ETV Bharat / state

আমাক হাতী নালাগে !

author img

By

Published : Mar 8, 2021, 1:46 PM IST

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ জানিব পৰা মতে, বিজেপিয়ে মিত্ৰদল অগপক সমষ্টিটো এৰি দিয়াক কেন্দ্ৰ কৰিয়েই বিজেপি নেতা-কৰ্মীসকল ক্ষুণ্ণ হৈ পৰিছে ৷ যাৰ বাবে সোমবাৰে পুৱা প্ৰতিবাদত উত্তাল হৈ পৰে গুৱাহাটীৰ লালগণেশ ৷

BJP WORKERS PROTEST
আমাক হাতী নালাগেঃবিজেপি কৰ্মীৰ প্ৰতিবাদত উত্তাল পশ্চিম গুৱাহাটী সমষ্টি

গুৱাহাটী,৮ মাৰ্চ: নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ৰাজ্যৰ বিভিন্ন সমষ্টিত অব্যাহত আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিতো এতিয়া প্ৰতিবাদৰ জোঁৱাৰ উঠিছে ৷ জানিব পৰা মতে, বিজেপিয়ে মিত্ৰদল অগপক সমষ্টিটো এৰি দিয়াক কেন্দ্ৰ কৰিয়েই বিজেপি নেতা-কৰ্মীসকল ক্ষুণ্ণ হৈ পৰিছে ৷ যাৰ বাবে সোমবাৰে পুৱা প্ৰতিবাদত উত্তাল হৈ পৰে গুৱাহাটীৰ লালগণেশ অঞ্চল ৷ হাতে-হাতে প'ষ্টাৰ-বেনাৰ লৈ প্ৰতিবাদকাৰীসকলে হাতী আমাক নালাগে, আমাক পদুম ফুল লাগে আদি বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

আনহাতে, প্ৰতিবাদকাৰীসকলে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী নিদিলে নিৰ্বাচনত ন’টা ব্যৱহাৰ কৰাৰ হুংকাৰ দিয়ে ৷ ইপিনে, লালগণেশৰ উপৰিও আজাৰাকে ধৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত বিজেপিৰ নেতা-কৰ্মীসকলে সোমবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে, এইবাৰ পশ্চিম গুৱাহাটী সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী দিয়াৰ বাবে সমষ্টিটোৰ বিজেপি নেতা-কৰ্মীসকলৰ উপৰি সমৰ্থকসকলে দাবী উত্থাপন কৰি আহিছিল । কিন্তু অৱশেষত অগপক সমষ্টিটো এৰি দিয়া হ'ল আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পথ প্ৰশস্ত হ'ল ।

লগতে পঢ়কঃ নাৰী দিৱস বিশেষ: নাছাত ভাৰতীয় মহিলাৰ গৌৰৱোজ্জল ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.