ETV Bharat / state

Bhabesh Kalita: অস্ত্ৰ প্ৰশিক্ষণ লোৱা বজৰং দলৰ সৈতে সম্পৰ্ক নস্যাৎ ভৱেশ কলিতাৰ - Bhupen Borah

মঙলদৈত প্ৰশিক্ষণ লোৱা বজৰং দলৰ সৈতে কোনো সম্পৰ্ক নাই বিজেপিৰ ৷ এই স্পষ্টীকৰণ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ ভূপেন বৰাই ভোটৰ বাবে সংস্কৃতিক আঘাত কৰিছে ৷

Bhabesh Kalita
Bhabesh Kalita
author img

By

Published : Aug 1, 2023, 3:26 PM IST

অস্ত্ৰ প্ৰশিক্ষণ লোৱা বজৰং দলৰ সৈতে সম্পৰ্ক নস্যাৎ ভৱেশ কলিতাৰ

গুৱাহাটী, ১ আগষ্ট: বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত হয় বিজেপিৰ IT CONVENERS সকলৰ এক গুৰুত্বপূৰ্ণ সভা । সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে বিজেপিৰ নেতৃবৃন্দ ৷ লগতে সভাত অংশ লৈছে প্ৰতিখন জিলাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা আহ্বায়কসকলে ৷

আজিৰে পৰা প্ৰতি মঙলবাৰে ঘোষা অথবা প্ৰাৰ্থনা পৰিৱেশন কৰি কাৰ্যালয়ৰ কাম কাজ আৰম্ভ কৰা হ’ব । সভাৰ অন্তত সভাপতি ভৱেশ কলিতাই কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগ কলিতাই কয় যে ২০২৪ ক লৈ আমাৰ ৰণকৌশল সম্পূৰ্ণ হৈছে । সকলো স্তৰত আমি সাংগঠনিক ভেটি শক্তিশালী কৰিছোঁ । সকলো আঁচনি আমি একেবাৰে ভিতৰুৱা স্তৰলৈ লৈ গৈছোঁ । আনহাতে বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভত মন্তব্য আগবঢ়াই কয় যে এই বজৰং দলটো ৰাষ্ট্ৰীয় বজৰং দল । আমাৰ লগত ইয়াৰ সম্পৰ্ক নাই ।

লগতে তেওঁ কয়, ‘‘এই বজৰং দল বিশ্ব হিন্দু পৰিষদৰ দলটো নহয় ।’’ তেওঁলোকে কি কৰি আছে আমি নাজানো বুলিও মন্তব্য কৰে ভৱেশ কলিতাই ৷

লগতে ভূপেন বৰা সন্দৰ্ভতো মন্তব্য আগবঢ়াই সভাপতি ভৱেশ কলিতাই । তেওঁ কয় যে নামঘৰত সেৱা কৰিলেই মুক্তি নাপাব ভূপেন বৰাই । তেখেতে আমাৰ সভ্যতা সংস্কৃতিক অপমান কৰিছে । ভোটৰ বাবে সংস্কৃতিক আঘাত কৰিছে । কৃষ্ণক লাভ জিহাদৰ লগত তুলনা কৰি অপমান কৰিছে । মুখেৰে শাস্ত্ৰৰ কথা কোৱা নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে ভূপেন বৰাই ।

লগতে ছিণ্ডিকেট প্ৰসংগতো মন্তব্য আগবঢ়াই কয় যে মোৰ সমষ্টিৰ ৰাস্তা মই বনামেই । চৰকাৰী নিয়ম মতে যি কৰিব লাগে তাকে কৰিছোঁ । মোৰ ভোট আছে, মোৰ সমষ্টিত । তাত মই অনাধিকাৰ প্ৰৱেশ কৰা নাই‌ । নজনা নুশুনাকৈ সকলোৱে কথাবোৰ প্ৰচাৰ কৰি আছে ।

আনহাতে বিধায়ক অতুল বৰাৰ মন্তব্যৰ উত্তৰত কয় যে দিছপুৰৰ বিধায়ক অতুল বৰাৰ পৰা মই চাৰ্টিফিকেট বিচৰা নাই । দল ধংস কৰিছোনে কি কৰিছোঁ সকলোৱে দেখিছে । তেখেতে সাংবাদিকে সুধিছে বাবেই তেনেকৈ কৈছে ।

লগতে পঢ়ক: Bajrang Dal Arms trainning: মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.