ETV Bharat / state

নিৰ্বাচনী ৰণডংকা বজাবলৈ ২৬ নৱেম্বৰত অসমলৈ আহি আছে নাড্ডা

২৬ আৰু ২৭ নৱেম্বৰত গুৱাহাটীত বিজেপিৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া, মুখ্যমন্ত্ৰী, মন্ত্ৰী, সাংসদ আৰু বিধায়কসকলৰ সৈতে সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ কৌশল সন্দৰ্ভত বুজ ল’ব জেপি নাড্ডাই ।

author img

By

Published : Nov 19, 2020, 9:26 PM IST

JPNadda
নিৰ্বাচনী ডংকা বজাবলৈ ২৬ নৱেম্বৰত অসমলৈ আহি আছে নাড্ডা

গুৱাহাটী, ১৯ নৱেম্বৰ : ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ ২৬ নৱেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । ২৬ আৰু ২৭ নৱেম্বৰত তেওঁ গুৱাহাটীত বিজেপিৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল,মুখ্যমন্ত্ৰী,মন্ত্ৰীসকল,সাংসদসকল আৰু বিধায়কসকলৰ সৈতে সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ কৌশল সন্দৰ্ভত বুজ ল’ব । কেৱল সিমানেই নহয়, ৰাজ্যৰ বিশিষ্ট নাগৰিক সকলৰ সৈতেও বাৰ্তালাপত মিলিত হ’ব বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকী ।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক বিষয়ববীয়াৰ সভাত ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ আগন্তুক অসম ভ্ৰমণ সন্দৰ্ভত আলোচনা কৰা হয় । দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ এই বৈঠকত দলৰ কেন্দ্ৰীয় নেতা অজয় জামুৱাল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থকাৰ কথা আছিল যদিও তেওঁলোকৰ এজনো উপস্থিত নাথাকিল ।

আনহাতে, বি টি আৰৰ নিৰ্বাচন সন্দৰ্ভতো আজিৰ এই বৈঠকত আলোচনা কৰাৰ লগতে ৩০ নৱেম্বৰ পৰ্যন্ত দলে অসমত ৰূপায়ণ কৰিবলগীয়া নিৰ্বাচনকেন্দ্ৰিক কৰ্মসূচীও পৰ্যালোচনা কৰা হয় ।

লগতে পঢ়ক : কংগ্ৰেছৰ দিনত হোৱা দুৰ্নীতি,ছিণ্ডিকেটৰ মহানায়ক আছিল হিমন্তঃ প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.