গুৱাহাটী, ৫ ছেপ্টেম্বৰ: ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্রীয় সংসদীয় ব'ৰ্ড (BJPs Central Parliamentary Board ) আৰু কেন্দ্ৰীয় নির্বাচনী সমিতিত (Central Election Committee of BJP)উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে স্থান লাভ কৰা সৰ্বানন্দ সোণোৱালক সোমবাৰে মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত উষ্ম অভিনন্দন (Warm congratulations to Sarbananda Sonowal) জ্ঞাপন কৰে বিজেপিৰ ৰাজ্য়িক সমিতিয়ে । উক্ত অভিনন্দন অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সোণোৱালক সম্বর্ধনা জনায় মুখ্যমন্ত্রী ড৹হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু কাৰ্যকর্তাসকলে ।
![Warm congratulations to Sarbananda Sonowal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16291226_930_16291226_1662383730540.png)
বিজেপিৰ নেতা-কৰ্মীৰে মুখৰিত হৈ পৰা এই অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে (BJPs felicitation programme in Guwahati) । অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (BJPs State President Bhavesh Kalita)কয়,‘‘বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ সর্বোচ্চ নীতি-নিৰ্ধাৰণকাৰী সমিতিত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী অসম সন্তান অন্তর্ভুক্ত হোৱাটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ অতিকৈ গৌৰৱ আৰু আনন্দৰ বতৰা । এয়া বিজেপিৰ উত্তৰ-পূবৰ প্ৰতি থকা আন্তৰিকতা আৰু সদিচ্ছাৰ এক অনন্য প্রতিফলন’’ ৷
![Warm congratulations to Sarbananda Sonowal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-bjpprogram-7210645_05092022183914_0509f_1662383354_868.jpg)
তেওঁ পুনৰ কয় যে, ২০১১ চনত বিজেপিত যোগদান কৰাৰ পৰাই সৰ্বানন্দ সোণোৱাল দলৰ উত্তৰণৰ স্বাৰ্থত নিজকে উৎসর্গিত কৰি আহিছে । বৰ্ণিল জীৱন পৰিক্ৰমাৰ অভিজ্ঞতাৰে পুষ্ট সোণোৱালৰ সবল নেতৃত্বতে অসমত প্ৰথমখন বিজেপি চৰকাৰ গঠন হৈছিল আৰু অসমত বিজেপিৰ প্ৰথমটো কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ দূৰদৰ্শী নেতৃত্বৰে উন্নয়নৰ নতুন দিগন্তৰ সূচনা কৰিছিল । সভাপতি কলিতাই কয়, ‘‘তেওঁৰ দৰে ৰাষ্ট্ৰ আৰু দলৰ প্ৰতি সমর্পিত এগৰাকী জ্যেষ্ঠ নেতাক বিজেপিৰ সৰ্বোচ্চ কর্ণধাৰ সমিতিত অন্তৰ্ভুক্ত কৰাত আমি বিজেপি অসম পৰিয়ালৰ প্ৰতিজন কার্যকর্তাই সুখানুভূতি আৰু অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ’’ ।
উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি শেষত এই ভাবনাই বিজেপিৰ মূল্যবোধক শক্তিশালী আৰু আন দলতকৈ পৃথক কৰি ৰাখিছে । এনে এটা আদর্শবান দলত মোৰ দৰে এই অভাজনে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰি ধন্য মানিছোঁ । আমাৰ দলৰ শীর্ষ নেতৃত্বই মোক দিয়া প্ৰতিটো দায়িত্ব সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে পালন কৰি যাবলৈ মই প্রতিজ্ঞাবদ্ধ’’ ।
![Warm congratulations to Sarbananda Sonowal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-bjpprogram-7210645_05092022183914_0509f_1662383354_155.jpg)
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে লগতে কয়, ‘‘আমি দলৰ বাবে, দল দেশৰ বাবে । আমাৰ দেশক শক্তিশালী কৰাৰ স্বাৰ্থত প্রতিজন কার্যকর্তাই ব্যক্তিস্বার্থ পৰিহাৰ কৰি ঐক্যবদ্ধ প্রচেষ্টাৰে দলৰ বিস্তাৰৰ কামত আত্মনিয়োগ কৰি যাব লাগিব । বিজেপিৰ মজিয়াত কাম কৰি যাবলৈ প্ৰতিজন ব্যক্তিয়ে মন ফৰকাল কৰি আগবাঢ়ি যাব লাগিব, ইয়াত কেতিয়াও ব্যক্তিস্বার্থ থাকিব নালাগিব’’ । তেওঁ কয় যে, বিজেপি চৰকাৰৰ দিনতে এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতিৰ গতি অগ্ৰগ্ৰামী আৰু ক্ষীপ্ৰতৰ হৈছে ।
উক্ত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Dr Himanta Biswa Sarma) কয় যে, সর্বানন্দ সোণোৱালক বিজেপিৰ সৰ্বোচ্চ সমিতিত স্থান দিয়াৰ ঐতিহাসিক সিদ্ধান্তত আজি উত্তৰ-পূৱবাসী অতিকৈ আপ্লুত আৰু আনন্দিত । এয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি যঁচা এক বিৰল সন্মান । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, সর্বানন্দ সোণোৱালৰ সততা, কর্ম-কুশলতা আৰু ত্যাগে তেওঁৰ ব্যক্তিত্বক প্রতিনিধিত্ব কৰে । দলৰ প্ৰতি তেওঁ আগবঢ়োৱা একনিষ্ঠ সেৱাই প্ৰতিজন কার্যকর্তাক উদ্বুদ্ধ কৰিব ।
![Warm congratulations to Sarbananda Sonowal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-bjpprogram-7210645_05092022183914_0509f_1662383354_906.jpg)
এই অনুষ্ঠানটোত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰিমল শুক্লবৈদ্য, ডাঃ ৰণোজ পেগু, ৰণজিৎ কুমাৰ দাস আদি কৰি দলৰ জ্যেষ্ঠ নেতা ৰমেন ডেকা, ৰাজেন গোহাঁই, সাংসদ হৰেন সিং বে', ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, দলৰ ৰাজ্যিক উপ-সভাপতি, সাধাৰণ সম্পাদক, সম্পাদকসকল প্ৰমুখ্যে মন্ত্রী, সাংসদ, বিধায়ক আৰু দলীয় বিষয়ববীয়া তথা কার্যকর্তাসকল উপস্থিত থাকে ।
লগতে পঢ়ক:গাভৰু চাপৰিত কৃষি বিপ্লৱৰ সূচনা কৃষি মন্ত্ৰী অতুল বৰাৰ