ETV Bharat / state

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় মুকলি কৰিবলৈ আহিব অমিত শ্বাহ-জে পি নাড্ডা

শুকুৰবাৰে বিয়লি ৪ বজাত গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । শনিবাৰে উদ্বোধন কৰিব প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় । খানাপাৰাৰ খেলপথাৰত সম্বোধন কৰিব বুথ কাৰ্যকৰ্তা সন্মিলন । সমবেত হ'ব ৪৫ হাজাৰ কৰ্মকৰ্তা । দেৱালীৰ পাছত হ'ব মহা যোগদান কাৰ্যসূচী । জে পি নাড্ডাই অনুমোদন জনোৱা অসম প্ৰদেশ বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ কমিটীৰ নাম ঘোষণা ।

author img

By

Published : Oct 6, 2022, 6:28 PM IST

BJP
মুখ্য কাৰ্যালয় মুকলি কৰিবলৈ আহিব অমিত শ্বাহ আৰু জে পি নাড্ডা

গুৱাহাটী,৬ অক্টোবৰ : গুৱাহাটীৰ বশিষ্ঠত নিৰ্মাণ কৰা প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব (State BJP new office in Guwahati)। মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই (BJP central leader to inaugurates new office)। ইয়াৰ বাবে শুকুৰবাৰে বিয়লি ৪ বজাত গুৱাহাটীত উপস্থিত হ'ব অমিত শ্বাহ আৰু জে পি নাড্ডা । ৰাজ্যিৰ বিজেপিৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।

তেওঁ কয় যে, ৮ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা প্ৰদেশ বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয় উদ্বোধন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানত বিজেপিৰ ৭৫ গৰাকী জ্যেষ্ঠ কৰ্মকৰ্তাক সন্মান জনোৱা হ'ব । বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয় মুকলি কৰাৰ পাছতে দুপৰীয়া ১২ বজাত খানাপাৰাৰ খেলপথাৰত বুথ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব (BJP meeting in Khanapara)।

কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বুথ কাৰ্যকৰ্তা সন্মিলন সম্বোধন কৰিব । এই সন্মিলনত ৪০ হাজাৰৰ পৰা ৪৫ হাজাৰ কৰ্মকৰ্তাৰ সমাগম হ'ব বুলি তেওঁ উল্লেখ কৰে । যোগদান কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয় যে কৰ্মকৰ্তাৰ বিশাল সমাবেশৰ বাবেই যোগদান কাৰ্যসূচী পিছুৱাই দিয়া হৈছে (BJP joining program cancel)। এইক্ষেত্রত দলত কোনো দ্বিমত নাই বুলি সদৰি কৰি তেওঁ কয় যে দেৱালীৰ পাছত মহা যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব ।

ইফালে মাজুলীত উদীয়মান শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যু সন্দৰ্ভত তেওঁ কয় যে, এইটো অত্যন্ত দুখজনক ঘটনা । কাৰ গাফিলতিৰ বাবে তেজস্বিতা বৰুৱাৰ মৃত্যু হ'ল সেয়া স্বাস্থ্য বিভাগে চাব বুলি তেওঁ সদৰি কৰে । সংবাদমেলত তেওঁ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অনুমোদন জনোৱা অসম প্ৰদেশ বিজেপিৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ কমিটীৰ বিষয়ে উল্লেখ কৰে ।

তেওঁ অনুমোদন জনোৱা ক'ৰ কমিটী, নিৰ্বাচন কমিটী, বিত্ত সমিতি আৰু অনুশাসন সমিতিৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰে । ঘোষণা কৰা অনুসৰি ক'ৰ কমিটীত আছে সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কুইন ওজা, মন্ত্ৰী ৰণজিৎ দাস, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰতন তেৰণ, উপ-সভানেত্ৰী বিজুলী কলিতা মেধী, উপ-সভাপতি তপন গগৈ, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিমল অশ্বোৱাল, তিনিগৰাকী সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, পুলক গোঁহাই আৰু দিপ্লু ৰঞ্জন শৰ্মা ।

আনহাতে ক'ৰ কমিটীৰ (BJP core committee) বিশেষ আমন্ত্ৰিত সদস্য হৈছে ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃপ্ৰভাৰী পৱন শৰ্মা, উত্তৰ-পূবৰ সমন্বয়ক সম্বিত পাত্ৰ আৰু যুটীয়া সমন্বয়ক ঋতুৰাজ শৰ্মা ।

সেইদৰে নিৰ্বাচন সমিতিত আছে সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী ৰণজিৎ দাস, অশোক সিংহল, পীযুষ হাজৰিকা, নন্দিতা গাৰ্লোছা, সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, কামাখ্যা প্ৰসাদ তাছা, উপ-সভাপতি নৱ কুমাৰ দলে, অ'বিচি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, বিধায়ক প্ৰশান্ত ফুকন, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা আৰু মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা ।

নিৰ্বাচন কমিটীৰ (BJP election committee) বিশেষ আমন্ত্ৰিত সদস্য হৈছে ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্ৰভাৰী পৱন শৰ্মা, উত্তৰ পূবৰ সমন্বয়ক সম্বিত পাত্ৰ, যুটীয়া সমন্বয়ক ঋতুৰাজ শৰ্মা । বিত্তীয় সমিতিত (BJP finance committee) আছে অধ্যক্ষ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা, সদস্য সচিব ৰাজকুমাৰ শৰ্মা, সদস্য মনোজ ছৰফ, বিজয় কুমাৰ গুপ্তা আৰু বিধায়ক কৃষ্ণেন্দু পাল ।

ইফালে বিজেপিৰ অনুশাসন সমিতিত (BJP Disciplinary Committee) আছে অধ্যক্ষ মিছন ৰঞ্জন দাস, সদস্য সচিব বিজন মহাজন, সদস্য ৰেখা ৰাণী দাস বড়ো, ধ্ৰুৱ প্ৰসাদ বৈশ্য আৰু ভৱেন শৰ্মা । সংবাদমেলত বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, সাংসদ পল্লৱ লোচন দাস আৰু মিডিয়া আহ্বায়ক ধ্ৰুৱজ্যোতি মৰল উপস্থিত আছিল ।

লগতে পঢ়ক :হোজাইৰ নামঘৰত সত্যৰঞ্জন বৰাৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.