গুৱাহাটী, ৭ জুন: বিজেপি চৰকাৰে নিজ দলৰ ৰাজনৈতিক ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া চলাই আছে । এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । বুধবাৰে দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলৰ উপ-সভাপতি তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাসে কয় যে, সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বা ডিলিমিটেচন প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰৰ পূৰ্ণ হস্তক্ষেপত বিজেপি দলৰ ইচ্ছা অনুসৰি হৈ আছে (AJP criticizes BJP govt)।
অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ তত্বাৱধানত গোপনে চৰকাৰৰ ফালৰ পৰাই ডিলিমিটেচনৰ খচৰা প্ৰস্তুত কৰি নিৰ্বাচন আয়োগক জমা দিয়া হৈছে আৰু আয়োগে কেৱল ৰাইজক দেখুৱাবলৈ খচৰাখন প্ৰকাশৰ আনুষ্ঠানিকতা সম্পন্ন কৰিব বুলি তেওঁ অভিযোগ কৰে (Constituency delimitation in Assam) ।
তেওঁ কয় যে, আইন মতে ডিলিমিটেচন প্ৰক্ৰিয়াৰ মানচিত্ৰ প্ৰস্তুত কৰাৰ দায়িত্ব সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া অৰ্থাৎ ৰাজহ চক্ৰ বিষয়াৰহে । ৰাজহ চক্ৰ বিষয়াই তেওঁৰ ওপৰৰ বিষয়া মহকুমা নিৰ্বাচনী পঞ্জীয়ন বিষয়া (মহকুমাধিপতি) বা জিলা নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ (উপায়ুক্ত) সৈতে আলোচনা সাপেক্ষে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়ে (Process of constituency delimitation) ।
লগতে পঢ়ক: Goods train ran over workers: ওড়িশাত পুনৰ ৰে’ল দুৰ্ঘটনা; ছয়জন শ্ৰমিকৰ মৃত্যু
এই ক্ষেত্ৰত প্ৰশাসনীয় এলেকাৰ সীমা আৰু ভৌগোলিক সা-সুবিধাসমূহৰ বিষয়ৰ প্ৰতি বিশেষ ধ্যান দিয়াটো এটা চৰ্ত । কিন্তু এইবাৰ এগৰাকী মন্ত্ৰীৰ তত্বাৱধানত নিৰ্বাচন আয়োগৰ দ্বাৰা নহয় বৰং ৰাজনৈতিক ব্যক্তিৰ দ্বাৰাহে অসমৰ সকলো সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছে বুলি দাসে কয় (AJP on constituency delimitation) ।
সংবাদমেল যোগে তেওঁ খচৰা প্ৰকাশ হোৱাৰ লগে লগে উল্লেখিত আইনৰ বিধি-বিধানসমূহ পুংখানুপুংখভাৱে মানি চলা হৈছে নে নাই সেয়া পৰীক্ষা কৰি চাবলৈ সকলো পক্ষকে আহ্বান জনায় । সাংবাদিকৰ প্ৰশ্নত তেওঁ লগতে কয় যে, শাসনাধিষ্ঠ দলক বাদ দি বাকী সকলোৱেই ২০০১ চনৰ লোকপিয়লৰ আধাৰত তথা এই মুহূৰ্ততে ডিলিমিটেচন কৰাৰ বিৰোধিতা কৰি আহিছে (Constituency delimitation news)।
কিন্তু চৰকাৰৰ যিহেতু ক্ষমতা আছে সেয়ে তেওঁলোকে কৰি আছে । গতিকে খচৰা পৰীক্ষাৰ পিচত যদি আইনৰ দিশসমূহ মানি চলাটো খচৰাত প্ৰতিফলিত নহয় তেতিয়া অসম জাতীয় পৰিষদে আইনৰ দ্বাৰস্থ হোৱাৰ বিকল্প গ্ৰহণ কৰাৰ কথা চিন্তা কৰিব বুলি তেওঁ কয় ।
আনহাতে দলৰ সম্পাদক ৰাজু ফুকনে কয় যে, অসমৰ খিলঞ্জীয়া মানুহৰ দুৰ্ভাগ্য যে তেওঁলোকৰ ৰাজনৈতিক ভাগ্য নিৰ্ধাৰণৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীয়ে এগৰাকী 'বেপাৰী মন্ত্ৰী'ৰ হাতত ন্যস্ত কৰিছে । নাম উল্লেখ নকৰিলেও মন্ত্ৰী অশোক সিংহলক এজেপিয়ে বেপাৰী মন্ত্ৰী আখ্যা দিয়ে ।
লগতে পঢ়ক: Goods train ran over workers: ওড়িশাত পুনৰ ৰে’ল দুৰ্ঘটনা; ছয়জন শ্ৰমিকৰ মৃত্যু
সংবাদমেলত তেওঁ গভীৰ উষ্মাৰে কয় যে, আজি ৰাজস্থানত গৈ কোনোবা গগৈ, শইকীয়া বা দাসে সেই ৰাজ্যৰ মানুহৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণৰ দায়িত্ব ল’ব পাৰিব নেকি, নোৱাৰে । কিন্তু অসমীয়া মানুহৰ দুৰ্ভাগ্য যে, অসমত এতিয়া সেয়াই হৈ আছে । সংবাদমেলত এজেপিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল (AJP criticizes BJP Govt) ।