ETV Bharat / state

ক্ষমতা কৰ্তন হ’ব বিজেপিৰ সংখ্যালঘু নেতাৰ - ৰাজ্যত দ্বিতীয়বাৰ

বিজেপিয়ে আশানুৰূপ ফলাফল লাভ নকৰাৰ বাবেই এতিয়া যি সমূহ বুথত বিজেপিয়ে একেবাৰেই কমসংখ্যক ভোট লাভ কৰিছে সেই বুথৰ সকলো নেতাৰে ক্ষমতা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলে ।

ক্ষমতা কৰ্তন হ’ব বিজেপিৰ সংখ্যালঘু নেতাৰ

author img

By

Published : May 22, 2021, 9:29 PM IST

গুৱাহাটী, ২২ মে': ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিলে ঠিকেই কিন্তু বিজেপিয়ে আশানুৰূপ সহাৰি নাপালে সংখ্যালঘু ভোটদাতাৰ পৰা । নিৰ্বাচনৰ ঠিক আগৰে পৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক দেখা গৈছিল সংখ্যালঘু অধ্যুষিত সমষ্টি সমূহত বিশেষভাৱে তৎপৰ হৈ পৰা ।

তেওঁৰ সেই তৎপৰতাৰ অংশ হিচাপেই নিৰ্বাচনৰ পূৰ্বে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলত ভালেসংখ্যক সংখ্যালঘু নেতা, প্ৰাক্তন বিধায়ক আদিয়ে বিজেপিত যোগ দিছিল । বহুকেইজন সংখ্যালঘু নেতাক দলটোৱে ভিন ভিন পদবীও অৰ্পণ কৰিছিল ।

কিন্তু এতিয়া নিৰ্বাচনোত্তৰ চৰজমিন সমীক্ষাৰ অন্তত বিজেপিৰ ৰাজ্যিক নেতৃত্ব পতিয়ন গৈছে যে, কোনো এটা সমষ্টিতে সংখ্যালঘু ভোটদাতাৰ পৰা দলটোৱে আশা কৰা ধৰণে সঁহাৰি লাভ নকৰিলে । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সুত্ৰই প্ৰকাশ কৰিছে এই কথা ।

একেটা সুত্ৰই এই বুলিও প্ৰকাশ কৰিছে যে, বিজেপিয়ে এইদৰে আশানুৰূপ ফলাফল লাভ নকৰাৰ বাবেই এতিয়া যি সমূহ বুথত বিজেপিয়ে একেবাৰেই কমসংখ্যক ভোট লাভ কৰিছে সেই বুথৰ সকলো নেতাৰে ক্ষমতা কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলে ।

এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লবলৈ দলৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিৎ দাসে ৰাজ্যিক বিজেপিৰ এগৰাকী সাধাৰণ সম্পাদকক দায়িত্ব অৰ্পণ কৰিছে । মন কৰিবলগীয়া যে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চা ভংগ কৰা হৈছিল ।

লগতে পঢ়কঃ তেজপুৰ ঐতিহাসিক গণেশ মন্দিৰলৈ অশনি সংকেত বুঢ়া লুইতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.