ETV Bharat / state

Allegation Against BJP MLA: বিজেপি বিধায়কে কাঢ়ি ল’লে কলকাতাৰ ব্যৱসায়ীয়ে স্থাপন কৰা উদ্যোগ, মুখ্যমন্ত্ৰীলৈ পত্ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 3:51 PM IST

বিজেপি বিধায়কৰ সাংগো-পাংগোৰ বলেৰে কলকাতাৰ ব্যৱসায়ীয়ে অসমত স্থাপন কৰা উদ্যোগ কাঢ়ি লোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিজেপি বিধায়ক ভাস্কৰ শৰ্মা আৰু অনুগত বাহিনীৰ কু-কীৰ্তিৰ কাহিনী সবিশেষ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ লিখিলে কলকাতাৰ উদ্যোগপতিয়ে ।

Allegation Against BJP MLA
মুখ্যমন্ত্ৰীলৈ কলকাতাৰ উদ্যোগপতিৰ পত্ৰ

গুৱাহাটী, 9 অক্টোবৰ: অসমৰ এগৰাকী বিজেপি বিধায়কৰ সাংগো-পাংগৰ বলেৰে কলকাতাৰ ব্যৱসায়ীয়ে অসমত স্থাপন কৰা উদ্যোগ কাঢ়ি লোৱাৰ খবৰে তোলপাৰ লগাইছে ৰাজ্য ৷ মাৰ্ঘেৰিটাৰ বিতৰ্কিত বিজেপি বিধায়ক ভাস্কৰ শৰ্মা আৰু অনুগত বাহিনীৰ কু-কীৰ্তিৰ কাহিনী সবিশেষ জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ লিখিলে কলকাতাৰ উদ্যোগপতিয়ে । প্ৰতাৰণা, অপৰাধমূলক আস্থা ভংগ, অপৰাধমূলক ভয়, জালিয়াতিৰ অভিযোগেৰে বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ সহযোগী বাবা কলিতা, প্ৰদীপ সিং আৰু চন্দন কলিতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ লিখিলে অভিযোগ পত্ৰ ৷

Allegation Against BJP MLA
মুখ্যমন্ত্ৰীলৈ কলকাতাৰ উদ্যোগপতিৰ পত্ৰ

ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিনিয়োগকাৰীক আমন্ত্ৰণ জনাই আহিছে ৷ মুখ্যমন্ত্ৰীয়ে অসমৰ উদ্যোগিক ক্ষেত্ৰত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰি অহাৰ সময়তে এইবাৰ অসমৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে মুকলি গুণ্ডাৰাজৰ অভিযোগ ৷ ক’বলৈ গ’লে কলকাতাৰ দুগৰাকী ব্যৱসায়ীয়ে অসমত স্থাপন কৰা এটা উদ্যোগ কাঢ়ি ল’লে বিজেপি বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ বিতৰ্কিত কয়লা বেপাৰীয়ে ৷

Allegation Against BJP MLA
মুখ্যমন্ত্ৰীলৈ কলকাতাৰ উদ্যোগপতিৰ পত্ৰ

ভয়-ভাবুকিৰে নিজৰ ঘনিষ্ঠৰ দ্বাৰাই উদ্যোগটো কাঢ়ি লোৱাৰ অভিযোগত অভিযুক্ত বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে তেওঁৰ তিনিজন ঘনিষ্ঠৰ নামসহ মুখ্যমন্ত্ৰীলৈ অভিযোগপত্ৰ প্ৰেৰণ কৰিছে কলকাতাৰ মহেশ ভীমচাৰিয়া নামৰ ব্যৱসায়ীগৰাকীয়ে । মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেটৰ নাম জড়িত হৈ অহা বিধায়কজনৰ বিৰুদ্ধে উত্থাপন হৈছে বিনিয়োগকাৰীক ভয়-ভাবুকি প্ৰদৰ্শন কৰি এটা উদ্যোগ কাঢ়ি লোৱাৰ গুৰুতৰ অভিযোগ ৷ সংবাদ মাধ্যমতো ইতিমধ্যে ফাদিল হৈছে বিধায়কজনৰ এই ক’লা অধ্যায় ৷

সেই অনুসৰি, বিজেপি বিধায়কজনৰ সহযোগী প্ৰদীপ সিং আৰু চন্দন কলিতাই ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত লগ পাইছিল কলকাতাৰ ব্যৱসায়ী ঈশান জৈনক ৷ বিধায়কজনৰ এই সহযোগী দুগৰাকীয়ে ঈশান জৈনক মাৰ্ঘেৰিটাত এটা ক’কৰ উদ্যোগ স্থাপনৰ প্ৰস্তাৱ দিয়ে ৷ এই উদ্যোগ স্থাপনৰ বাবে স্থানীয়ভাৱে সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে ৷ প্ৰদীপ সিং আৰু চন্দন কলিতাৰ প্ৰস্তাৱ আছিল ক’ক উদ্যোগ স্থাপনৰ বাবে বিধায়কজনে সকলো সহযোগিতা আগবঢ়াব আৰু ইয়াৰ বিনিময়ত প্ৰতিখন কয়লাৰ ট্ৰাকৰ বিপৰীতে বিধায়কজনৰ অনুগত বাহিনীক দিব লাগিব ২০ হাজাৰ টকাকৈ ৷ পত্ৰত উল্লেখ কৰা অনুসৰি সেই ২০ হাজাৰ টকা নিৰ্ধাৰণ কৰি দিছিল বিজেপি বিধায়ক ভাস্কৰ শৰ্মাই ৷

সেই অনুসৰিয়ে কলকাতাৰ ব্যৱসায়ী ঈশান জৈনে ভাস্কৰ শৰ্মাৰ সহযোগী প্ৰদীপ জৈনৰ সৈতে এটা কোম্পানী গঠন কৰে ৷ কোম্পানীটোৰ নাম 'ব্ৰাইটচাইন ক’ক এণ্ড ক’ল লিমিটেড’ ৷ কোম্পানীটোৰ সঞ্চালকৰূপে থাকিল ঈশান জৈন আৰু ভাস্কৰ শৰ্মাৰ সহযোগী প্ৰদীপ সিং ৷ তথ্য অনুসৰি এই কোম্পানীটোত ঈশান জৈনৰ ২ লাখ ৫০ হাজাৰটা শ্বেয়াৰ থকাৰ বিপৰীতে প্ৰদীপ সিঙৰ শ্বেয়াৰ আছিল মাত্ৰ ১ হাজাৰটা ৷

অৰ্থাৎ কোম্পানীৰ প্ৰায় সকলো বিনিয়োগ যে কলকাতাৰ ব্যৱসায়ী ঈশান জৈনে কৰিছিল সেয়া স্পষ্ট হৈ পৰে এই তথ্যৰ পৰা ৷ ২০২২ৰ আগষ্ট মাহত কোম্পানী গঠন কৰি কলকাতাৰ ব্যৱসায়ীগৰাকীয়ে উদ্যোগ স্থাপনৰ কামত নামি পৰে ৷ সেই মৰ্মে যোৱা ডিচেম্বৰ মাহত উদ্যোগ স্থাপনৰ কাম সম্পূৰ্ণ হৈ উঠে ৷ অভিযোগ অনুসৰি- উদ্যোগৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পাছতেই এইবাৰ ভাস্কৰ শৰ্মাৰ অনুগত দলটোৱে আৰম্ভ কৰে নিজৰ ৰূপ দেখুৱাবলৈ ৷

ভাস্কৰ শৰ্মাৰ সহযোগী প্ৰদীপ সিঙে গুণ্ডাবাহিনী লগাই সদল-বলে প্ৰৱেশ কৰে ঈশান জৈনে স্থাপন কৰা উদ্যোগত ৷ তাৰ পাছত ঈশান জৈনকে নিজৰ উদ্যোগৰ পৰা বাহিৰ কৰি দিয়ে আৰু কেতিয়াও সেই স্থানত প্ৰৱেশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে ৷ কেৱল সিমানতেই শেষ হোৱা নাছিল ভাস্কৰ শৰ্মা আৰু তেওঁৰ অনুগতসকলৰ হিন্দী চিনেমা নাইবা দক্ষিণৰ চিনেমাৰ কাহিনীৰ দৰে উদ্যোগ দখলৰ কাহিনী ৷

সাঙোৰ খাইছে অসম আৰক্ষীৰ নামো ৷ অভিযোগ অনুসৰি ২৪ জানুৱাৰীত মাৰ্ঘেৰিটা আৰক্ষীয়ে কলকাতাৰ ব্যৱসায়ী ঈশান জৈনক আটক কৰি থানালৈ আনে আৰু মাৰ্ঘেৰিটাৰ পৰা পলাই যাবলৈ সকীয়াই দি পিছদিনা মুকলি কৰি দিয়ে ৷ ধাৰাবাহিক ভাবুকি আৰু আৰক্ষীৰ অত্যাচাৰৰ পাছত ইশান জৈনে কোম্পানীটোৰ সঞ্চালকৰ পদেই ত্যাগ কৰিবলৈ বাধ্য হয় ৷ বিগত ১৫ জুনত ঈশান জৈনৰ স্থানত কোম্পানীৰ সঞ্চালক হিচাবে যোগদান কৰে তেওঁৰেই আত্মীয় মহেশ ভীমচাৰিয়াই ৷

কিন্তু ভাস্কৰ শৰ্মা আৰু তেওঁৰ অনুগত বাহিনীয়ে পূৰ্বৰ দৰেই ভয়-ভাবুকিৰে মহেশ ভীমচাৰিয়াকো উদ্যোগত প্ৰৱেশ কৰাৰ পৰা বিৰত ৰাখে ৷ এক অৰ্থত ভয়-ভাবুকিৰে কলকাতাৰ ব্যৱসায়ীয়ে স্থাপন কৰা উদ্যোগটো কাঢ়ি ল’লে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বাহিনীয়ে ৷ উপায়হীন হৈ কলকাতাৰ ব্যৱসায়ীগৰাকী আৰক্ষীৰ ওচৰ চাপিল যদিও আৰক্ষীয়ে আজিলৈকে গোচৰেই পঞ্জীয়ন নকৰিলে ৷ তাৰ পাছত উপায়ন্তৰ হৈ শেহতীয়াকৈ কলকাতাৰ ব্যৱসায়ীগৰাকীয়ে এই ঘটনাৰ সবিশেষ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি সহায় বিচাৰিছে ৷

ছিণ্ডিকেট বা ধনদাবী নহয়, শাসকীয় বিধায়কৰ নেতৃত্বত এটা উদ্যোগেই কাঢ়ি লোৱাৰ দৰে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে এইখন অসমত ৷ আনুষ্ঠানিকভাৱে পত্ৰ লিখি মুখ্যমন্ত্ৰীক অভিযোগ দিবলগীয়া পৰিস্থিতি হৈছেগৈ ৷ অসমৰ শাসনাধিষ্ঠিত বিজেপিৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে গুণ্ডাগিৰিৰে কাঢ়ি লোৱাৰ অভিযোগ উঠা ঘটনাই ৰাজ্যৰ উদ্যোগিক ক্ষেত্ৰখনলৈ বিনিয়োগৰ ক্ষেত্ৰত অশনি-সংকেত কঢ়িয়াই আনিছে ৷ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই পত্ৰই সমস্ত কলংকিত কাহিনী ফাদিল কৰাৰ পাছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক: Assam CM Wife Land controversy: আকৌ মাটি কিনিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে, কংগ্ৰেছৰ চৰকাৰ হ’লে হ’ব তদন্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.