ETV Bharat / state

বি পি এফৰ তিনি মন্ত্ৰীক লৈ ব্যাপক চৰ্চা - bpf candidates etv bharat news

যি সময়ত হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত ৰাজস্থানৰ জয়পুৰৰ তাৰকাযুক্ত হোটেলত নি কংগ্ৰেছে লুকুৱাই ৰখা এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকল বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে ৷ সেই সময়তে কিন্তু ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চা চলিছে বিদায় ল’বলৈ ওলোৱা চৰকাৰখনৰ তিনি বি পি এফ মন্ত্ৰীৰ মাজৰ পৰা কোন যাব বিজেপিলৈ ? ৰিহণ দৈমাৰী, প্ৰমীলাৰাণী ব্ৰহ্ম নে চন্দন ব্ৰহ্ম ?

বি পি এফৰ তিনি মন্ত্ৰীক লৈ ব্যাপক চৰ্চা
বি পি এফৰ তিনি মন্ত্ৰীক লৈ ব্যাপক চৰ্চা
author img

By

Published : Apr 16, 2021, 10:08 PM IST

গুৱাহাটী, ১৬ এপ্ৰিল: যি সময়ত হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত ৰাজস্থানৰ জয়পুৰৰ তাৰকাযুক্ত হোটেলত নি কংগ্ৰেছে লুকুৱাই ৰখা এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকল বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে ৷ সেই সময়তে কিন্তু এতিয়াও ছত্তিশগড় আৰু দাৰ্জিলিঙত বাহৰ পাতি আছে মহাজোঁটৰ অন্যতম অংশীদাৰ বি পি এফৰ কেইবাজনো প্ৰাৰ্থী ।

দলটোৰ মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ অধিকাংশই এতিয়াও আছে অসমৰ বাহিৰত । তেওঁলোকৰ থকা খোৱাৰ পৰা আৰম্ভ কৰি বিলাসিতাৰে সময় পাৰ কৰাৰ সকলো ব্যৱস্থা কৰি দিছে কংগ্ৰেছ আৰু বি পি এফ নেতৃত্বই । অৱশ্যে দল দুটাৰ কোনোটোৱেও এই কথা স্বীকাৰ কৰিব খোজা নাই ।

ই টিভি ভাৰতৰ হাতত পৰা খবৰ অনুসৰি হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত এইদৰে অধিকাংশ প্ৰাৰ্থীকে ৰাজ্যৰ বাহিৰলৈ বি পি এফে প্ৰেৰণ কৰিলেও বিজেপিয়ে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন দলটোৰ এগৰাকী মন্ত্ৰীক বিজেপিত যোগদান কৰোৱাৰ বাবে দিনে নিশাই চেষ্টা অব্যাহত ৰাখিছে । স্বাভাৱিকতে ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চা চলিছে বিদায় ল’বলৈ ওলোৱা চৰকাৰখনৰ তিনি বি পি এফ মন্ত্ৰীৰ মাজৰ পৰা কোন যাব বিজেপিলৈ ? ৰিহণ দৈমাৰী ? প্ৰমীলাৰাণী ব্ৰহ্ম নে চন্দন ব্ৰহ্ম ?

মনকৰিবলগীয়া যে, বি পি এফৰ ১১ গৰাকী প্ৰাৰ্থীৰ অধিকাংশই সম্প্ৰতি ৰাজ্যৰ বাহিৰত থাকিলেও উক্ত তিনি মন্ত্ৰী কিন্তু এতিয়াও অসমতে আছে ।

লগতে পঢ়ক: হাগ্ৰামা আচলতে কাৰ লগত ? তুৰুপৰ তাচ হব নেকি বি পি এফ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.