ETV Bharat / state

বকোৰ শাখাতিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

author img

By

Published : Apr 20, 2020, 12:18 PM IST

কামৰূপৰ বকোৰ শাখাতি অঞ্চলত সোমবাৰে পুৱা উদ্ধাৰ হয় এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ । শাখাতিৰ এখনত পথাৰত স্থানীয় ৰাইজে উদ্ধাৰ কৰে লাজুকী বান্দৰটোক ।

boko-slow-loris-rescued-by-locals
বকোৰ শাখাতিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

বকো, 20 এপ্ৰিলঃ মানৱ সভ্যতা যিমানে আধুনিকতাৰ ফালে গতি কৰিছে সিমানেই সংকুচিত হৈ আহিছে প্ৰাকৃতিক অৱয়ব সমূহ ৷ বিশেষকৈ বনাঞ্চল সমূহ দ্ৰুত গতিত কমি অহাৰ ফলত ক্ৰমাৎ আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে বহু দুষ্প্ৰাপ্য প্ৰাণী ৷ অসমৰ বনাঞ্চল সমূহৰ পৰাও বিলুপ্ত প্ৰায় হ‘ব ধৰিছে যুগ যুগ ধৰি অসমৰ ঐতিহ্য বহন কৰি অহা বহু প্ৰজাতিৰ চৰাই,জীৱ-জন্তু ৷ তাৰে ভিতৰত লাজুকী বান্দৰ অন্যতম ৷ কিন্তু এই লাজুকী বান্দৰৰ সংখ্যা ক্ৰমাৎ কমি অহাত শংকিত হৈ পৰিছে ৰাজ্যৰ প্ৰকৃতি প্ৰেমীসকল ৷

কামৰূপৰ বকোৰ শাখাতি অঞ্চলত দেওবাৰে পুৱা উদ্ধাৰ হয় এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ। শাখাতিৰ এখন পথাৰত স্থানীয় ৰাইজে উদ্ধাৰ কৰে লাজুকী বান্দৰটোক । পৰৱৰ্তী সময়ত স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ পুৱা বন বিভাগক খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ কোনো লোক ।

লগতে পঢ়ক : চতিয়াত বৃহৎ সংখ্যক অবৈধ চিলিণ্ডাৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.