গুৱাহাটী,1 নৱেম্বৰ : দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপি বাৰ্তা উন্মোচন, যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ৰণজিৎ দাসে উল্লেখ কৰে যে, বিজেপিৰ সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী কাম-কাজে সকলোকে আকৰ্ষিত কৰিছে বিজেপি দললৈ ৷ সেয়েহে কংগ্ৰেছে, কাৰ্বি ছাত্ৰ পৰিষদ, সাংস্কৃতিক জগতৰ মুঠ ৩৭ গৰাকীয়ে দেওবাৰে বিজেপি দলত যোগদান কৰিছে ৷ আগন্তুক দিনত বিজেপিক তেওঁলোকে সহায় কৰিব ৷ ভাৰতীয় জনতা পাৰ্টীক সহায় কৰা মানে ৰাষ্ট্ৰভক্তি কৰা আৰু কংগ্ৰেছৰ নিচিনা বিজেপি কোনো পৰিয়ালকেন্দ্ৰিক নহয় বুলিও উল্লেখ কৰে ৰণজিৎ দাসে ৷ লগতে চৰকাৰখনে যি সমূহ আঁচনি ঘোষণা কৰিছে সেই সমূহ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি যাতে অন্য কোনোৱে যাতে আঁচনি সমূহৰ সুবিধা নলয় তাৰ প্ৰতিও আহ্বান জনায় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।
একেদৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে বিজেপি দলৰ উন্নয়নৰ জয় গান গাই কয় যে, বিজেপি দলৰ শাসন কালত বৰাক-ব্ৰহ্মপুত্ৰ একাকাৰ হৈছে আৰু জনসাধাৰণৰ মানসিকতাৰ সলনি হৈছে সেয়ে এতিয়া কংগ্ৰেছ শংকিত আৰু চিন্তিত হৈছে পৰিছে ৷ আনফালেদি AIUDF-কংগ্ৰেছৰ মিত্ৰতাৰ ফলত কেইবাটাও সমষ্টিত বিজেপি দল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ৷ কিন্তু সেই মিত্ৰতাৰ বাবে বিজেপিয়ে কেইবাটাও নতুন সমষ্টি দখল কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰণজিৎ দাসে ৷ যি সমূহ সমষ্টি কংগ্ৰেছৰ দখলত আছে যেনে নাজিৰা, শিৱসাগৰ, মৰিয়নি, তিতাবৰ, ডুমডুমা, গোলাঘাট, সৰুপথাৰ, নাওবৈচা, উত্তৰ কৰিমগঞ্জ, বাঘবৰ এইবাৰ নিৰ্বাচনত সকলোবোৰ বিজেপিৰ দখললৈ যোৱাৰ লগতে আগন্তুক বিধান সভাৰ নিৰ্বাচনত বিজেপিয়ে ১০৩ খন আশন পাব বুলিও মন্তব্য কৰে ৰণজিৎ দাসে ৷
লগতে পঢ়কঃ মিঞা মিউজিয়াম বিজেপিৰ ভিছন ডকুমেণ্টৰ প্ৰস্তাৱ : জগদীশ ভূঞা