ETV Bharat / state

এইবাৰো বাতিল হ'ল বোল ব’ম উৎসৱ - শ্ৰী শ্ৰী বানেশ্বৰ দেৱালয়

বিগত বৰ্ষৰ দৰেই পুনৰ বাতিল হ’ল শুক্ৰেশ্বৰ দেৱালয়ৰ বোল বম মহোৎসৱ ৷ ২৪ জুলাইৰ পৰা ২২ আগষ্টলৈ অনুষ্ঠান হ'বলগীয়া বোল ব’ম মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰে শুক্ৰেশ্বৰ দেৱালয় কৰ্তৃপক্ষই ।

bol bom fest got cancelled once again
এইবাৰো বাতিল হ'ল বোল ব’ম মহোৎসৱ
author img

By

Published : Jul 6, 2021, 10:29 PM IST

গুৱহাটী, ৬ জুন : ক'ভিডৰ জটিল পৰিস্থিতিৰ বাবে প্ৰতি বছৰে শাওণ মাহত অনুষ্ঠিত হোৱা বোল বম(Bol Bom) মহোৎসৱ এইবাৰো বাতিল কৰিলে মহাপ্ৰভূ শুক্ৰেশ্বৰ দেৱালয় পৰিচালনা সমিতিয়ে(sukreshwar dewalya management comitee)। ২৪ জুলাইৰ পৰা ২২ আগষ্টলৈ অনুষ্ঠান হ'বলগীয়া বোল বম মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল কৰিছে শুক্ৰেশ্বৰ দেৱালয় কৰ্তৃপক্ষই ৷ বোল ব’মৰ প্ৰাকমুহূৰ্তত শ্ৰী শ্ৰী শুক্ৰেশ্বৰ দেৱালয়, শ্ৰী শ্ৰী বানেশ্বৰ দেৱালয় আৰু বশিষ্ঠ আশ্ৰম দেৱালয় সমিটিৰ বিষয়ববীয়া সকলে এখন সভা অনুষ্ঠিত কৰি তেওঁলোকৰ চূড়ান্ত সিদ্ধান্তৰ বিষয়ে অৱগত কৰে ।

bol bom fest got cancelled once again
এইবাৰো বাতিল হ'ল বোল ব’ম মহোৎসৱ

এই মহামাৰীৰ সময়ত সংক্ৰমণ ৰোধ কৰাৰ বাবে এইবাৰ বছৰেকীয়া বোল বম অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱা হৈছে । এই ক্ষেত্ৰত ৰাইজেও সহায় সহযোগ কৰিব বুলি আশা প্ৰকাশ কৰে দেৱালয় তিনিখনৰ বিষয়ববীয়া সকলে । বোলবোম অনুষ্ঠিত হ’লে ক’ভিড পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ শংকা ব্যক্ত কৰিছে দেৱালয় কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, প্ৰতি বছৰে শাওণ মাহৰ এই পবিত্র সময়ত ভাৰতবৰ্ষৰ লগতে অসমতো হিন্দু ধৰ্মৰ লোকে বোল বম মহোৎসৱ পালন কৰে । গুৱাহাটী মহানগৰীত বোল বমৰ সময়ত প্ৰতি বছৰে লাখ লাখ লোকে শাওণ মাহৰ সন্ধিয়া খোজ কাঢ়ি গৈ বশিষ্ঠ মন্দিৰৰ সন্ধ্যা, ললিতা আৰু কান্তা নদীৰ পৰা পানী আনি শুক্ৰেশ্বৰ দেৱালয়ৰ শিৱ লিংগত অৰ্পণ কৰে ।

bol bom fest got cancelled once again
এইবাৰো বাতিল হ'ল বোল ব’ম মহোৎসৱ

লোক বিশ্বাস মতে বোল ব’মৰ সময়ত বশিষ্ঠ মন্দিৰৰ পৰা পানী লৈ গৈ শুক্ৰেশ্বৰ দেৱালয়ৰ লিংগত অৰ্পণ কৰিলে মনৰ আশা পূৰণ হয় । এই জনবিশ্বাস অনুসৰি, প্ৰত্যেক বছৰে গুৱাহাটীকে ধৰি ৰাজ্যজুৰি বোল ব’ম উৎসৱ উদযাপন কৰি অহা হৈছে । অৱশ্যে, বিগত বৰ্ষত ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ বাবে বাতিল হোৱাৰ দৰেই এইবাৰো বোল ব’ম কাৰ্যসূচী বাতিল হোৱাত এতিয়া সমগ্ৰ ৰাজ্যৰ ভক্ত গণৰ মন সেমেকি পৰিছে ৷

লগতে পঢ়কঃ কংগ্ৰেছৰ হাত এৰি গেৰুৱা সাজ পিন্ধিব নেকি ৰাজীৱ লোচন পেগুৱে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.