ETV Bharat / state

অভিলেখ হাৰত গ্ৰন্থ বিক্ৰী উত্তৰ পূৱ গ্ৰন্থ মেলাত - north east book fair 2019

প্ৰথম দিনটোৰ পৰাই এইবাৰৰ গ্ৰন্থমেলাত ব্যাপক হাৰত বিক্ৰী হৈছে গ্ৰন্থ ৷ অষ্টম দিনটোলৈকে ১ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷

অভিলেখ হাৰত গ্ৰন্থ বিক্ৰী উত্তৰ পূৱ গ্ৰন্থ মেলাত
author img

By

Published : Nov 8, 2019, 11:40 PM IST

Updated : Nov 8, 2019, 11:49 PM IST

গুৱাহাটী, 8 নৱেম্বৰঃ অষ্টমদিনাও গ্ৰন্থৰ সুৱাসত আমোল মোলাইছে চানমাৰীৰ অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ ৷ বিয়লিৰ ভাগত নিজৰ পছন্দৰ কিতাপ বিচাৰি বিপণীয়ে বিপণীয়ে ভিৰ কৰিছে গ্ৰন্থপ্ৰেমীয়ে ৷ এইবাৰৰ গ্ৰন্থমেলাত যুৱ প্ৰজন্মৰ অংশগ্ৰহণো প্ৰসংশনীয় ৷ আনহাতে প্ৰথম দিনটোৰ পৰাই এইবাৰৰ গ্ৰন্থমেলাত ব্যাপক হাৰত বিক্ৰী হৈছে গ্ৰন্থ ৷

সমান্তৰালকৈ গ্ৰন্থমেলাস্থলীত অনুষ্ঠিত হোৱা অনুষ্ঠানেও লাভ কৰিছে ব্যাপক সমাদৰ ৷ গ্ৰন্থবিক্ৰী পূৰ্বতকৈ এইবাৰ বহু পৰিমানে ভাল বুলি মন্তব্য কৰে উদ্যোক্তাসকলে ৷ অষ্টম দিনটোলৈকে ১ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷ সৰ্বাধিক হাৰত বিক্ৰী হোৱা গ্ৰন্থৰ ভিতৰত আছে অসমীয়া ভাষা সাহিত্যৰ গ্ৰন্থৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ 'ভিন্ন সময় অভিন্ন মত' গ্ৰন্থখনো ৷ অনাগত দিনকেইটাত বিক্ৰী আৰু ভাল হ'ব বুলি মন্তব্য কৰে আয়োজকে ৷

উত্তৰ পূৱ গ্ৰন্থ মেলা

ডিজিটেল মাধ্যমৰ বহুল প্ৰচাৰেও প্ৰভাৱ পেলাব পৰা নাই গ্ৰন্থৰ চাহিদাত ৷ তাকে পুনৰবাৰ প্ৰতিপন্ন কৰিলে উত্তৰ পূৱ গ্ৰন্থমেলাই ৷

Intro:অভিলেখ হাৰত গ্ৰন্থ বিক্ৰী হৈছে উত্তৰ পূৱ গ্ৰন্থ মেলাতBody:
Anchor:: অভিলেখ হাৰত গ্ৰন্থ বিক্ৰী হৈছে উত্তৰ পূৱ গ্ৰন্থমেলাত ৷ ১ নবেম্বৰৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাখনিৰ অষ্টম দিনটোলৈকে ১কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে ৷ সৰ্বাধিক হাৰত বিক্ৰী হোৱা গ্ৰন্থৰ ভিতৰত আছে অসমীয়া ভাষা সাহিত্যৰ গ্ৰন্থৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ ভিন্ন সময় অভিন্ন মত গ্ৰন্থখনো ৷
VO::: অষ্টম দিনত ভৰি দিলে উত্তৰ পূৱ গ্ৰন্থমেলাই ৷ পহিলা দিনটোৰ পৰায়েই এইবাৰৰ গ্ৰন্থমেলাত ব্যাপক হাৰত বিক্ৰী হৈছে গ্ৰন্থ ৷ প্ৰিয় গ্ৰন্থ বিচাৰি বিপনীয়ে বিপনীয়ে ভিৰ কৰিছে পঢুৱৈয়ে ৷ সমান্তৰালভাৱে গ্ৰন্থমেলাথলীত অনুষ্ঠিত হোৱা অনুষ্ঠানেও সমাদৰ লাভ কৰিছে ৷ গ্ৰন্থবিক্ৰীৰ ক্ষেত্ৰত পূৰ্বতকৈ এইবাৰ বহু পৰিমানে ভাল বুলি মন্তব্য কৰে উদ্যোক্তাসকলে ৷ অষ্টম দিনটোলৈকে ১ কোটিতকৈ অধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি জানিবলৈ দিয়ে ৷ লগতে কয় যে অনাগত দিনকেইটাত বিক্ৰী আৰু ভাল হব বুলি মন্তব্য কৰে আয়োজকে ৷
Bite::::
Vo:: এই বৰ্ষত অসমীয়া ভাষা আন্দোলনৰ বিষয়ে সন্নিবিষ্ট থকা গ্ৰন্থ বহু পৰিমানে বিক্ৰী হৈছে ৷ গল্প, উপন্যাসৰ সমান্তৰালভাৱে বিক্ৰী হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱতম গ্ৰন্থ ভিন্ন সময় অভিন্ন মত নামৰ গ্ৰন্থখনো ৷
Bite:::
Vo:: এনেদৰেই গ্ৰন্থৰ প্ৰতি আদৰ বাঢ়িছে গ্ৰন্থপ্ৰেমীৰ ৷ গ্ৰন্থৰ সুবাস বিছাৰি দূৰ দূৰনিৰ পৰাও ঢাপলি মেলিছে চানমাৰীৰ বাকৰিলৈ ৷
Bite:::
Vo:: ইলেকট্ৰনিক মাধ্যমৰ বহুল প্ৰচাৰেও প্ৰভ্ৱ পেলাব পৰা নাই গ্ৰন্থৰ চাহিদাত ৷ উত্তৰ পূৱ গ্ৰন্থমেলাই যেন তাকে পুনৰ বাৰ প্ৰতিপন্ন কৰিলে ৷ যত ব্যাপক হাৰত বাঢ়িছে গ্ৰন্থৰ বিক্ৰীৰ সংখ্যা ৷

Feed sent throught Live UConclusion:লিপিকা ডেকা,গুৱাহাটী
Last Updated : Nov 8, 2019, 11:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.