গুৱাহাটী, ২৯ মে' : বিজেপিৰ শ্ৰুতলিপিত এ আই ইউ ডি এফ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই (Assam Trinamool Congress president Ripun Bora)। দেওবাৰে দলৰ গুৱাহাটীস্থিত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি সভাপতি বৰাই এই অভিযোগ উত্থাপন কৰে (TMC Assam Addressed a press conference) ।
এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে তৃণমূল কংগ্ৰেছ, আপ আৰু এ আই ইউ ডি এফে আগন্তুক দিনত মিত্ৰতা কৰি একত্ৰিত হৈ বিজেপিক প্ৰতিৰোধ কৰিব বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ইয়াক ষড়যন্ত্ৰমূলক আখ্যা দিয়ে ৰিপুন বৰাই । তেওঁ কয়, ‘‘আমিনুল ইছলামৰ এনে আহ্বান জনোৱাৰ কোনো নৈতিক অধিকাৰ নাই আৰু ইয়াক আমি প্ৰত্যক্ষভাৱে প্ৰত্যাখ্যান কৰিছো’’ ।
বিজেপি আৰু এ আই ইউ ডি এফ এটা পইচাৰে ইপিঠি-সিপিঠি বুলি উল্লেখ কৰি তেওঁ কয় যে এ আই ইউ ডি এফ বিজেপিৰ 'বি' টিম বুলি ইতিমধ্যেই প্ৰমাণ হৈছে । আমিনুল ইছলামে বিজেপিৰ শ্ৰুতলিপিত বিৰোধী মিত্ৰতাৰ কথা কৈছে বুলি সদৰি কৰি তেওঁ কয় যে, তৃণমূল বিজেপিৰ ফান্দত কেতিয়াও নপৰে ।
তেওঁ কয় যে, অসমৰ খিলঞ্জীয়া লোকৰ মাজত তৃণমূলৰ জনপ্ৰিয়তা লাহে লাহে বৃদ্ধি পোৱাত বিজেপি শংকিত হৈছে আৰু মূলসূঁতিৰ অসমীয়া মানুহে যাতে তৃণমূলক সমৰ্থন নকৰে তাৰ বাবে এ আই ইউ ডি এফৰ লেবেল লগাই দিয়াৰ প্ৰয়াস কৰিছে । বিগত ৰাজ্যসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ সাতজন বিধায়কে বিজেপিক ভোট দি পোনপটীয়াকৈ সহায় কৰিছিল বুলিও উল্লেখ কৰে বৰাই ।
লগতে পঢ়ক : Assam Cabinet Decision: অসম আন্দোলনৰ নিৰ্যাতিতলৈ আগবঢ়াব ২ লাখ টকাকৈ এককালীন সাহায্য
তেওঁ কয়, এ আই ইউ ডি এফৰ মিত্ৰতাৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই । নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ বাবে সংখ্যালঘু লোকক পণবন্দী কৰি বিজেপিক শক্তিশালী কৰাৰ লক্ষ্য হৈছে এ আই ইউ ডি এফৰ । বিৰোধী ঐক্য থানবান কৰাৰ বাবেই বিজেপিয়ে এ আই ইউ ডি এফক ব্যৱহাৰ কৰিছে বুলি তেওঁ অভিযোগ কৰে ।
কোনো কাৰণতে আৰু কেতিয়াও এ আই ইউ ডি এফৰ লগত তৃণমূলৰ বুজাবুজি নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে । আনহাতে, মন্ত্ৰী সঞ্জয় কিষাণক মুখ্যমন্ত্ৰীয়ে শ্ব'কজ কৰা ঘটনা সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এই সন্দৰ্ভত তেওঁ কয় যে, আলফা স্বাধীনৰ ওচৰত ক্ষমা খুজি পৰোক্ষভাৱে আলফা স্বাধীনত যোগদান কৰিবলৈ অসমৰ যুৱক-যুৱতী সকলক উচতনিমূলক মন্তব্য দিয়া মন্ত্ৰী সঞ্জয় কিষাণক শ্ব'কজ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে শনিবাৰেহে সাৰ পালে । বিগত এসপ্তাহ মুখ্যমন্ত্ৰী নীৰৱে আছিল ।
তেওঁ কয় যে, সামাজিক মাধ্যমত আলফাৰ প্ৰতি কোনোবাই অলপমান সহানুভূতি দেখুৱাই কিবা আপডেট দিলে গ্ৰেপ্তাৰ কৰি জেলত দিয়া হয় । তেনেস্থলত মন্ত্ৰী সঞ্জয় কিষাণে আলফাক ক্ষমা খুজি ডাঙৰ অপৰাধ কৰিছে । মন্ত্ৰীজনে সংবিধানক বিশ্বাসঘাটকতা কৰিছে । মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীজনক এই অপৰাধৰ বাবে কিয় বৰ্খাস্ত কৰা নাই বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।
তেওঁ কয় যে, আইন সকলোৰে বাবে একে আৰু মন্ত্ৰীজনক তেওঁৰ অপৰাধৰ বাবে জেললৈ প্ৰেৰণ কৰিব লাগে । সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত আছিল ।
লগতে পঢ়ক : জি এছ টিৰ পৰিমাণ বৃদ্ধিৰ পাছতো ঋণ লোৱা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে