ETV Bharat / state

বিজেপি চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ: জাতীয় যুৱ বাহিনী - Jatiya Yuva Bahini

বিজেপি চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ ৷ প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বিজেপি চৰকাৰে ৷ বুধবাৰে এক সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ সদস্যই (Jatiya Yuva Bahini press conference in Guwahati) ৷

Jatiya Yuva Bahini press conference in Guwahati
বিজেপি চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ : জাতীয় যুৱ বাহিনী
author img

By

Published : Jul 6, 2022, 9:09 PM IST

গুৱাহাটী, 6 জুলাই : ‘‘অসমৰ সকলো সমস্যা 2024 ভিতৰত সমাধান কৰিব’’ - গৃহমন্ত্ৰী আমিত শ্বাহৰ এই মন্তব্যৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ বুধবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সাংবাদমেল সম্বোধন ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ নেতৃবৃন্দয়ো ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া (Jatiya Yuva Bahini press conference in Guwahati)।

‘‘বিজেপি চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ । বিদেশৰ পৰা কলা ধন ঘূৰাই আনি 15 লাখ কৈ টকা প্ৰতিজন ভাৰতীয়ৰ একাউন্টত ভৰাই দিম কৈছিল যদিও আজিলৈ সেই কথা সম্ভৱ হৈ নুঠিল । মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰতো সম্পূৰ্ণ বিফল হৈছে বিজেপি চৰকাৰ (Price hike in Assam)৷ ফলত ৰন্ধন গেছৰ মূল্য আকৌ বৃদ্ধি হ’ল’’ । সংবাদ মেলযোগে এই কথা সদৰি কৰে জাতীয় যুৱ বাহিনীৰ সদস্যসকলে ৷

বিজেপি চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ : জাতীয় যুৱ বাহিনী

লগতে তেওঁলোকে কয় যে, বিদেশী সমস্যা সমাধনৰ ক্ষেত্ৰতো সম্পূৰ্ণ বিফল চৰকাৰ । বাংলাদেশ সীমান্তত এতিয়াও বহু স্থান উন্মুক্ত অৱস্থাতে আছে । ৰাজ্যৰ জ্বলন্ত সমস্যা বিশেষকৈ বান সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে । আনকি ব্ৰহ্মপুত্ৰ খনন আৰু এক্সপ্ৰেছ হাইৱে বনাব বুলি কৈছিল, কিন্তু সেয়াও বৰ্তমানলৈ হৈ উঠা নাই ৷

‘‘বান সাহায্যৰ নামত 600 গ্ৰাম চাউল, 100 গ্ৰাম ডাইল আৰু 30 মিলিলিটাৰ মিঠাতেল দি দায়িত্ব সামৰিছে চৰকাৰে । আনকি প্ৰদূষণ নিয়ন্ত্ৰণতো সম্পূৰ্ণ ব্যৰ্থ এই চৰকাৰ’’ । সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ সদস্যসকলে ৷

লগতে পঢ়ক : চি আই ডিৰ প্ৰতিবেদনে উদঙালে জনপ্ৰিয় আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ মিথ্যাচাৰ

লগতে কয়, ‘‘2020 বর্ষত অপৰাধজনীত ঘটনা সংঘটিত হৈছিল এক লাখ একৈশ হাজাৰ ছশ নটা । দুৰ্নীতি ৰোধ কৰিব পৰা নাই চৰকাৰে ৷ ভাৰতবৰ্ষৰ ভিতৰত দুৰ্নীতিৰ স্থানত অসম দ্বিতীয় । ছয় জনগোষ্ঠীৰ কাৰণে এখন বিধেয়ক আনিছিল ৷ কিন্তু বিধেয়কখন ক’ত পৰি আছে, কোনেও নাজানে’’ ৷

আৰু কয়, ‘‘উগ্ৰপন্থী সমস্যাৰ সমাধান কৰিব যে আমি কোনো আশা দেখা নাই । 2024 ৰ ভিতৰত মথাউৰি নিৰ্মাণৰ বাবে এটা মিছন পদ্ধতি অৱলম্বন কৰাৰ আহ্বান’’ । কৃতি কমল বৰা সন্দৰ্ভত (Fake encounter in Nagaon) প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ সদস্যই কয়, ‘‘ভুৱা এনকাউন্টাৰ ভিতৰত নাম কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী ভুৱা এনউণ্টাৰ কালি জল-জল, পট-পট হ’ল ৷ সংখ্যালঘু আৰু ট্ৰাইবেল লোকসকল সৰ্বাধিক এনকাউণ্টাৰৰ বলি হৈছে । অভিযুক্ত যদি গাড়ীৰ পৰা পলাই যায় ৷ তেন্তে সম্পূৰ্ণ ৰূপে ব্যৰ্থ অসম পুলিচ তথা গৃহ বিভাগ । অভিযুক্ত প্ৰদীপ বণিয়াক ৰক্ষনা বেক্ষণ দিয়াৰ নাটক । আনন্দ মিশ্ৰ আৰু আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কি পদক্ষেপ ল’ব গৃহমন্ত্ৰীয়ে সেয়া লক্ষণীয় হ’ব’’ ।

লগতে জাতীয় যুৱ বাহিনীৰ সদস্যই কয়, ‘‘SIP গঠন হ’ব লাগে ৷ হাইকোৰ্টৰ এজন ন্যায়াধীশ দ্বাৰা হ’ব লাগে তদণ্ড । কৃতি কমল বৰাক আৰক্ষীৰ ফালৰ পৰা এটা সন্মান দিব লাগে ৷ অতি শীঘ্ৰেই এটা চৰকাৰী চাকৰি দিব লাগে’’ ৷ আনকি ‘‘হয় হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, নহয় তেওঁ শুধৰণি কৰক’’ বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে জাতীয় যুৱ বাহিনীৰ সদস্যই ৷

মণিপুৰৰ প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি জাতীয় যুৱ বাহিনীৰ সদস্যই কয়, অসমৰ 23 জন শ্ৰমিক বর্তমানলৈ নিখোজ । এতিয়ালৈ ঘটনাস্থলীত এজনো কেন্দ্ৰীয় মন্ত্ৰী, ৰে’ল মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী উপস্থিত হোৱা পৰিলক্ষিত হোৱা নাই’’ । লগতে প্ৰতিজন শ্ৰমিকৰ পৰিয়ালক 50 লাখ টকা দিয়াৰ আহ্বান ৰাইজৰ দলৰ জাতীয় যুৱ বাহিনীৰ সদস্যই ৷

লগতে পঢ়ক : দোষমুক্ত হৈ কি ক’লে ভুৱা এনকাউন্টাৰৰ ভুক্তভোগী কীৰ্তিকমল বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.