ অভিলেখ ভংগ কৰিব । ব্ৰহ্মপুত্ৰৰ জলস্তৰে ২০০৪ চনৰ অভিলেখ ভংগ কৰা মানেই মহানগৰী গুৱাহাটী বানৰ কৱলত পৰিব । বৰ্তমানলৈকে ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত ২৫খন জিলাই বানপানীৰ কৱলত পৰিছে আৰু ২৬ লাখতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত হৈছে । বানপানীৰ ফলত ৰাজ্যত 9 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভূমিস্খলনৰ ফলত ২ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে ।

Intro:গুৱাহাটীত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে মহাবহু ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ জলস্থৰ ২০০৪ৰ অভিলেখ ভংগ কৰিলেই বিপদ নামি আহিব মহানগৰী গুৱাহাটীলৈ।

Body:ৰাজ্যত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। উজনিৰ পৰা নামনিলৈকে জলবন্দী হৈ পৰিলে লক্ষাধিক লোক। উফন্দি উঠিছে কেইবাখনো নৈ-উপনৈ। ব্ৰহ্মপুত্ৰই ৰুদ্ৰৰূপ ধাৰণ কৰিছে কেইবাখনো জিলাত। মহানগৰী গুৱাহাটীতো মহাবহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি বিপদ সীমা চেৰাই গৈছে। বৰ্তমান গুৱাহাটীত ব্ৰহ্মপুত্ৰ বিপদ সীমাৰ ১ মিটাৰ ১৩ ছেন্টি মিটাৰ ওপৰেৰে বৈছে। ব্ৰহ্মপুত্ৰৰ এই ভয়াবহ ৰূপে অশনি সংকেত কঢ়িয়াই আনিছে গুৱাহাটী মহানগৰীলৈ। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা কেইবাখনো উদ্যান জলমগ্ন হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ জলস্থৰ বৃদ্ধিৰ এই ধাৰা অব্যাহত থাকিলে মহানগৰীৰ ফাঁচী বজাৰ আৰু মাছখোৱা অঞ্চল প্লাবিত হোৱাটো নিশ্চিত। কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে ৰাজ্যত বৰষুণৰ মাত্ৰ বৃদ্ধি পাইছে আৰু যদি এইদৰে বৰষুণ অব্যহত থাকে তেন্তে ব্ৰহ্মপুত্ৰৰ জলস্থৰ ২০০৪ চনৰ অভিলেখ ভংগ কৰিব। ব্ৰহ্মপুত্ৰৰ জলস্থৰ ২০০৪ চনৰ অভিলেখ ভংগ কৰা মানেই মহানগৰী গুৱাহাটী বানৰ কবলত পৰিব।

বাইট : শফিকুল হুছেইন, কেন্দ্ৰীয় জল আয়োগৰ কর্মী

Conclusion:বৰ্তমানলৈকে ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত ২৫খন জিলাই বানপানীৰ কবলত পৰিছে আৰু ২৬ লাখতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত হৈছে। বানপানীৰ ফলত ৰাজ্যত 9 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভূমিস্খলনৰ ফলত ২ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.