গুৱাহাটী, ১৬ অক্টোবৰ: শাসনাধিষ্ঠিত দল বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ(BJYM) ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য(BJYM General Secretary Himangshu Shekhar Baishya) এক অপহৰণ-কাণ্ডৰ সৈতে সাঙোৰ খাই পৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতেই উক্ত অপহৰণ-কাণ্ডত জড়িত নহয় বুলি দাবী কৰিলে হিমাংশু শেখৰ বৈশ্যই ।
অপহৰণ কাণ্ডত নাম সাঙোৰ খাই (Kidnapping case in Guwahati)পৰা ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্যৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ পাছতেই যুৱ মৰ্চাৰ সাধাৰণ সম্পাদকৰ পদ এৰিব লগীয়া হ'ল তেওঁ । ইপিনে, এই অপহৰণ কাণ্ডত কোনো কাৰণত জড়িত নহয় বুলি দাবী কৰিছে হিমাংশু শেখৰে । সমগ্ৰ বিষয়ৰ আঁৰত ৰাজনৈতিক স্বাৰ্থ জড়িত থকাৰ অভিযোগ হিমাংশু শেখৰৰ ।
তেওঁ দেওবাৰে সংবাদ মাধ্যমৰ আগত কয়,"অপহৰণ কাণ্ডৰ সৈতে জড়িত নহয় মই । সময়ত ৰাজহুৱা কৰিম মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা ব্যক্তিৰ নাম ।" তেওঁ পুনৰ কয় যে এই ষড়যন্ত্ৰৰত এজন ব্যক্তি জড়িত হৈ আছে । ৰাজনৈতিক স্বাৰ্থৰ বাবে এই কাম কৰিছে বুলি তেওঁ মন্তব্য কৰে ।
উল্লেখ্য যে শাসনাধিষ্ঠিত দল বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ (বি জে ৱাই এম) ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য এটা অপহৰণ-কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । কয়লা ব্যৱসায়ী বিহাৰৰ অৰবিন্দ কুমাৰ প্ৰসাদক (Kidnapping of coal businessman in Guwahati) যোৱা ৮ অক্টোবৰত দুৰ্বৃত্তই পিষ্টল দেখুৱাই অপহৰণ কৰিছিল । ইয়াৰ পিছতেই অপহৰণকাৰীয়ে অৰবিন্দ কুমাৰৰ পৰিয়ালক দুই কোটি টকাৰ মুক্তিপণ দাবী কৰিছিল ৷
পিছত প্ৰসাদৰ পিতৃ ভৰত প্ৰসাদৰ এজাহাৰৰ ভিত্তিত গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৪,৩৪৩ আৰু ৩৬৫ ধাৰাৰ অধীনত ৯০৪/২০২২ নম্বৰত গোচৰ পঞ্জীয়ন কৰে ৷ অপহৰণকাৰীয়ে ধন দাবী কৰা মোবাইল নম্বৰ ট্ৰেক কৰি আৰক্ষীয়ে অভিযান চলাই কাহিলীপাৰাৰ পৰা ব্যৱসায়ী অৰবিন্দ কুমাৰ প্ৰসাদক উদ্ধাৰ কৰাৰ লগতে প্ৰিন্স প্ৰাঞ্জল ওৰফে প্ৰাঞ্জল দাসক গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক:Jatiya Yuva Shakti: মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বাবেই গ্ৰেপ্তাৰ হোৱা নাই নেকি হিমাংশু শেখৰ বৈশ্য ?