গুৱাহাটী, ১৯ আগষ্টঃ 'ভাষা-সাহিত্যৰ সংৰক্ষণৰ বাবে অভিধানসমূহৰ ভূমিকা অপৰিসীম । অভিধানসমূহেই এটা ভাষাৰ ৰক্ষণাবেক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । পৃথিৱীৰ সকলো ভাষাৰ দৰে অসমীয়া ভাষাৰ সংৰক্ষণত অভিধানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।' এই মন্তব্য অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননী গোপাল মহন্তৰ ।
বিশিষ্ট লেখক, অভিধান প্ৰণেতা সুমন্ত চলিহাই কুৰি বছৰীয়া পৰিশ্ৰম আৰু গৱেষণাৰে প্ৰস্তুত কৰি উলিওৱা ‘অগ্ৰণী উচ্চাৰণ অভিধান’ (অসমীয়া উচ্চাৰণ পদ্ধতি) গ্ৰন্থখন উন্মোচন কৰে ড৹ ননীগোপাল মহন্তই । অসম প্ৰকাশন পৰিষদৰ গুৱাহাটীৰ বামুণীমৈদামস্থিত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভা ৷
সভাত উন্মোচক হিচাপে অংশগ্ৰহণ কৰি ড৹ মহন্তই লগতে কয়, উচ্চাৰণ সঠিক নহ’লে একোটা শব্দৰ বেলেগ বেলেগ ৰূপ হ’ব পাৰে । গতিকে ৰূপ সলনি নোহোৱাকৈ শব্দৰ সঠিক উচ্চাৰণ অতি প্ৰয়োজনীয় ৷’
অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ দীপ্তি ফুকন পাটগিৰীয়ে অভিধান এখন ৰাইজৰ সন্মুখত উন্মোচন হোৱাৰ দিনটো এক ঐতিহাসিক দিন হিচাপে বিবেচিত হয় বুলি উল্লেখ কৰে । সুমন্ত চলিহাৰ এই অভিধানখনৰ বাবে আজি দিনটো স্মৰণীয় দিন হিচাপে অসমীয়া ৰাইজৰ মাজত বিশেষ সমাদৃত হৈ থাকিব বুলি কয় ড৹ দীপ্তি ফুকন পাটগিৰীয়ে ৷
লগতে পঢ়ক: জীৱনৰ আদিপাঠ আৰম্ভ কৰা বিদ্যালয়খনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
অনুষ্ঠানত বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, ড৹ দয়ানন্দ বৰগোহাঁই, ড৹ উপেন ৰাভা হাকাচাম, ড৹ প্ৰশান্ত চক্ৰৱৰ্তী, ড৹ গোবিন চন্দ্ৰ টাইড, সুশীল কুৰ্মী, ৰূপম বৰুৱা, ড৹ ছাইদুল ইছলাম প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰে । অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য মহাপ্ৰৱন্ধক সন্দীপ গোস্বামী, অৱসৰপ্ৰাপ্ত মুখ্য মহা প্ৰৱন্ধক ৰাজীৱ গোস্বামী আৰু অৱসৰপ্ৰাপ্ত মহাপ্ৰৱন্ধক (দুলীয়াজান) দিলীপ ভূঞাও অনুষ্ঠানত উপস্থিত থাকে ।
অইল ইণ্ডিয়া লিমিটেডৰ অৰ্থ সাহাৰ্যৰে প্ৰকাশিত এই অগ্ৰণী উচ্চাৰণ অভিধানখনৰ প্ৰণেতা সুমন্ত চলিহাই কয়, ভাষা একোটাৰ প্ৰতিটো শব্দৰ উচ্চাৰণ ব্যাকৰণৰ দ্বাৰা সূত্ৰাবদ্ধ কৰাটো সম্ভৱ নহয় । কিয়নো শিথিলভাৱে ক’বলৈ হ’লে শব্দসমূহৰ উচ্চাৰণৰ বেলিকা নিয়মতকৈ ব্যতিক্ৰমৰ সংখ্যাহে অধি ।
তেনে ক্ষেত্ৰত প্ৰতিটো শব্দৰ উচ্চাৰণ গাইগুটীয়াকৈ নিৰ্দেশ কৰাৰ পদ্ধতিয়েই সবাতোকৈ সুবিধাজনক । ইংৰাজীকে মুখ্য কৰি পৃথিৱীৰ প্ৰতিটো ভাষাৰ ক্ষেত্ৰত এই নীতিটোৱেই অনুসৰণ কৰা দৃষ্টিগোচৰ হৈছে ৷’ ভাষণ প্ৰসংগত চলিহাই লগতে কয় যে প্ৰসিদ্ধ ভাষাতত্ত্ববিদ ড॰ গোলোক চন্দ্ৰ গোস্বামীৰ দৰে ব্যক্তিৰ গুৰুবাক্য শিৰোধাৰ্য কৰি এখন অসমীয়া উচ্চাৰণ অভিধানৰ ৰূপৰেখা মনৰ মাজতে অংকন কৰি কাৰ্যক্ষেত্ৰত অগ্ৰসৰ হোৱা হ’ল।
মুঠেই সহজ নোহোৱা এই কামটো কৰিবলৈ যাওঁতে ড॰ ৰমেশ পাঠক প্ৰভৃতি পণ্ডিতসকলৰ উপদেশ তথা সহযোগিতা কেতিয়াও পাহৰিব নোৱাৰোঁ বুলি ভাষণত উল্লেখ কৰে অগ্ৰণী উচ্চাৰণ অভিধানখনৰ প্ৰণেতা সুমন্ত চলিহাই ।
লগতে পঢ়ক: পাঁচ দফীয়া দাবীৰে শিৱসাগৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ