ETV Bharat / state

বিজেপিৰ নিজৰ নেতা নাই বাবেই আনৰ পৰা নিবলগীয়া হৈছে নেকি ? - কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্র

কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কোৱা বিজেপি আজি নিজেই বিজেপি মুক্ত হৈ পৰিছে । বিজেপিয়ে যিমানেই কষ্ট নকৰক কিয় কংগ্ৰেছৰ নেতাকেই শিৰত বহুৱাব লাগে । এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্র তথা সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰোহণ গুপ্তাৰ ।

bjp-doesnt-have-their-own-leader-in-assam-says-congress-national-spokesperson-rohan-gupta
বিজেপিৰ নিজৰ নেতা নাই বাবেই আনৰ পৰা নিবলগীয়া হৈছে নেকি ?
author img

By

Published : Oct 21, 2021, 10:29 PM IST

গুৱাহাটী, 21 অক্টোবৰ : কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কোৱা বিজেপি আজি নিজেই বিজেপি মুক্ত হৈ পৰিছে । বিজেপিয়ে যিমানেই কষ্ট নকৰক কিয় কংগ্ৰেছৰ নেতাকেই শিৰত বহুৱাব লাগে । এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্র তথা সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰোহণ গুপ্তাৰ । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয়-' অসমত বিজেপি ক'ত আছে। কংগ্ৰেছৰ নেতাৰেই বিজেপি চলি আছে , এইয়াই বিজেপিৰ অৱস্থা ।'

বিজেপিক গঢ় দিয়া সকল আজি অস্তিত্বহীন । তেওঁলোকৰ নিজৰ নেতা নাই বাবেই আনৰ পৰা নিবলগীয়া হৈছে। এনেদৰে দীঘলীয়া ৰাজনীতি চলিব নোৱাৰে । আমাৰ দলত আমাৰ কাৰ্যকৰ্তাক গুৰুত্ব দিয়া হয় । উপ নিৰ্ব‍াচন সন্দৰ্ভত তেওঁ কয়- '' অসমত উপ নিৰ্বাচন জাপি দিয়া হৈছে । অসমৰ ৰাইজে উপলব্ধি কৰিছে যে এইখন চৰকাৰে ৰাইজৰ বিৰুদ্ধে কাম কৰিছে । জনতাৰ ৰায়ক তেওঁলোকে অপমান কৰিছে । অসমৰ ৰাইজে ইয়াৰ উচিত উত্তৰ দিব । উপ নিৰ্বাচনত কংগ্ৰেছৰ ভাল ফলাফল হ'ব । '

বিজেপিৰ নিজৰ নেতা নাই বাবেই আনৰ পৰা নিবলগীয়া হৈছে নেকি ?

তেওঁ লগতে কয়-' বিভাজনৰ ৰাজনীতি বিজেপিৰ মূল এজেণ্ডা । মূল্যবৃদ্ধিৰ কথা ক'লে তেওঁলোকৰ কোনো উত্তৰ নিদিয়ে । বৰং অদ্ভুত কথা কয় । বিজেপিৰ ৰাজ্যিক সভাপতিয়ে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত দুশ টকা হ'লে দুচকীয়া বাহনত তিনিজন উঠাৰ অনুমতি দিয়াৰ কথা কৈছে । তেওঁলোকে জানে তেওঁলোকৰ শাসনত পেট্ৰ'লৰ মূল্য ২০০ টকা হ'ব । তেওঁলোক ৰাইজৰ অভাৱ-অভিযোগ তথা সমস্যাক লৈ অলপো ছিৰিয়াছ নহয় । ''

লগতে পঢ়ক : মূল্যবৃদ্ধিয়ে উত্তাল কৰিছে ৰাজ্যৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.