ETV Bharat / state

2021 ত বিজেপিয়ে অসমত 100খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব : ৰাম মাধৱ - হিমন্ত বিশ্ব শৰ্মা

শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত কাৰ্যনির্বাহক সমিতিৰ প্ৰথমখন বৈঠক ৷ 2021 ত 100 খন আসন লৈ পুনৰ ক্ষমতালৈ অহাৰ অংগীকাৰ শাসকীয় দল বিজেপিৰ ৷ 2024 ,2029 চনতো দেশত কংগ্ৰেছ চৰকাৰ নাহে বুলি মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ ৷ নতুনকৈ নিৰ্বাচিত হোৱা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহকতেই একপ্ৰকাৰে নিৰ্বাচনৰ ৰণশিঙা বজালে শাসকীয় দল বিজেপিয়ে ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
author img

By

Published : Sep 4, 2020, 6:48 PM IST

গুৱাহাটী, 4আগষ্ট: "2021 ত বিজেপিয়ে অসমত 100খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব ৷ কেৱল অসমতেই নহয় এইবাৰ বিজেপিৰ দখললৈ যাব মমতা বেনাৰ্জীৰ পশ্চিম বংগ ৷ কংগ্ৰেছে ৰাজ্যতো বাদেই কেন্দ্ৰতো 2029 লৈকে চৰকাৰ গঠন কৰিব নোৱাৰে৷" এই গুৰুত্বপূৰ্ণ মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ ৷

শুকুৰবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ নৱ নিৰ্বাচিত কাৰ্যনির্বাহক সমিতিৰ বৈঠকত ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে এইবুলি মন্তব্য কৰে ৷ মা কামাখ্যাৰ আশীৰ্বাদ লৈ 2021 ত 100 খন আসন লৈ পুনৰ ক্ষমতালৈ অহাৰ অংগীকাৰ কৰি নতুনকৈ নিৰ্বাচিত হোৱা সমিতিখনৰ এই প্ৰথমখন কাৰ্যনিৰ্বাহকতেই একপ্ৰকাৰে নিৰ্বাচনৰ ৰণশিঙা বজালে শাসকীয় দল বিজেপিয়ে ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বৈঠকখন

বৈঠকত অংশ লৈ দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ মন্তব্য- “ বিজেপিৰ পুৰণি নেতাসকলৰ দলৰ প্ৰতি থকা ত্যাগ আৰু সংগঠনৰ বাবে কৰা কামৰ বাবে আজি দলে এনেকুৱা স্থান পাবলৈ সক্ষম হৈছে , তেওঁলোকক পাহৰি গ’লে নহ’ব, কিবা এটা পদ পালেই বুলিয়েই যে পাহৰি যাব তেওঁলোকক সেই কেতিয়াও গ্রহণযোগ্য নহয়৷ আমি নিৰ্বাচন খেলাৰ কাৰণে ২০১৬ চনত প্ৰাৰ্থী বিচাৰি পোৱা নাছিলোঁ৷ হিমন্তৰ নেতৃত্বত এটি বৃহৎ দলে আমাৰ দলত যোগদান কৰি শক্তি দিছিল, যাৰ বাবে আমি জয়ী হ’বলৈ সক্ষম হৈছিলো ৷ এইবাৰ আমি ১০০ আসনৰ বাবে একেলগে যুঁজিম ৷”

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰ মিত্ৰতা প্ৰসংগত মন্তব্য কৰি তেওঁ কয় যে, নিৰ্বাচনৰ আসনত অংকই কাম নকৰে বৰঞ্চ কেমিষ্ট্ৰিয়েহে কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক ত্ৰিমূৰ্তি আখ্যা দি কংগ্ৰেছ দলক বিদেশীৰ দল আখ্যা দিলে ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে ৷ 2024 ,2029 চনতো দেশত কংগ্ৰেছ চৰকাৰ নাহে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক সমালোচনা কৰি তেওঁ কয় যে, দলটোৰ নেতৃত্বই এতিয়া নেতা বিচাৰি ঘূৰি ফুৰিছে ৷

শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত কাৰ্যনির্বাহক সমিতিৰ প্ৰথমখন বৈঠক

ৰাজ্যিক বি জে পি ৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকখনত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰতিজন বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: দুৱাৰমুখত নিৰ্বাচন : তিনিখন নতুন আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.