ETV Bharat / state

অসমত বিভিন্ন সংগঠনৰ ক'লা দিৱস পালন - মোডী চৰকাৰৰ সমালোচকক দেশদ্ৰোহী

মোডী চৰকাৰৰ জনপৰিপন্থী নীতিৰ প্ৰতিবাদত সমগ্ৰ দেশৰ লগতে অসমতো ক'লা দিৱস পালন । গুৱাহাটী ক্লাৱৰ উপৰি মহানগৰীৰ ঠায়ে ঠায়ে শাৰীৰিক দূৰত্ব বজাই ৰাখি ঠিয় হৈ আৰু হাতত প্লে’কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰা হয় ।

Black day
অসমত বিভিন্ন সংগঠনৰ ক'লা দিৱস পালন
author img

By

Published : May 27, 2021, 10:04 AM IST

গুৱাহাটী, 27 মে': সমগ্ৰ দেশৰ লগতে বুধবাৰে অসমতো শ্ৰমিক, কৃষক, ছাত্ৰ, যুৱক আৰু মহিলা সংগঠনসমূহে ক'লা দিৱস পালন কৰে । দিল্লীৰ প্ৰৱেশ পথত বিগত ছয় মাহ ধৰি সংযুক্ত কৃষক মৰ্চাই চলাই থকা আন্দোলনৰ প্ৰতি সমৰ্থন জনাই আৰু ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱা বি জে পি চৰকাৰক ধিক্কাৰ জনাই এই ক'লা দিৱস পালন কৰা হয় । এই সন্দৰ্ভত চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শৰ্মা আৰু এছ এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে এক বিবৃত্তি যোগে কয় যে দেশৰ সংবিধান প্ৰদত্ত অধিকাৰবোৰৰ পৰা দেশৰ জনগনক বঞ্চিত কৰি আছে এই চৰকাৰখনে । মোডী চৰকাৰৰ সমালোচকক দেশদ্ৰোহী সজাই জেলত ভৰাই ৰখা হৈছে । অসমৰ সন্তান দেৱংগনা কলিতা, নাটাছা নাৰোৱাল আৰু অখিল গগৈক মিছা অভিযোগত বিগত এক বছৰ ধৰি বন্দী কৰি ৰাখিলে । দেশৰ অন্নদাতা কৃষক, দেশৰ সম্পদ সৃষ্টিকৰ্তা শ্ৰমিকৰ মৌলিক অধিকাৰ এই চৰকাৰে কৰ্তন কৰি আছে ।

দিল্লীত আন্দোলনৰত কৃষকৰ ৩১৭ জনে এতিয়ালৈ প্ৰাণ দিলে । তথাপিও মোডী চৰকাৰ নিৰ্বিকাৰ । বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চৰকাৰী কৰ আদায় দিয়া ভাৰতবৰ্ষৰ জনসাধাৰণে আটাইতকৈ বেছি জীয়াতু ভুগিব লগা হৈছে ক'ভিড পৰিস্থিতিত । ভাৰত মাতৃৰ সম্পদ আৰু সন্তানক ৰক্ষণাবেক্ষণ দিয়াত ব্যৰ্থ হোৱা মোডী চৰকাৰৰ জনপৰিপন্থী নীতিৰ প্ৰতিবাদত বুধবাৰে এইদৰে ক'লা দিৱস পালন কৰা হৈছে বুলি উল্লেখ কৰে চি আই টি ইউৰ সাধাৰণ সম্পাদক তপন শৰ্মা আৰু এছ এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে ।

Black day
অসমত বিভিন্ন সংগঠনৰ ক'লা দিৱস পালন

মহানগৰীৰ গুৱাহাটী ক্লাৱৰ সমীপৰ ফুটপাথত শাৰীৰিক দূৰত্ব বজাই ৰাখি ঠিয় হৈ আৰু হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰা হয় । একেদৰে গুৱাহাটীৰ মালিগাঁও, বশিষ্ঠ চাৰিআলি, লখৰা, নাৰেংগী আদি ঠাইতো এই কাৰ্যসূচী ৰূপায়িত হয় । কাৰ্যসূচীবোৰত শ্ৰমিক নেতা বীৰেন শৰ্মা, নৰেণ পাঠক, মদন তালুকদাৰ, প্ৰতুল বৰ্মন, ৰতন সূত্ৰধৰ, ৰঞ্জিত বিশ্বাস, ছাত্ৰ নেত্ৰী সংগীতা দাস, উৎপলা দাস, যুৱ নেতা লোকনাথ অধিকাৰী, লিন্টন শইকীয়া, মেহজেবিন ৰহমান আৰু ৰাজেশ আহমেদ উপস্থিত থাকে । প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ বিভিন্ন প্ৰান্তত চি আই টি ইউ, অসম ৰাজ্যিক কৃষক সভা, এছ এফ আই, ডি ৱাই এফ আই আৰু গণতান্ত্ৰিক মহিলা সমিতিৰ উপৰিও কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে, ৰাজ্যৰ ১৪২ খন ঠাইত এই ক'লা দিৱস কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

লগতে পঢ়ক: বুদ্ধ পূৰ্ণিমাৰ বাবে বন্ধ থাকিল লাওখোৱা সহকাৰী স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.