গুৱাহাটী,20আগষ্টঃ মহানগৰীৰ গড়কাপ্তানী প্ৰশিক্ষণ কেন্দ্ৰত বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ সংবাদমেল । কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে সংবাদ মেলত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইঃ
- "সদস্য ভৰ্তিৰ অভিযানত অসমে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে"
- "১৫ লাখৰ টাৰ্গেট লৈ ২০ লাখত ভৰি দিলে অসম প্ৰদেশ বিজেপিয়ে"
- "সদস্য ভৰ্তিৰ অভিযানে অসমত আগন্তুক নিৰ্বাচন সমূহত বিজেপিৰ আসন বঢ়াব"
- "অসম প্ৰদেশ বিজেপিৰ তিনি মাহৰ ভিতৰত সাংগঠনিক নিৰ্বাচন হ'ব"
- "বিজেপিত লোকতন্ত্ৰ আছে"
- "মণ্ডল সভাপতি ৰাষ্ট্ৰীয় সভাপতি হ'ব পৰা একমাত্ৰ দলেই হ'ল বিজেপি"
- "জন্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ হোৱাৰ পিছত কোনো অঘটন হোৱা নাই"
- "কিন্তু কিছুমানে ভুৱা প্ৰচাৰ চলাইছে"
- "এতিয়া জন্মু-কাশ্মীৰৰ বিকাশ হ'ব"
- "সদস্য ভৰ্তিৰ অভিযানৰ লগতে বিজেপিয়ে দেশজুৰি বৃক্ষৰোপনৰো অভিযান চলাইছে"