ETV Bharat / state

সদিচ্ছাৰ অভাৱত ছয় দশক ধৰি উত্তপ্ত অসম তথা উত্তৰ-পূবৰ সীমান্ত

author img

By

Published : Oct 21, 2020, 10:56 PM IST

Updated : Oct 22, 2020, 9:40 AM IST

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহৰ সহযোগিতাৰ অভাৱ আৰু সদিচ্ছাৰ অভাৱত স্বাধীনতাৰ পিছৰ যোৱা ছয়টা দশক ধৰি অব্যাহত আছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমুহৰ মাজৰ সীমাৰ কাজিয়া । এই সংঘাত জৰ্জৰ পৰিস্থিতিয়ে ইতিমধ্যে কাঢ়ি নিছে বহুতৰ জীৱন, বহুজন হৈছে গৃহহীন । কিন্তু তাৰ পিছতো ইয়াক লৈ অব্যাহত আছে একাংশ ক্ষমতা লোভীৰ ৰাজনীতি । শেহতীয়াকৈ বৰাক উপত্যকাৰ অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা পৰিস্থিতি তাৰেই ফল ।

border conflict- northeast states at post independent period

গুৱাহাটী, 21 অক্টোবৰ : অসমৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ আন প্ৰায় আটাইকেইখন ৰাজ্যৰ লগত থকা সীমাৰ কাজিয়া আৰু তাকে লৈ অব্যাহত সংঘাত জৰ্জৰ পৰিস্থিতিয়ে আজি দিশহাৰা কৰিছে হেজাৰ হেজাৰ পৰিয়ালক । সংঘাতত লিপ্ত হোৱা ৰাজ্য কেইখনৰ দুয়ো পাৰৰ ৰাজনীতি নুবুজা সাধাৰণ জনতাৰ বাবে সীমান্তৰ সংঘাত হৈ পৰিছে অভিশাপ স্বৰূপ । প্ৰায় ছয়টা দশকৰো অধিক কাল উত্তৰ-পূৰ্বাঞ্চলৰ পুনৰ গঠন আৰু সীমা নিৰ্ধাৰণক লৈ চলা সংঘাতৰ ৰাজনীতিয়ে দিকভ্ৰান্ত কৰিছে অসংখ্যজনক । কিন্তু তাৰ পিছতো এনে সমস্যাৰ সমাধানৰ বাবে কোনো পক্ষই অৰ্থ পূৰ্ণভাবে পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ।

অসমক কেন্দ্ৰ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ লগত যি সীমা বিবাদ চলি আছে তাৰ লগত প্ৰত্যক্ষভাবে জড়িত হৈ আছে অঞ্চলটোৰ পুনৰ গঠনৰ ইতিহাস । এই ইতিহাস বেছি পুৰণি নহয়, দেশে স্বাধীনতা লাভ কৰাৰ পিছৰ । অসমে প্ৰথমে সীমা বিবাদৰ সন্মুখীন হয় নগালেণ্ডৰ সৈতে । সেয়া সত্তৰৰ দশকৰ প্ৰথমভাগৰ কথা । 1963 চনত নগালেণ্ড গঠন হোৱাৰ সময়ত যি সীমা কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিছিল, সেই ভূ-খণ্ডক লৈ সন্তুষ্ট নাছিল নগা সকলৰ ৰাজনৈতিক নেতৃত্ব । উল্লেখ নিস্প্ৰয়োজন যে দেশে স্বাধীনতা লাভ কৰাৰ আগৰে পৰাই নগালেণ্ড ভাৰতৰ লগতো থাকিব নিবিচাৰি সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছিল । তাৰ মাজতে 1963 চনত নগালেণ্ড ৰাজ্য ঘোষণা হোৱাৰ সময়ত তেওঁলোকে নগা অধ্যুষিত অসমৰ অঞ্চল সমূহৰ উপৰিও কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু নগাঁও জিলাৰ কিছু অংশ নগালেণ্ডৰ অন্তৰ্গত হ’ব লাগে বুলি দাবী কৰিছিল । তেনে দাবী বাস্তবায়িত নোহোৱাত নগালেণ্ড গঠনৰ ঠিক দুবছৰৰ পাছতে 1965 চনত দুই ৰাজ্যৰ সীমান্তৰ কাকডোঙা সংৰক্ষিত বনাঞ্চল দখল কৰাৰ বাবে নগালেণ্ড চৰকাৰ তৎপৰ হৈ উঠে আৰু দুই ৰাজ্যৰ মাজৰ সংঘাত আৰম্ভ হয় ।

আচলতে নগালেণ্ড চৰকাৰে সাংবিধানিক সীমাক অস্বীকাৰ কৰাৰ বাবেই আৰম্ভ হৈছিল সীমা বিবাদ, যি এতিয়াও অব্যাহত আছে । তথ্য অনুসৰি এই সংঘাত 1968, 1979, 1985 আৰু 2014 চনত তীব্ৰৰূপ ধাৰণ কৰে। এই ধাৰাবাহিক সংঘাত জনিত পৰিস্থিতিত অতি কমেও দুশৰো অধিক লোকে ইতিমধ্যে প্ৰান হেৰুৱাইছে । প্ৰায় ত্ৰিশ হাজাৰাৰো অধিক লোকে গৃহহীন হৈ তাৰ পৰা বিভিন্ন স্থানলৈ প্ৰব্ৰজিত হৈছে । অতি লক্ষনীয়ভাবে পৰৱৰ্তী সময়ত এই সংঘাতৰ লগত জড়িত হৈ পৰে নগা বিদ্ৰোহী সংগঠন এন এছ ছি এন-আই এমকে ধৰি অন্যান্য সশস্ত্ৰ সংগঠন সমুহো । 2005 চনত এ এছ ছি এন - আই এম ৰ হাততে অসম নগালেণ্ড সীমান্তৰ ধনশিৰিত প্ৰাণ হেৰুৱাব লগা হয় এ ছি এছ বিষয়া দীপাংকৰ দাসে । তেওঁলৈ গুলী চলোৱা হয় এন এছ ছি এন- আই এমৰ হেব্ৰন শিবিৰৰ পৰা । ইয়াৰ পিছত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰে ।

গোলাঘাট জিলাৰ এক বৃহৎ অংশত সীমাৰ সিপাৰৰ পৰা অহা নগা সকলৰ আগ্ৰাসন আজি এক নিয়মীয়া ঘটনা । উল্লেখ্যখনীয় যে দীৰ্ঘদিনীয়া এই সংঘাত নিৰসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিগত সময়ছোৱাত দুখন উচ্চস্তৰীয় আয়োগ গঠন কৰি দিছিল । সেই আয়োগ দুখন হৈছে ক্ৰমে সুন্দৰম আয়োগ ( 1971) আৰু শাস্ত্ৰী আয়োগ। কিন্তু এই দুয়োখন আয়োগৰ পৰামৰ্শৱলীয়ে বিশেষ একো কাম নিদিলে, বৰং দুয়ো পক্ষৰ মাজত দূৰত্ব বাঢ়িলহে । উল্লেখ্য যে 'নগা ষ্টেট এক্ট 1962' ত এই ৰাজ্যৰ সীমা নিৰ্ধাৰিত হৈছিল 1925 চনৰ এক নিৰ্দেশনা অনুসৰিহে । তেতিয়া নগা পাহাৰ আৰু টুৱেনছাং অঞ্চল একলগ হৈ আছিল । নগালেণ্ড গঠনৰ সময়ত অসমৰ লগত তাৰ সীমান্তৰ দৈৰ্ঘ্য আছিল 434 কিলোমিটাৰ ।

মন কৰিবলগীয়া কথা যে নগালেণ্ডৰ লগত থকা সীমাৰ কাজিয়া অব্যাহত থকাৰ সমান্তৰালকৈ পৰবৰ্তী সময়ত গঠিত ৰাজ্য সমুহৰ লগতো অসমৰ সীমাৰ কাজিয়া আৰম্ভ হয় । 1972 চনত গঠিত মেঘালয়ৰ লগত অসমৰ 733 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমাত উদ্ভৱ হোৱা সীমা বিবাদ এতিয়া সীমান্তৰ ৰাইজৰ বাবে ভয়াবহ সমস্যা । এই সীমান্তৰ মুঠ 17 টা স্থানীয় চৰকাৰে সংঘাত কেন্দ্ৰ হিচাবে চিহ্নিত কৰিছে । লাংপী অঞ্চলত চলি থকা সংঘাতৰ বাবে ইতিমধ্যে ভালে সংখ্যক পৰিয়াল স্থানান্তৰিত হৈছে । অৰুণাচল আৰু মিজোৰামৰ লগত অসমৰ সীমা বিবাদ পূৰ্বে বৰ তীব্ৰ নাছিল যদিও শেহতীয়াকৈ এই সংঘাতেও গুৰুতৰ ৰূপ ধাৰণ কৰিছে । মুঠ 804 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ অৰুণচলৰ এক বৃহৎ অংশৰ ভূমিত অসমৰ লোকে দখল কৰিছে বুলি চৰকাৰ খনে অভিযোগ উত্থাপন কৰি আহিছে আৰু 1989 চনত তেওঁলোকে উচ্চতম ন্যায়ালয়ত এক গোচৰো দাখিল কৰিছিল । কিন্তু এতিয়াও সেই সীমা বিবাদ অমীমাংসিত হৈয়েই আছে ।

বিশেষকৈ পূব কামেং জিলাত অব্যাহত বিবাদে দুয়ো ৰাজ্যৰ ক্ষতিসাধন কৰিছে । একেদৰে অতি শেহতীয়াকৈ বৰাক উপত্যকাৰ মিজোৰাম সীমান্তত উত্তপ্ত হোৱা সীমা বিবাদে সংঘাত তীব্ৰতৰ হৈ উঠাৰ বাৰ্তা দিছে । অসম আৰু মিজোৰামৰ মাজয সীমান্তৰ দৈৰ্ঘ্য মাত্ৰ 164.6 কিলোমিটাৰ । 1972 চনলৈ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে থকা মিজোৰাম 1987 চনত ৰাজ্য হিচাবে ঘোষিত হয় । এই ৰাজ্য গঠনৰ আঁৰতো আছে সশস্ত্ৰ বিদ্ৰোহৰ প্ৰত্যক্ষ ভূমিকা । মিজোৰামৰ সীমা নিৰ্ধাৰণৰ লগত জড়িত হৈ আছে 'বেংগল ইষ্টাৰ্ন ফ্ৰন্টিয়াৰ ৰেগুলেছন 1898' ভিত্তিক নিৰ্দেশনা ।

দেখা যায় যে ত্ৰিপুৰাত বাদে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইবোৰ ৰাজ্যৰ লগতে অসমে সীমাৰ বিবাদত লিপ্ত হৈছে, যাৰ বাবে অঞ্চলটোত আভ্যন্তৰীণ সংঘাত দিনকদিনে বিয়পি পৰিছে । অতি লক্ষণীয়ভাবে এই সীমা বিবাদৰ লগত জড়িত হৈ আছে প্ৰাকৃতিক সম্পদৰ অধিকাৰ আৰু সৰ্বৰাহৰ বিষয়টো । বিশেষকৈ নগালেণ্ডৰ বিদ্ৰোহী সংগঠনে অসম সীমান্তৰ ধনশিৰিত তেল আৰু গেছ খনন বন্ধ কৰি দিয়া, মিজোৰামৰ পৰা কয়লা, শিল পৰিবহন আদিত সৃষ্টি হোৱা পৰিস্থিতিৰ আঁৰতো সীমা বিবাদ জড়িত আছে বুলি একাংশ বিশ্লেষকে আঙুলিয়াই দিছে । কিন্তু এনে পৰিস্থিতি প্ৰত্যক্ষ কৰিও তাৰ অৰ্থপূৰ্ণ সমাধানৰ বাবে কেন্দ্ৰ ৰাজ্য কিম্বা আন কোনো নিৰপেক্ষ সংস্থা আগবাঢ়ি নহাতো লক্ষণীয় কথা ।

লগতে পঢ়ক : সীমান্তত শান্তি-শৃংখলা বজায় ৰখাৰ আহ্বান প্ৰধান গৃহ সচিব জি ডি ত্ৰিপাঠীৰ

Last Updated : Oct 22, 2020, 9:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.