গুৱাহাটী,২৪ ফেব্ৰুৱাৰী : 'ৰাজ্যৰ পৌৰ সভাৰ নিৰ্বাচনত বিজেপিয়ে ইতিমধ্যে জয়যাত্ৰা আৰম্ভ কৰিছে ।' গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে পৌৰ সভা নিৰ্বাচনৰ (Assam municipal election 2022) বিজেপিৰ সংকল্প পত্ৰ (ইস্তাহাৰ) উন্মোচন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে (CM releases municipal election manifesto of BJP)। তেওঁ কয় যে ৰাজ্যৰ পৌৰ সভাৰ অন্তৰ্গত ৯০০ ৱাৰ্ডৰ ৬০ টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে । আকৌ উত্তৰ গুৱাহাটী আৰু চতিয়া পৌৰ সভাত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিয়ে দখল কৰিছে ।
তেওঁ কয় যে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে আগন্তুক পৌৰ সভা নিৰ্বাচনত বিজেপিৰ ফলাফল যথেষ্ট ভাল হ'ব । তেওঁ কয় যে পৌৰ সভা নিৰ্বাচনৰ বিজেপিৰ সংকল্প পত্ৰত (Assam municipal election manifesto of BJP) অসমৰ মধ্যবিত্ত আৰু দৰিদ্ৰ মানুহৰ ভূমিৰ সমস্যা সমাধান কৰা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি অধিক ত্বৰান্বিত কৰাত বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে । প্ৰতিখন চহৰৰ আবাসীক চৰকাৰী পানী যোগান ধৰা, চহৰবোৰৰ আৱৰ্জনাৰ সু-ব্যৱস্থা কৰা আদি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।
তেওঁ কয় যে অহা ১০ মে'ৰ পৰা প্ৰতিখন জিলাত ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হ'ব । জিলাসমূহত পশু চিকিৎসালয়বোৰ উন্নত কৰা হ'ব । চলিত বছৰৰ পৰা ধেমাজি, মৰিগাঁও, বঙাইগাঁও, গোলাঘাটত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব ।
চহৰৰবোৰত বৈদ্যুতিক বাছ দিয়া হ'ব । গুৱাহাটীলৈ সোনকালেই ২০০ খন নতুন বৈদ্যুতিক বাছ অনা হ'ব । পৌৰ সভা নিৰ্বাচনৰ বিজেপিৰ সংকল্প পত্ৰত ৰাজ্যৰ নগৰবোৰৰ উন্নয়নৰ বাবে মাষ্টাৰ প্লেন প্ৰস্তুত কৰা, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা, চিচিটিভি সংযোগ কৰা, ট্ৰেফিক ব্যৱস্থাপনা উন্নত কৰা, কৃত্ৰিম বানৰ সমস্যা সমাধান কৰা আদি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । অনুষ্ঠানত বিজেপিৰ সভাপতি ভৱেশ কলিতাও উপস্থিত থাকে ।
লগতে পঢ়ক :Assam municipal election 2022: শিৱসাগৰত পৌৰসভাৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাক লৈ জালিয়তিৰ অভিযোগ