ETV Bharat / state

বন্ধ কোঠাত ওলাল মাতৃৰ অৰ্ধগলিত মৃতদেহ, সংকটজনক অৱস্থাত উদ্ধাৰ হ’ল কন্যা

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ বন্ধ কোঠাত অৰ্ধগলিত অৱস্থাত মাতৃৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছে কন্যাক (Woman found dead in Guwahati)৷ এয়া হত্যা নে আত্মহত্যা সেই বিষয়ে এই পৰ্যন্ত আৰক্ষী নিশ্চিত হ’ব পৰা নাই ।

author img

By

Published : Apr 11, 2022, 10:38 PM IST

Suspicious Death in Guwahati
বন্ধ কোঠাত মাতৃৰ অৰ্ধগলিত মৃতদেহ, সংকটজনক অৱস্থাত কন্যা

গুৱাহাটী, ১১ এপ্ৰিল: গুৱাহাটী মহানগৰীত প্ৰতিদিনেই যেন সংঘটিত হ’বলৈ ধৰিছে হত্যা-হিংসা, চুৰি-ডকাইতি আদিৰ দৰে অপৰাধজনিত ঘটনা । পুনৰ আন এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী । সোমবাৰে পাঞ্জাবাৰী অঞ্চলত এটা নিৰ্মীয়মান এপাৰ্টমেণ্টৰ বন্ধ কোঠাত অৰ্ধগলিত অৱস্থাত মাতৃৰ মৃতদেহৰ লগতে মুমূৰ্ষ অৱস্থাত কন্যাক উদ্ধাৰ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ (Woman found dead in Guwahati)।

সংকটজনক অৱস্থাত কন্যা কাবেৰী হাজৰিকা(৪৫)ক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে দিছপুৰ আৰক্ষীয়ে । দণ্ডাধীশৰ উপস্থিতিত দিছপুৰ আৰক্ষীয়ে বন্ধ কোঠাটোৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা মৃত মহিলাগৰাকী হৈছে গুৱাহাটী ৰুক্মিণী নগৰৰ বীণাবালা হাজৰিকা(৭৫) ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে মহানগৰীৰ ৰুক্মিণীগাঁৱৰ বাসিন্দা বীণাবালা হাজৰিকা আৰু কন্যা কাবেৰী হাজৰিকাৰ নামত থকা ৰুক্মিণীগাঁৱৰ দুই কঁঠা ভূমিত মাধৱ শৰ্মা নামৰ এজন লোকে এবছৰ পূৰ্বে এপাৰ্টমেণ্ট নিৰ্মাণ কৰিবলৈ চুক্তিবদ্ধ হৈছিল ।

সেই অনুসৰি বিল্ডাৰ মাধৱ শৰ্মাই ২০২১ চনৰ জুন মাহত মাতৃ- কন্যাক বাঘৰবাৰীৰ গংগা শান্তি এপাৰ্টমেণ্টৰ গ্ৰাউণ্ড ফ্লৰত থকাৰ ব্যৱস্থা কৰি দিয়ে । তেতিয়াৰে পৰা মাতৃ-কন্যা ফ্লেটটোত বাস কৰি আছিল । সোমবাৰে পুৱাৰ ভাগত এপাৰ্টমেণ্টটোৰ নিৰ্মাণৰ কামত জড়িত শ্ৰমিকে কোঠাটোৰ পৰা দুৰ্গন্ধ ভাঁহি অহাৰ উমান পায় । পাছত শ্ৰমিক কেইজনে দুৰ্গন্ধৰ উৎস বিচাৰি ফ্লেটটোৰ খিৰিকীৰে জুমি চোৱাত মজিয়াত মহিলাগৰাকীৰ মৃতদেহ পৰি থকা দেখা পায় ।

লগে লগে শ্ৰমিককেইজনে ফ্লেটৰ মেনেজাৰক খবৰ দিয়ে আৰু কিছুসময়ৰ পাছত মেনেজাৰজনে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত খবৰ দিয়ে । ঘটনাস্থলীত দিছপুৰ আৰক্ষীৰ লোক উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত ফ্লেটৰ দুৱাৰ ভাঙি অৰ্ধগলিত অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃতপ্ৰায় অৱস্থাত থকা আন এগৰাকী মহিলাক উদ্ধাৰ কৰে ৷

পাছত মুমূৰ্ষ অৱস্থাত থকা মহিলাগৰাকীক জি এম চি এইছ লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে উদ্ধাৰ কৰা মহিলা দুগৰাকী সম্বন্ধত মাতৃ-কন্যা বুলি চিনাক্ত কৰে (Mother found dead with daughter in poor condition in Guwahati)। সম্পূৰ্ন উৱলি যোৱা অৱস্থাত উদ্ধাৰ হোৱা বৃদ্ধাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি মহিলাগৰাকীৰ ১০ দিন পূৰ্বে মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।

ইপিনে, উদ্ধাৰ হোৱা কন্যা কাবেৰী হাজৰিকা মানসিক ৰোগী বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে । আত্মীয় তথা ওচৰ-চুবুৰীয়াৰ লগত কোনো সম্পৰ্ক নথকা মাতৃগৰাকীয়ে মানসিক চিকাৰৰ বলি হৈ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বুলি ধাৰণা কৰিছে । অৱশ্যে মহিলাগৰাকীৰ কিদৰে মৃত্যু হ’ল তাৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই ।

এয়া প্ৰকৃততে হত্যা নে আত্মহত্যা সেই বিষয়েও আৰক্ষী নিশ্চিত হ’ব পৰা নাই । অৱশ্যে মৰনোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব ঘটনাৰ প্ৰকৃত ৰহস্য । মন কৰিবলগীয়া কথা যে,কাবেৰী হাজৰিকাৰ পিতৃ ভোলাৰাম হাজৰিকাই অসম হাউচিং কৰ্পোৰেশ্যনত চাকৰি কৰিছিল । ডেৰ বছৰ পূৰ্বে ভোলাৰাম হাজৰিকাৰ মৃত্যু হোৱাৰ পাছৰে পৰা পেঞ্চনৰ টকাৰে মাতৃ আৰু কন্যাই ঘৰ চলাই আহিছিল ।

লগতে পঢ়ক: ব্য়ৰ্থ গুৱাহাটী স্মাৰ্ট আৰক্ষী: এমাহে সন্ধান নাই গাড়ীগাঁও দলবদ্ধ ধর্ষণকাণ্ডৰ ৪ অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.