গুৱাহাটী, ৬মাৰ্চ: গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত জুবলী হলত দেওবাৰে এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় (Book released at Guwahati)। লেখক সৌৰভ কুমাৰ দাসৰ আত্মজীৱনীমূলক গ্ৰন্থ "জালুকবাৰীত মোৰ সোণোৱালী অতীত"ৰ উন্মোচনী সভখনত কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে । কৃষ্ণচূড়াৰ দেশ হিচাপে খ্য়াত জালুকবাৰীত কটোৱা দিনৰ সোণোৱালী স্মৃতিক সুন্দৰভাৱে উপস্থাপন কৰি গ্ৰন্থৰ ৰূপত প্ৰকাশ কৰি উলিওৱা "জালুকবাৰীত মোৰ সোণোৱালী অতীত" উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ তথা যশস্বী আবৃত্তিকাৰ ড৹ অমৰজ্যোতি চৌধুৰীয়ে ।
সাহিত্যিক লীলাধৰ হাজৰিকাৰ সঞ্চালনাত গুৱাহাটীৰ নুনমাটিস্থিত জুবলী হল প্ৰাংগণত বিয়লি অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ তথা যশস্বী আবৃত্তিকাৰ ড৹ অমৰজ্যোতি চৌধুৰীয়ে গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি কয় যে, গ্ৰন্থখনৰ কাহিনী সঁচা যদিও পঢ়ি থাকিলে উপন্য়াসৰ কাহিনীৰ দৰে অনুভৱ হয় (Educationist Dr Amarjyoti Choudhury released book)।
উন্মোচনী ভাষণত বিশিষ্ট শিক্ষাবিদগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতি থকা শ্ৰদ্ধা জনাই জালুকবাৰীৰ পটভূমিত লিখা "জালুকবাৰী মোৰ সোণোৱালী অতীত" নামৰ গ্ৰন্থখনৰ জৰিয়তে লেখকে জালুকবাৰীত অতিবাহিত কৰা দিনবোৰৰ ছবি সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে (Book on Jalukbari released in Noonmati Jubilee Hall)। এনে এখন আত্মজীৱনীমূলক গ্ৰন্থৰ জৰিয়তে বিশ্বৰ নতুন সাহিত্যত লেখকে খোজ পেলাবলৈ সক্ষম হ'ব পাৰিব বুলি ব্যক্ত কৰে । লেখক সৌৰভ কুমাৰ দাসে কয় যে, জালুকবাৰীতেই জন্ম হৈছে অসমৰ বহুতো বিখ্য়াত ক্ৰিকেট খেলুৱৈৰ । ইয়াতেই সৃষ্টিৰ সমল বিচাৰি পোৱা যায় ।
এই অনুষ্ঠানটোত সমাজকৰ্মী কুমুদ ৰাম বৰাই বন্তি প্ৰজ্বলন কৰে । কটন বিশ্ব বিদ্যালয়ৰ অধ্যাপিকা ড৹ মালা দত্তৰ (Professor of Cotton University) কবিতা আবৃত্তিৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাত সংগীত শিল্পী সূৰ্য গোস্বামী, গুৱাহাটী আকাবাণী কেন্দ্ৰৰ সহকাৰী সঞ্চালক অৱনী ৰঞ্জন পাঠক (Assistant Director of Guwahati Akabani Centre), বিশিষ্ট গীতিকাৰ বেণুধৰ কলিতা, প্ৰাক্তন ক্ৰিকেটাৰ বিমল ভৰালী, গুৱাহাটী কলেজৰ অধ্যাপক ড৹ দীনেশ কাকতি, ভাৰতীয় তেল নিগমৰ (পাইপ লাইন) মহা প্ৰৱন্ধক গৌতম কুমাৰ দাসকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে । উল্লেখ্য যে, এগৰাকী চিন্তাশীল লেখক তথা ভাৰতীয় তেল নিগমৰ বিষয়া সৌৰভ কুমাৰ দাসৰ ৮৪ পৃষ্ঠাৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ সাগৰিকা অনামিকা প্ৰকাশনে ।