গুৱাহাটী,৫ এপ্ৰিল: লোকসভা নিৰ্বাচনক লৈ টঙালি বান্ধিছে BJP য়ে । ৰাইজৰ মন জয় কৰিবলৈ এইবাৰ প্ৰতিখন গাঁৱলৈ তথা প্ৰতিখন ঘৰলৈ যাব BJP কৰ্মকৰ্তা । সেই উদ্দেশ্যৰেই বুধবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত OBC মৰ্চাৰ সংবাদমেল (Press conference of BJP OBC Morcha ) ।
সংবাদমেল সম্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য তথা "গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ" শীৰ্ষক অভিযানৰ ৰাষ্ট্ৰীয় প্ৰভাৰী সুৰেন্দ্ৰ বদলিয়াই (Go from village to village go door to door campaign) । সংবাদ মেলত সংগ দিয়ে ৰাজ্যিক অবিচি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰে (BJP OBC Morcha President Ashwini Roy Sarkar) । উক্ত সংবাদমেলযোগে গাঁৱে গাঁৱে যাওঁ, ঘৰে ঘৰে যাওঁ শীৰ্ষক অনুষ্ঠানৰ বিষয়ে আলোকপাত কৰে ।
৬ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ এই কাৰ্যসূচী চলিব বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় প্ৰভাৰীগৰাকীয়ে । এই কাৰ্যসূচীৰ জৰিয়তে ঘৰে ঘৰে গৈ OBC কল্যাণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰা কামসমূহৰ খতিয়ান দাঙি ধৰিব বুলি উল্লেখ কৰে । লগতে চৰকাৰে জনসাধাৰণৰ বাবে জনকল্যাণমূলক বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰাব । এই কাৰ্যসূচীৰ শেষৰ দিনটোতো জ্যোতিৰাও গোবিন্দাও ফুলেৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি তেওঁৰ জীৱনৰ ওপৰত বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিব ।
লগতে অ.বি.চি প্ৰসিদ্ধ ব্যক্তিসকলৰ সৈতে নাগৰিক সন্মিলন, অ.বি.চি মেধাবী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা, অ'বিচি সম্প্ৰদায়ৰ বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা আগবঢ়োৱা ব্যক্তিক সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব । উক্ত সংবাদমেলতে ৰাজ্যিক অবিচি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰে OBC ক লৈ ৰাহুল গান্ধীয়ে কৰা মন্তব্যকো সমালোচনা কৰা দেখা যায় (Surendra Badalia slams Rahul gandhi) । সভাপতি গৰাকীয়ে কয় যে, কংগ্ৰেছৰ এজন প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ OBC সমাজৰ ওপৰত কৰা মন্তব্য গৰিহণাৰ যোগ্য ।
সদনত পিচপৰা শ্ৰেণী আগবাঢ়ি যোৱাতো বিৰোধীয়ে নিবিচাৰে বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় প্ৰভাৰী সুৰেন্দ্ৰ বদলিয়াই । কিন্তু নৰেন্দ্ৰ মোডীৰ নেতৃত্বত BJP ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা মণ্ডল তথা বুথ পৰ্যায়লৈ সকলোৱে পিচপৰা শ্ৰেণীক আগবঢ়াই নিয়াৰ বাবে কাম কৰি আছে । এয়া সচাকৈয়ে প্ৰশংসনীয় বুলি উল্লেখ কৰে বদলিয়াই । আনহাতে, এই কাৰ্যসূচীৰ জৰিয়তে BJP য়ে প্ৰতিখন ঘৰৰ প্ৰতিজন ব্যক্তিলৈ যি বাৰ্তা পঠিয়াব খুজিছে সেয়া সফল হ'ব বুলিও দৃঢ়তাৰে প্ৰকাশ কৰে ।
লগতে পঢ়ক: Assam Accord Issue in Assembly: অসম চুক্তিৰ উত্তৰক লৈ অসন্তুষ্ট কংগ্ৰেছৰ সদন ত্যাগ