ETV Bharat / state

Sansad Adarsh Gram Yojana : বিজেপিৰ সাংসদসকলেই পাহৰিলে প্ৰধানমন্ত্রী মোডীৰ আদৰ্শ গাঁৱৰ কথা - Sansad Adarsh Gram Yojana

‘সাংসদ আদর্শ গ্ৰাম যোজনা'ৰ অধীনত সাংসদসকলক পৰ্যায়ক্ৰমে ২০২৪ চনৰ ভিতৰত সমষ্টিৰ অধীনস্থ এলেকাৰ ৮ খনকৈ গাঁৱক আদৰ্শ গাঁৱলৈ উন্নীত কৰাৰ নিৰ্দেশ দিছিল প্ৰধানমন্ত্ৰীয়ে । বহু ৰাজ্যৰ সাংসদে ভাল ফলাফল দেখুওৱাৰ বিপৰীতে অসমৰ সাংসদসকলে এশ শতাংশ আন্তঃগাঁথনিৰে এখনো গাঁও আদর্শ গাঁৱলৈ উন্নীত কৰিব পৰা নাই । বিজেপিৰ সাংসদ সকলেই অবহেলা কৰিলে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ ।

Sansad Adarsh Gram Yojana
ৰেন্দ্ৰ মোডীৰ আদৰ্শ গাঁও
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:40 PM IST

গুৱাহাটী, ৫ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক অভিলাষী আঁচনি 'সাংসদ আদর্শ গ্ৰাম যোজনা' ৷ এই আঁচনিখন বিজেপিৰ চৰকাৰ হোৱাৰ পাছত ২০১৪ চনতে মুকলি কৰা হৈছিল । লক্ষ্য হৈছে পৰ্যায়ক্ৰমে ২০২৪ চনৰ ভিতৰত একোজন সাংসদে নিজ নিজ সমষ্টিৰ অধীনস্থ এলেকাৰ ৮ খনকৈ গাঁৱক আদৰ্শ গাঁৱলৈ উন্নীত কৰা । কিন্তু এই আঁচনিখনৰ কথা যেন বিজেপিৰ সাংসদসকলেই পাহৰিলে৷ আঁচনিখনৰ নিৰ্ধাৰিত সময়সীমা উকলিবলৈ বেছিদিন নাই যদিও এশ শতাংশ আন্তঃগাঁথনিৰে ৰাজ্যখনত নির্মাণ হৈ নুঠিল সাংসদ আদর্শ গ্ৰাম যোজনাৰ আদৰ্শ গাঁও ।

একোজন সাংসদক নিজ নিজ সমষ্টিৰ অধীনস্থ এলেকাত ২০২৪ চনৰ ভিতৰত ৮ খনকৈ গাঁৱক আদৰ্শ গাঁৱলৈ উন্নীত কৰাৰ বাবে নিৰ্দেশ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কিন্তু ৮ খনকৈ গাঁৱক আদর্শ গাঁৱলৈ উন্নীত কৰাৰ কথা দূৰৈৰে এশ শতাংশ আন্তঃগাঁথনিৰে এখনো গাঁও আদর্শ গাঁৱলৈ উন্নীত কৰা হোৱা নাই ৷ প্ৰকৃতাৰ্থত একাংশ সাংসদে আদর্শ গাঁৱৰ বিষয়টোক অলপো গুৰুত্ব প্ৰদান নকৰিলে । কিন্তু এতিয়া লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ প্ৰাৰ্থীত্ব লাভৰ বিষয়টোক লৈ দলীয় সেইসকল সাংসদ চিন্তিত হৈ পৰিছে ।

লক্ষ্যণীয় বিষয় যে বিজেপিৰ অসমৰ সাংসদ সকলৰ গাফিলতিৰ বিপৰীতে ছট্টিশগড়, গুজৰাট, উত্তৰ প্ৰদেশ, হাৰিয়ানা, হিমাচল প্ৰদেশ, ৰাজস্থান আদি ৰাজ্যত কেইবাখনো গাঁৱক ইতিমধ্যে সাংসদসকলে আদর্শ গাঁৱলৈ উন্নীত কৰিবলৈ সক্ষম হৈছে৷ ইফালে আদৰ্শ গাঁৱৰ আঁচনিখন ৰূপায়নৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ, অৰুণাচল প্ৰদেশ, ছিকিম আদি ৰাজ্যও অসমৰ তুলনাত আগবাঢ়ি আছে ৷ উল্লেখ্য যে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ২০১৪ চনৰ ১১ অক্টোবৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্মবাৰ্ষিকীৰ দিনটোত মুকলি কৰা হৈছিল সাংসদ আদর্শ গ্ৰাম যোজনা ।

এই আঁচনিখন মুকলি কৰি প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ প্ৰথমটো কার্যকালত অর্থাৎ ২০১৯ চনৰ ভিতৰত সাংসদসকলক নিজ নিজ সমষ্টিৰ তিনিখনকৈ গাঁৱক আদৰ্শ গাঁৱলৈ উন্নীত কৰাৰ নিৰ্দেশ দিছিল । এই তিনিখন গাঁৱৰ ভিতৰত এখন গাঁৱক ২০১৬ চনৰ ভিতৰত আৰু আন দুখন গাঁৱক ২০১৯ চনৰ ভিতৰত আদৰ্শ গাঁৱলৈ উন্নীত কৰাৰ নিৰ্দেশ দিছিল । প্ৰথমটো কাৰ্যকালত তিনিখনকৈ গাঁৱক আদৰ্শ গাঁৱলৈ উন্নীত কৰাৰ পাছত দ্বিতীয়টো কাৰ্যকালত ২০১৯ চনৰ পৰা ২০২৪ চনলৈ আন ৫ খন গাঁৱক আদর্শ গাঁৱলৈ উন্নীত কৰাৰ বাবে সাংসদসকলক প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছিল ।

এইক্ষেত্ৰত লোকসভাৰ সাংসদসকলৰ সৈতে ৰাজ্যসভাৰ সাংসদসকলকো প্ৰধানমন্ত্ৰীয়ে জড়িত কৰিছিল । লোকসভাৰ সাংসদসকলক নিজ সমষ্টিৰ অধীনস্থ এলেকাৰ গাঁৱক বাচনি কৰি আদৰ্শ গাঁৱলৈ উন্নীত কৰাৰ নিৰ্দেশ দিয়াৰ বিপৰীতে ৰাজ্য সভাৰ সাংসদসকলে ৰাজ্যখনৰ লগতে দেশৰ যিকোনো গাঁৱক আদর্শ গাঁৱলৈ উন্নীত কৰা অভিযানৰ অংশীদাৰ হ’বলৈ নিৰ্দেশ দিছিল । নিৰ্দেশ দিয়াই উপৰি সাংসদ আদর্শ গ্ৰাম যোজনা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নীতি-নিয়ম নিৰ্ধাৰণ কৰিছিল । কেন্দ্ৰীয় চৰকাৰৰ এই নীতি নিয়মৰ আধাৰত প্ৰথম অৱস্থাত অসমৰ লোকসভাৰ সাংসদসকলে বিশেষকৈ বিজেপি দলৰ সাংসদসকলে উদ্যমেৰে একোখন গাঁও বাছনি কৰি আদৰ্শ গাঁৱলৈ উন্নীত কৰাৰ পদক্ষেপ লৈছিল ।

তেতিয়াৰ গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে পলাশবাৰীত, ৰমেন ডেকাই নলবাৰীত, বদৰুদ্দিন আজমলে মানকাচৰত, ৰাম প্ৰসাদ শৰ্মাই তেজপুৰত আদৰ্শ গাঁৱৰ কাম-কাজ আৰম্ভ কৰিছিল । আনসকল সাংসদেও নিজ নিজ সমষ্টিত আদর্শ গাঁৱৰ কাম-কাজ আৰম্ভ কৰিছিল । ৰাম প্ৰসাদ শৰ্মাই আকৌ এখন গাঁৱৰ কাম-কাজ আৰম্ভ কৰাৰ পাছত আন দুখন গাঁৱক আদর্শ গাঁও হিচাবে গঢ়িবলৈ পদক্ষেপ লৈছিল । কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল । অর্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰথম পাঁচ বছৰীয়া কাৰ্যকালত অসমত তিনিখনৰ ভিতৰত এখনো গাঁও সম্পূর্ণ আদর্শ গাঁৱলৈ উন্নীত নহ'ল । আন দলৰ সাংসদৰ কথা বাদেই বিজেপিৰ সাতগৰাকী সাংসদৰ এজনেও গঢ়িব নোৱাৰিলে আদর্শ গাঁও ।

পৰৱৰ্তী সময়ত ৰাজ্যখনত বিজেপিৰ সাংসদৰ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি পায় । অর্থাৎ ৰাজ্যসভাৰ সাংসদৰ কথা বাদ দি লোকসভাৰ সাংসদেই ৯ গৰাকী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চলিত দ্বিতীয়টো কার্যকালত এইসকল সাংসদৰ প্ৰতিগৰাকীয়ে নিয়ম অনুযায়ী নিজ নিজ সমষ্টিত পাঁচখনকৈ গাঁৱক আদৰ্শ গাঁৱলৈ উন্নীত কৰাৰ কথা আছিল । কিন্তু পাঁচখন গাঁৱৰ কথা বহু দূৰৈত দ্বিতীয়টো কার্যকালত অসমত সাংসদ আদর্শ গ্ৰাম যোজনাৰ কাম অলপো আগনাবাঢ়িল । নতুনকৈ নিৰ্বাচিত হোৱা একাংশ সাংসদে আঁচনিখন ৰূপায়ণত মনোনিৱেশেই নকৰিলে । অথচ এই আদর্শ গাঁও নিৰ্মাণৰ সময়সীমা শেষ হ'বলৈ বেছি দিন নাই ।

এতিয়া নিৰ্বাচন সমাগত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ অমান্য কৰি সাংসদ আদর্শ গ্ৰাম যোজনাৰ ক্ষেত্ৰত গাফিলতি কৰা সাংসদসকলৰ ক্ষেত্ৰত দলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Flood Information Centre in Guwahati : বানৰ পূৰ্বাভাস লাভত সহায়; গুৱাহাটীত জলসম্পদ বিভাগৰ ৰাজ্যিক তথ্য কেন্দ্ৰ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.