ETV Bharat / state

ডিমা হাছাওৰ ১৬ জনকৈ নেতাক দলৰ পৰা বহিষ্কাৰ বিজেপিৰ

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 10:42 PM IST

দলীয় প্ৰাৰ্থীৰ বিপৰীতে নিৰ্দলীয় ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ডিমা হাছাওৰ ১৬ জনকৈ কৰ্মকৰ্তাক দলৰ পৰা বহিষ্কাৰ । ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিত সৃষ্টি হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ মাজতে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এক নিৰ্দেশনাৰ জৰিয়তে ১৬ জন কৰ্মকৰ্তাক দলৰ পৰা কৰিছে বহিষ্কাৰ ।

Dima Hasao BJP
BJP leaders expel

গুৱাহাটী, ২৭ ডিচেম্বৰ: দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছে ১৬ জনকৈ কৰ্মকৰ্তাক । দলীয় প্ৰাৰ্থিত্বৰ বিপৰীতে নিৰ্দলীয় ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে ডিমা হাছাওৰ ১৬ জনকৈ কৰ্মকৰ্তাক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে । ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিত সৃষ্টি হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ মাজতে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এক নিৰ্দেশনাৰ জৰিয়তে ১৬ জন লোকক দলৰ পৰা বহিষ্কাৰ কৰিছে ।

NC Hills election news
ডিমা হাছাওৰ ১৬ জনকৈ নেতাক দলৰ পৰা বহিষ্কাৰ বিজেপিৰ

উল্লেখ্য যে এই ১৬ গৰাকী কৰ্মকৰ্তাই দলীয় টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে । যাৰ বাবে তেওঁলোকক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে । বহিষ্কাৰ হোৱা এই কৰ্মকৰ্তা তথা নেতাসকলৰ ভিতৰত কেইবাজনো প্ৰাক্তন ই এম আৰু বিজেপিৰ যুৱ মৰ্চাৰ নেতাও আছে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত বহিষ্কাৰ হোৱা নেতাসকল হৈছে ক্ৰমে:

  1. জাতিংগা সমষ্টিৰ লামমেথিয়েম টিউল
  2. মাহুৰ সমষ্টিৰ ৰাহুল নাইডিং
  3. চিলভিয়াছ এল খজুল
  4. হাংৰুম সমষ্টিৰ পি বি নেওমে
  5. লাইচন সমষ্টিৰ পি জেমি
  6. কালাছান্দ সমষ্টিৰ প্ৰণেন হাফলংবাৰ
  7. ৱাজাও সমষ্টিৰ পুনুছ নুনিছা
  8. হাতীখালী সমষ্টিৰ বিমল হোজাই
  9. হাতীখালী সমষ্টিৰ হেমন্ত কেম্প্ৰাই
  10. গৰমপানী সমষ্টিৰ জয়ছিং দুৰং
  11. গৰমপানী সমষ্টিৰ দৰমেন ইংহি
  12. দিহামালাই সমষ্টিৰ আৰ জেমি
  13. ল'ৱাৰ খাৰ্টঙৰ লালৰপুই মাৰ
  14. ২৬ নং দলং সমষ্টিৰ এছ ৰাংখ'ল
  15. দিগেৰ সমষ্টিৰ জয়দেশ ফংলো
  16. চেমখৰ সমষ্টিৰ হেৰজিৎ জিদুং

উল্লেখ্য যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে । ৰাজ্যিক সভাপতি ভবেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেইবাজনো বিধায়ক আৰু দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ অংশ গ্ৰহণেৰে এই প্ৰচাৰ অভিযানৰ কাৰ্যসূচী শক্তিশালী কৰি জনসাধাৰণৰ সমৰ্থনৰ হকে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই কয় যে ইতিমধ্যে বিজেপিয়ে উত্তৰ-কাছাৰ স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত ছখনকৈ আসনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈ পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ সমৰ্থনৰ আনুষ্ঠানিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে । আন ২২ টা পৰিষদীয় সমষ্টিতো বিজেপিৰ প্ৰাৰ্থীসকলে বিজয় লাভ কৰাটো নিশ্চিত বুলি তেওঁ কয় ।

আনহাতে উত্তৰ-কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ দৰে এক গুৰুত্বপূৰ্ণপৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট অস্তিত্বহীন বুলি সদৰী কৰি তেওঁ কয় যে যি সময়ত বিজেপিৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই এই স্বায়ত্তপৰিষদৰ নিৰ্বাচনত দলৰ সমৰ্থনত শক্তিশালীভাৱে আত্মনিয়োগ কৰিছে তেনে বিৰোধী ঐক্য মঞ্চই এই নিৰ্বাচনত অংশ গ্ৰহণ কৰাৰ বিপৰীতে চাপৰত সভা অনুষ্ঠিত কৰি বিজেপিৰ বিৰোধিতাৰ নামত বিভ্ৰান্তি সৃষ্টিৰে প্ৰকৃতাৰ্থত ৰাজনৈতিক পৃষ্ঠভংগ দিয়াটোকেই প্ৰতিপন্ন কৰিছে ।

লগতে পঢ়ক: প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত নিৰ্মূলৰ উদ্দেশ্যে চিৰাঙত বিৰোধী ঐক্য মঞ্চৰ বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.