ETV Bharat / state

বিজেপিৰ নৱ নিৰ্বাচিত ৱাৰ্ড কাউন্সিলৰসকলৰ অভিনন্দন অনুষ্ঠান

author img

By

Published : Apr 26, 2022, 10:54 PM IST

গুৱাহাটী মাছখোৱাত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ নৱ নিৰ্বাচিত ৱাৰ্ড কাউন্সিলৰসকলক অভিনন্দন জ্ঞাপন (BJP ward councilor felicitation program at ITA)৷ অনুষ্ঠানত ভৱেশ কলিতাই বিজেপিৰ নিৰ্বাচিত ৱাৰ্ড কাউন্সিলক শপত বাক্য পাঠ কৰোৱাৰ লগতে অনুষ্ঠানত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

bjp-ward-councilor-felicitation-program-held-at-ita-in-guwahati
বিজেপিৰ নৱ নিৰ্বাচিত ৱাৰ্ড কাউন্সিলৰসকলৰ অভিনন্দন অনুষ্ঠান

গুৱাহাটী, 26 এপ্ৰিল : গুৱাহাটী মাছখোৱা আইটিএ(ITA) কমপ্লেক্সত মঙলবাৰে অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ নৱ নিৰ্বাচিত ৱাৰ্ড কাউন্সিলৰসকলক অভিনন্দন জনোৱা হয় (BJP ward councilor felicitation program at ITA)। অনুষ্ঠানত আদৰণি ভাষণ দি অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে, বলিষ্ঠ নেতৃত্বৰ বাবে জয়লাভ কৰিবলৈ সক্ষম হৈছো । নিৰ্বাচনটো আমাৰ বাবে প্ৰত্যাহ্বান আছিল । বিৰোধীয়ে বিভিন্ন Propoganda কৰিছিল ।

তেওঁ কয় যে, "মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবে আমি জয় লাভ কৰিছো । ৬০ শতাংশ ভোট পাইছো । এয়া আমাৰ ঐতিহাসিক বিজয় । ইতিবাচক হিচাপে কাম কৰাৰ আহ্বান জনাইছোঁ । অগপৰ নিৰ্বাচিত ৱাৰ্ড কাউন্সিলৰ আমাৰে কাউন্সিলৰ । একেলগে কাম কৰিব লাগিব । আমাৰ বিজয় ধাৰা অব্যাহত ৰাখিব লাগিব । নিজৰ নিজৰ ৱাৰ্ডত সাংগঠনিক ভেটি শক্তিশালী কৰিব লাগিব"।

অনুষ্ঠানত ভৱেশ কলিতাই বিজেপিৰ নিৰ্বাচিত ৱাৰ্ড কাউন্সিলক শপত বাক্য পাঠ কৰায় । অনুষ্ঠানত বিজেপিৰ নিৰ্বাচিত ৫২ গৰাকী ৱাৰ্ড কাউন্সিলক মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনায়। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অগপৰ নিৰ্বাচিত ৱাৰ্ড কাউন্সিলৰসকলকো সম্বৰ্ধনা জনায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিজেপিৰ এই বিজয়ৰ আৰত তৃণমূল পৰ্যায়ত কাম কৰা কাৰ্যকৰ্তাসকল আছে ।

তেওঁ কয়, "ইস্তাহাৰত যি প্ৰতিশ্ৰুতি দিছিলোঁ সেইবোৰ নিষ্ঠা সহকাৰে কৰিম । এই বিজয় ঐতিহাসিক । পৰাজয় হোৱা দুয়োটা ৱাৰ্ডতে উন্নয়নৰ কাম কৰিম । অহা মাহত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনতো বিজয় সাব্যস্ত কৰিম । গুৱাহাটীত বিজেপিৰ সাংগঠনিক ভেটি দুৰ্বল থকা স্বত্বেও গুৱাহাটীবাসীৰ আকুণ্ঠ সমৰ্থনৰ বাবে আমি বিজয় সাব্যস্ত কৰিছো ।" ইফালে গুৱাহাটীত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে তেওঁ আহ্বান জনায় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "গুৱাহাটীৰ কৃত্ৰিম বান আৰু খোৱাপানীৰ সমস্যা কাইলৈ আমি সমাধান কৰিব নোৱাৰিলেও বিজেপিৰ কাউন্সিলৰ সকলে নিষ্ঠা সহকাৰে কাম কৰিব লাগিব । দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো ৱাৰ্ডত বি জে পিৰ কাৰ্যালয় স্থাপন কৰিব লাগিব । ৰাজ্য চৰকাৰে খৰছ কৰি হ'লেও পানী যোগানৰ ব্যৱস্থা কৰাৰ অগ্ৰাধিকাৰ দিয়া হ'ব । ১০ কোটি টকা প্ৰতিটো ৱাৰ্ডৰ ৰাস্তাৰ নিৰ্মাণ কৰা হ'ব । অহা তিনিমাহৰ ভিতৰত দিয়া হ'ব । প্ৰথম বছৰত ৰাস্তা নিৰ্মাণ কৰাৰ বাবে ৬০০ কোটি টকা খৰছ কৰা হ'ব । অহা জুলাইৰ নতুনকৈ ৬০,০০০ গৰাকীক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব । জুলাইৰ পৰা ৫ হাজাৰ মানুহক পানী দিয়া হ'ব । গুৱাহাটী এখন মডেল টাউন হিচাপে গঢ়ি তোলা হ'ব ।"

আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কুইন ওজা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, বিধায়ক জয়ন্ত মল্ল বৰুৱা , বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, মন্ত্ৰী অশোক সিংঘাল আদি ।

লগতে পঢ়ক : জিগনেশ মেৱানীক আক্ৰোশমূলক হিচাপে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে : বিৰোধী দলপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.