ETV Bharat / state

অনলাইন টিকটৰ নামত ক’লা বজাৰ চলিছে নেকি চিৰিয়াখানাত ? - assam state zoo

অসম ৰাজ্যিক চিৰিয়াখানা চাবলৈ আহি বিমুখ হৈছে দৰ্শনাৰ্থী । অনলাইন টিকটৰ নামত টিকটৰ ক’লা বজাৰ চলাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে দৰ্শনাৰ্থীয়ে ৷

black-market-running-in-guwahati-zoo-in-the-name-of-online-ticket
অনলাইন টিকটৰ নামত ক’লা বজাৰ চলিছে নেকি চিৰিয়াখানাত ?
author img

By

Published : Oct 31, 2021, 7:57 PM IST

গুৱাহাটী, ৩১ অক্টোবৰ : অসম ৰাজ্যিক চিৰিয়াখানা চাবলৈ আহি বিমুখ হৈছে দৰ্শনাৰ্থী । অনলাইন টিকটৰ বিসংগতিয়ে বিমুখ কৰিছে দৰ্শনাৰ্থীক । কৰ’ণা মহামাৰীৰ সময়ত বন্ধ থকা চিৰিয়াখানা দৰ্শকৰ বাবে মুকলি কৰি দিয়াৰ পাছতে এতিয়া ভিৰ বাঢ়িছে চিৰিয়াখানাত ৷ কিন্তু অনলাইন টিকট ক্ৰয়ত চলিছে বিসংগতি । আনকি, চিৰিয়াখানাত অনলাইন টিকটৰ ক’লা বজাৰ চলাৰো বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ।

অনলাইন টিকটৰ নামত ক’লা বজাৰ চলিছে নেকি চিৰিয়াখানাত ?

৩০ টকাৰ পৰিৱৰ্তে ৫০ টকাত দৰ্শকে ক্ৰয় কৰিছে টিকট । অনলাইন টিকট ক্ৰয়ত ব্যৰ্থ বহু দৰ্শক । আনকি, বহুতৰে অনলাইনত পইচা কাটিলেও নাপালে টিকট । লকডাউনৰ পাছৰ পৰাই ৰাজ্যিক চিৰিয়াখানাৰ টিকট ক্ৰয়ৰ বাবে কৰিছিল অনলাইন ব্যৱস্থা ৷ প্ৰতিদিনে সীমিত সংখ্যক লোকৰ সমাগমৰ বাবে এই ব্যৱস্থা কৰিছিল চিৰিয়াখানাৰ কৰ্তৃপক্ষই ৷

দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে ভীৰ কৰিছে চিৰিয়াখানাত । বন্ধবাৰত পৰিয়ালৰ সৈতে চিৰিয়াখানা চাবলৈ আহিল কিন্ত বিমুখ হৈ ঘূৰিবলগীয়া হৈছে এই লোক সকল । আনহাতে অনলাইনত টিকট ক্ৰয় কৰিব নাজানে বহু দৰ্শনাৰ্থীয়ে ৷ ইয়াৰে সুযোগ লৈ এতিয়া চিৰিয়াখানাৰ চৌহদত চলিছে টিকটৰ ক’লা বজাৰ ৷

খোদ চিৰিয়াখানাৰ কৰ্তৃপক্ষও ইয়াৰ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ চিৰিয়াখানাৰ গেটৰ সন্মুখত ৰৈ আছে এটা অসাধু চক্ৰ যি টিকট ক্ৰয় কৰি দিয়াৰ নামত লৈছে অধিক টকা ৷ চিৰিয়াখানাৰ চৌহদত চলা এই ক’লা টিকটৰ বজাৰৰ বিষয়ে জানিও DFO তথা আন সকল নিমাত হৈ থকাৰ বাবেও আশ্চৰ্য প্ৰকাশ কৰিছে বহুজনে ৷

লগতে পঢ়ক : আৰক্ষীৰ জালত ঘোষ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী প্ৰতুল ঘোষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.