গুৱাহাটী, ২৫ ছেপ্টেম্বৰ: এইবাৰ হাতত উদ্যত মাৰণাস্ত্ৰ লৈ অপৰাধীৰ বিৰুদ্ধে সাজু দিশপুৰৰ বিধায়ক অতুল বৰা ৷ দেহত খাকী পোচাক ৷ মূৰতো খাকী পাগুৰী ৷ এইবাৰ সিংঘমৰ ৰূপত আহি আছে দিশপুৰৰ বিধায়ক অতুল বৰা ৷ দুবছৰ আগেয়ে তেওঁৰ বিধায়ক আবাসত আনে আম পাৰি খোৱাৰ বাবে আৰক্ষীৰ কাষ চাপিছিল বিধায়ক অতুল বৰা ৷ এইবাৰ নিজেই আৰক্ষীৰ ৰূপ লৈছে বিজেপিৰ সততে চৰ্চাত থকা বিধায়ক অতুল বৰাই ৷
সামাজিক মাধ্যমত শেহতীয়াকৈ বিয়পি পৰিছে দিশপুৰৰ বিজেপি বিধায়ক অতুল বৰাৰ আৰক্ষীৰ বেশত থকা কেইখনমান ফটো ৷ ফটো কেইখনক লৈ ৰসাল কমেন্টেৰে ভৰি পৰিছে ফেচবুক । কোনোবাই যদি কৈছে "এইবাৰ শেনৰ এজাত, সিংঘম অতুল বৰা ৷" আন কোনোবাই কৈছে "আহি আছে IPS অতুল বৰা", আন এজনে আকৌ কৈছে "এতিয়া আম চোৰৰ আৰু ৰক্ষা নাই, কঁকালত পিষ্টল", "আম চোৰকেইটা কিন্তু ধৰিবই লাগিব এইবাৰ", "এইবাৰ আম ছিঙিলে গুলী মাৰিব অতুল দাই..." ।
![Police officer Atul Bora](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-09-2023/policeofficeratulbora_25092023151447_2509f_1695635087_186.jpg)
ইফালে কোনোবাই আকৌ বিধায়ক বৰাৰ নতুন ৰূপটোৰ লগত সাদৃশ্য পাইছে বলিউডৰ ভিলেইন শক্তি কাপুৰৰ ৷ কৈছে "মই শক্তি কাপুৰ বুলিহে ভাবিছিলো ৷" মুঠতে কমেণ্টৰ বৰষুণ ফেচবুকত ।
![Police officer Atul Bora](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-09-2023/policeofficeratulbora_25092023151447_2509f_1695635087_795.jpg)
আচলতে এখন নতুন অসমীয়া ছবিৰ বাবে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিছে বিধায়ক অতুল বৰাই ৷ "মাৰ কপালত তেজ" নামৰ নতুন ছবিখনত অভিনয় কৰিছে অতুল বৰাই ৷ ইতিমধ্যে ছবিখনৰ পোষ্টাৰো ৰিলিজ হৈছে ৷ ছবিখনৰ পৰিচালক এ কে ৰয়ৰ । ছবিখনত অতুল বৰাৰ লগতে হিৰণ্য দাস, মন্মথ বৰুৱা আদিয়ে অভিনয় কৰিছে ৷ ছবিখনৰ গীতত কণ্ঠ নিগৰাইছে জুবিন গাৰ্গে ৷ এতিয়া অপেক্ষা বিধায়ক অতুল বৰা অভিনীত ছবিখনৰ মুকলি হোৱালৈ ৷
![Police officer Atul Bora](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-09-2023/policeofficeratulbora_25092023151447_2509f_1695635087_145.jpg)
লগতে পঢ়ক: MLA Rupjyoti Kurmi: অম্বাসুৰৰ ৰূপত অৱতাৰ ধাৰণ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ