ETV Bharat / state

Bhabesh Kalita: নিজৰ স্থিতিত অটল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

author img

By

Published : Jul 30, 2023, 8:06 PM IST

জিতু দাস নামৰ মোৰ কোনো পি এ নাই ৷ এই কথাত অটল ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা ৷ জিতু দাসৰ সৈতে থকা ফটো সন্দৰ্ভতো পূৰ্বৰ স্থিতিত অচল কলিতা ৷ "আমি হ'লো নেতা, নেতাৰ লগত ফটো নুঠি কাৰ লগত উঠিব । ৰাস্তাৰে যোৱা ভিখাৰীজনৰ লগত উঠিব নেকি" বুলি মন্তব্য কলিতাৰ ৷

BJP state president Bhabesh Kalita
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

গুৱাহাটী, ৩০ জুলাই: 'আমি হ'লো নেতা, নেতাৰ লগত ফটো নুঠি কাৰ লগত উঠিব । ৰাস্তাৰে যোৱা ভিখাৰীজনৰ লগত উঠিব নেকি ।' - দাম্ভিকতাৰ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পৃষ্ঠপোষকতাত চুপাৰি আৰু বালিৰ ছিণ্ডিকেট চলাৰ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এটাৰ পাচত আনটোকৈ ছিণ্ডিকেটত ভৱেশ কলিতাৰ নাম সাঙোৰ খাই পৰাত ৰাজ্যৰ ৰাজনীতি গৰম হৈ পৰিছে ।

বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে বিভিন্ন সংগঠনে ভৱেশ কলিতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । বিশেষকৈ চুপাৰি ছিণ্ডিকেট সন্দৰ্ভত ভৱেশ কলিতাৰ ব্যক্তিগত সচিব জিতু দাসক আৰক্ষীয়ে সোধা-পোছা চলোৱাৰ পাচত বালিৰ মহলক লৈ পোহৰলৈ অহা বন বিভাগৰ পত্ৰ সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । যাক লৈ বৰ্তমান ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত দেওবাৰে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ভৱেশ কলিতাই জিতু কলিতা তেওঁৰ ব্যক্তিগত সচিব নহয় বুলি পুনৰ দোহাৰে ।

তেওঁ কয় যে তেওঁৰ কোনো ব্যক্তিগত সচিব নাই । আনকি জিতু দাসৰ পৰিচয় পত্র সন্দৰ্ভতো তেওঁ অজ্ঞতা প্ৰকাশ কৰে । আনহাতে জিতু দাসৰ সৈতে থকা ফটো সন্দৰ্ভত তেওঁ কয় যে আমি হ'লো নেতা, নেতাৰ লগত ফটো নুঠি কাৰ লগত উঠিব । ৰাস্তাৰে যোৱা ভিখাৰীজনৰ লগত উঠিব নেকি বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে ।

বিমানত একেলগে যোৱাৰ প্ৰসংগত তেওঁ কয় যে কোনোৱা একেলগে যাব পাৰে, তাত কি আপত্তি আছে । কোনোৱা লগত লগেই পি এ হৈ গ'ল নেকি বুলি পুনৰ প্ৰশ্ন কৰে তেওঁ ।

লগতে পঢ়ক: Assam BJP President Bhabesh Kalita: ব্যক্তিগত সহায়কৰ প্ৰসংগত বিজেপিৰ ৰাজ্যিক সভাপতিৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.