ETV Bharat / state

Border sports festival 2023: ক্ৰীড়াই সমাজত শান্তি-সহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি কৰে: অশোক সিংঘাল

author img

By

Published : Jan 10, 2023, 9:33 PM IST

সৰুসজাই ষ্টেডিয়ামত সীমান্ত ক্ৰীড়া মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘাল (Minister Ashok Singhal at Border sports festival) । অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ৯ খন জিলাৰ মুঠ ৭২৫ গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণ (Border sports festival 2023 begins)। ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ যুৱক-যুৱতীসকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিয়ে এই ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰিছে ।

Border sports festival 2023
সীমান্ত ক্ৰীড়া মহোৎসৱত মন্ত্ৰী অশোক সিংঘাল

গুৱাহাটী, ১০ জানুৱাৰী : গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আজি অৰ্থাৎ মঙলবাৰৰ পৰা আয়োজন কৰা হৈছে ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২৩ (Border sports festival 2023) । এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে (Minister Ashok Singhal at Border sports festival) ।

Border sports festival 2023
আৰম্ভ হ’ল ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২৩

উল্লেখ্য যে, আজিৰে পৰা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২৩ ত অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী ৯ খন জিলাৰ সৰ্বমুঠ ৭২৫ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছে (Border sports festival 2023 begins) । ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শূণ্য ৰেখাৰ পৰা ২০ কিলোমিটাৰৰ দূৰত্বৰ ভিতৰৰ ৯ খন জিলাত জিলা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা খেলুৱৈসকল এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰে ।

দক্ষিণ শালমাৰা-মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, তামুলপুৰ, কাছাৰ আৰু কৰিমগঞ্জ - এই ৯ খন জিলাত অনুষ্ঠিত হৈ যোৱা জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত মুঠ ৮ হাজাৰ যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছিল । ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ যুৱক-যুৱতীসকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিয়ে এই ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰিছে ।

Border sports festival 2023
ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে আয়োজন ক্ৰীড়া মহোৎসৱৰ

২০২২ বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা ৰাজ্যিক ভিত্তিক এই ক্ৰীড়া মহোৎসৱে এইবেলি দ্বিতীয়টো বছৰত ভৰি দিলে । এইবাৰৰ প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলে ১০০/২০০/ ৮০০/১৫০০ মিটাৰৰ দৌৰ, ৪x১০০ মিটাৰ ৰিলে দৌৰ, হাইজাম্প, লং জাম্প, শ্বটপুট, জেভেলিন থ্ৰো, দিছকাচ থ্ৰো, ফুটবল আৰু কাবাডি খেলৰ প্ৰতিযোগিতাত অংশ ল'ব ।

লগতে পঢ়ক : Bagh Hazarika controversy: হিমন্ত বিশ্ব শৰ্মাক অযোগ্য মুখ্যমন্ত্ৰী আখ্যা ৰাইজৰ দলৰ

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংঘালে কয় যে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি দিশৰ‌ সৰ্বাংগীন উন্নতিৰ কাৰণে সহায়-সহযোগ কৰিবলৈ ২০০৮ চনত জন্ম লাভ কৰা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে প্ৰতিষ্ঠাৰ দিন ধৰি অসমৰ ৯ খন সীমান্তৱৰ্তী জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ আৰ্থ-সামাজিক ‌উন্নয়নৰ কাৰণে বিভিন্নধৰণৰ উন্নয়নমূলক কাম কৰি আহিছে ।

ক্ৰীড়াই সমাজৰ বহনক্ষম প্ৰগতি নিশ্চিত কৰাৰ লগতে মানুহক সুস্থ-সবল হৈ থাকি ৰোগ-ব্যধিৰ পৰা নিলগত থকাৰ শক্তি প্ৰদান কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ক্ৰীড়াই বহনক্ষম বিকাশক প্ৰতিবিম্বিত কৰাৰ উপৰি সমাজত শান্তি আৰু সহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি কৰে । সমাজক একত্ৰিত কৰাৰ বাবে ক্ৰীড়া এক শক্তিশালী মাধ্যম বুলি মন্তব্য কৰি তেওঁ কয় যে ক্ৰীড়াক্ষেত্ৰত লাভ কৰা সাফল্যৰ জৰিয়তে একোটা অঞ্চলে প্ৰগতিতো লাভ কৰিব পাৰেই ৷

Border sports festival 2023
বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে সীমান্ত ক্ৰীড়া মহোৎসৱত

আনকি সমগ্ৰ সমাজখনেও ইয়াতকৈ অধিক সাফল্য আহৰণ কৰিব পাৰে । এইক্ষেত্ৰত স্বনামধন্য ক্ৰীড়াবিদ এম চি মেৰীকম, ফুটবলৰ যাদুকৰ সদ্যপ্ৰয়াত পেলে, মেছি, ৰোণাল্ডোৰ দৰে বৰেণ্য ক্ৰীড়াবিদৰ উদাহৰণ দাঙি ধৰে । এইসকল ক্ৰীড়াবিদৰ সাফল্যই স্বদেশৰ পৰিধি ভাঙি ক্ৰীড়া ক্ষেত্ৰৰ সীমা অতিক্ৰমী অনেক ক্ষেত্ৰক অনুপ্ৰাণিত কৰি আহিছে বুলি তেওঁ কয় ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক্ৰীড়াক জীৱন শৈলীৰ এক অংগ হিচাপে ল’বলৈ ৰাইজলৈ আহ্বান জনোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ‘‘খেলো ইণ্ডিয়া’’, ‘‘ফিট ইণ্ডিয়া’’ৰ দৰে কাৰ্যসূচীৰে এইক্ষেত্ৰত সমাজক উদ্বুদ্ধ কৰি আহিছে । চৰকাৰে গ্ৰহণ কৰা নতুন শিক্ষা নীতিতো ক্ৰীড়াক বিশেষ স্থান প্ৰদান কৰা হৈছে বুলি মন্ত্ৰী সিংঘালে কয় ।

অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহঃ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, এন আই আৰ ডি আৰু পঞ্চায়তীৰাজৰ সঞ্চালক ড৹ আৰ মুৰুগেশন, কমনৱেলথ গেমছৰ স্বৰ্ণপদক বিজয়ী খেলুৱৈ অৰ্জুন নয়নমনি শইকীয়া, দিল্লীৰ ‘‘হান্স কালচাৰেল চেন্টাৰ’’ৰ অপাৰেচনাল হেড বিকাশ বাৰ্মা আৰু সীমান্ত ক্ৰীড়া মহোৎসৱ, ২০২৩ ৰ সাধাৰণ সম্পাদক মৃদুল কুমাৰ শৰ্মাৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল ।

লগতে পঢ়ক : Jio True 5G in Guwahati : গুৱাহাটীত মুকলি হ’ল জিঅ’ 5G সেৱা, কামাখ্যাত বিনামূলীয়া ইণ্টাৰনেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.