ETV Bharat / state

Brahmaputra action plan: ব্ৰহ্মপুত্ৰ এক্সন প্লেনৰ ঘোষণা ৭ বছৰে চৰকাৰী ফাইলতে আৱদ্ধ - মন্ত্ৰী পীযূষ হাজৰীকা

ৰাজ্যৰ বান-গৰখহনীয়া ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসম চৰকাৰৰ ৷ খহনীয়াগ্ৰস্ত স্থানত ড্ৰেজাৰৰ সহায়ত চলোৱা খনন প্ৰক্ৰিয়াও স্থৱিৰ হৈ পৰিল ৷ ৰাজ্যৰ নতুন নতুন স্থানত খহনীয়াই লৈছে ভয়াৱহ ৰূপ ৷

Brahmaputra action plan
Brahmaputra action plan
author img

By

Published : Aug 8, 2023, 6:08 PM IST

গুৱাহাটী, 8 আগষ্ট: বান আৰু গৰাখহনীয়াই দীৰ্ঘদিন ধৰি অসমৰ অৰ্থনীতি বিকাশত বিৰূপ প্ৰভাৱ পেলায় আহিছে ৷ কোনো এখন চৰকাৰে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰাৰ পৰা অৱহেলা কৰি আহিছে ৷ ৰাজ্যৰ শ শ স্থানত খহনীয়াই বিভীষিকা সৃষ্টি কৰিছে ৷

উল্লেখ্য যে তদানীন্তন জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অসম বিধানসভাত সদৰী কৰিছিল যে ৰাজ্যিক জলনীতি গ্ৰহণ কৰি খহনীয়া প্ৰতিৰোধৰো বৈজ্ঞানিক ব্যৱস্থা কৰা হ’ব ৷ আছাম ৱাটাৰ ৰিছোৰ্চ কাউন্সিলৰ জৰিয়তে সমস্যা সমাধানৰ নতুন পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷ গংগা এক্সন প্লেনৰ দৰে ব্ৰহ্মপুত্ৰ এক্সন প্লেন কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷

ব্ৰহ্মপুত্ৰ এক্সন প্লেন কাৰ্যকৰী হ’লে বান-খহনীয়াৰ প্ৰকোপ কমি যাব ৷ তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সেই ঘোষণা ঘোষণাতেই থাকিল ৷ যোৱা 7 বছৰে ব্ৰহ্মপুত্ৰ এক্সন প্লেনৰ ঘোষণা ঘোষণাতেই থাকিল । যোৱা 2017 চনতে 26 জুলাইত এক ঘোষণাৰ জৰিয়তে তদানীন্তন কেন্দ্ৰীয় পথ যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অসমৰ আয়ুস ৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰক শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ 600 কিলোমিটাৰ খননৰ বাবে 400 কোটি টকাৰ অনুমোদন দিয়া হৈছিল ।

বিগত 2017 বৰ্ষতে ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ব্ৰহ্মপুত্ৰ খনন কৰিবলৈ 980 কোটি টকা বিশ্ব বেংকে যোগান ধৰাৰ কথা ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা কৈ আহিছে যদিও কাৰ্যত ইয়াৰ ফলাফল শূন্য দেখা গৈছে । কোটি কোটি টকা খৰচ কৰি নদীৰ বালি আঁতৰাবৰ বাবে ছখন ড্ৰেজাৰ কিনা হৈছিল । চেন্নাইৰ পৰা অসম চৰকাৰে ড্ৰেজাৰ আনি কিছুদিন নদীৰ বালি আঁতৰাই খহনীয়াৰ প্ৰকোপ কমাবলৈ বিচাৰিছিল ।

ব্ৰহ্মপুত্ৰ আৰু কেইবাখনো উপ-নৈত ড্ৰেজাৰেৰে বালি আঁতৰাই পানী বৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল । ড্ৰেজাৰ ক্ৰয় কৰি আনি পানী বৈ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও এতিয়া ড্ৰেজাৰৰ কথা তল পৰিছে । চৰকাৰী ধন ব্যয় কৰি ক্ৰয় কৰা ড্ৰেজাৰেৰে ধাৰাবাহিকতা অব্যাহত ৰখা হোৱা নাই । মথাউৰিৰ ওচৰত খহনীয়াৰ প্ৰকোপ কমাবলৈ সকলো খহনীয়া প্ৰৱণ এলেকাত খনন কৰাৰ কথা আছিল । খহনীয়া প্ৰৱণ সকলো স্থানত অৱশ্যে খনন সম্পূৰ্ণ হোৱা নাই ।

উল্লেখযোগ্য যে বছৰি খহনীয়া প্ৰৱণ এলেকাত প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও খহনীয়াৰ প্ৰকোপ হ্ৰাস হোৱা নাই । নতুন নতুন স্থানত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত জলসম্পদ বিভাগে নতুনকৈ সমগ্ৰ বিষয়টোত পর্যালোচনা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ।

জলসম্পদ বিভাগৰ পৰা জানিব পৰা মতে, খহনীয়াই দক্ষিণ শালমাৰা, মুকালমুৱা, হাউলীঘাট, পলাশবাৰী, ভূৰাগাঁও, মাতমৰা, মাজুলীৰ কমেও ৫০টা স্থানত, দেউৰীঘাট, ডিব্ৰুগড়ৰ ৰহমৰীয়া, কাজিৰঙাৰ 20 টা স্থানকে ধৰি ৰাজ্যৰ পাঁচশৰো অধিক স্থানত খহনীয়াই কালৰূপ ধাৰণ কৰাৰ তথ্য জলসম্পদ বিভাগৰ ওচৰত আছে ।

একাংশ স্থানত বছৰি প্ৰতিৰোধৰ বাবে আঁচনি গ্ৰহণ কৰা হয় যদিও প্ৰতিৰোধ হোৱা নাই । শেহতীয়াকৈ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰীকাই এখন সভাত সদৰী কৰা মতে খহনীয়া প্ৰতিৰোধৰ কাম কৰি ৰাইজক সকাহ দিবলৈ নতুনকৈ বিশেষজ্ঞৰ লগত আলোচনা কৰি আছে । এই ক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীযূষ হাজৰীকা সফল হয় নে নহয় সময়তহে স্পষ্ট হ'ব ।

লগতে পঢ়ক: Highway construction in Assam: পাঁচ বছৰত অসমত নিৰ্মাণ কৰা হ’ল মাত্র ১১১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.